25/07/2026
অ’ৰা (উৰ্জা )আৰু নিউৰ’চাইন্স
----নিৰ্মালি শইকীয়া।
আমি কেতিয়াবা লক্ষ্য কৰিলে দেখা পাওঁ —কিছুমান মানুহ কোঠাত সোমোৱাৰ লগে লগে সকলোৰে দৃষ্টি তেওঁলোকৰ ফালে ঘূৰি যায়, তেওঁলোকে একো বিশেষ নক’লেও, তেওঁলোকৰ উপস্থিতিয়েই যেন এক শক্তিশালী অনুভূতি সৃষ্টি কৰে। এই অনুভূতিকেই আমি বহুতে “অ’ৰা” বা “উৰ্জা” বুলি কওঁ।
আধুনিক নিউৰ’ছায়েন্সৰ মতে, এই উৰ্জা কোনো অলৌকিক শক্তি নহয়; ই হৈছে আপোনাৰ ,মোৰ মগজু তথা মন আৰু আচৰণৰ এক প্ৰতিফলন।
যেতিয়া আত্মবিশ্বাসেৰে খোজ কাঢ়ে, সঁচা কথা কয়, হাঁহে, আনক সন্মান কৰে আৰু নিজৰ লক্ষ্যত অটল থাকে, তেতিয়া আপোনাৰ/আমাৰ মগজুৱে ড’পামিন, চেৰ’ট’নিন আৰু অক্সিট’চিনৰ দৰে ইতিবাচক ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে। এইবোৰেই আপোনাৰ কণ্ঠস্বৰক দৃঢ়, চকুক উজ্জ্বল, মুখমণ্ডলক প্ৰশান্ত আৰু ব্যক্তিত্বক আকৰ্ষণীয় কৰি তোলে।
কিন্তু তাৰ বিপৰীতে যেতিয়া ভয়, হতাশা, অসত্য, ঈৰ্ষা বা আত্মসন্দেহে মন ভৰাই তোলে, তেতিয়া মগজুৱে কৰ্টিছলৰ দৰে চাপ-সৃষ্টিকাৰী হৰম’ন উৎপন্ন কৰে। ফলত আমাৰ শক্তি কমি যায়, আত্মবিশ্বাস দুৰ্বল হয়, আৰু সেই উজ্জ্বল অ’ৰাও ম্লান হৈ পৰে।
মনত ৰাখিব লগা কথা এটাই যে—
অ’ৰা মুখত সৃষ্টি নহয়, মনতহে সৃষ্টি হয়।
উৰ্জা সাজ-পোছাকত নাথাকে, চৰিত্ৰত থাকে।
আৰু ব্যক্তিত্ব জন্মগত নহয়, ই প্ৰতিদিনৰ অভ্যাসৰ ফলশ্ৰুতিত গঢ় লৈ উঠে।
সেয়েহে, যদি আমি পৃথিৱীখনক সলনি কৰিব বিচাৰোঁ, প্ৰথমে নিজৰ মগজু, নিজৰ চিন্তা আৰু নিজৰ আচৰণ সলনি কৰিব লাগিব। কাৰণ সকলোতকৈ শক্তিশালী অ’ৰা সেইজনৰেই, যিজনে নিজৰ মনক জয় কৰিব পাৰিছে।