Midland Hospital, Sreenagar Path,Opposite state Zoo, Guwahati-05

  • Home
  • India
  • Guwahati
  • Midland Hospital, Sreenagar Path,Opposite state Zoo, Guwahati-05

Midland Hospital, Sreenagar Path,Opposite state Zoo, Guwahati-05 Midland Hospital,Opposite State Zoo, Guwahati has been providing excellent services to all department

✍🏻✍🏻✍🏻পাকস্থলীৰ কেঞ্চাৰ (Stomach Cancer বা Gastric Cancer) হ’ল এবিধ মাৰাত্মক ৰোগ যিটো পাকস্থলীৰ ভিতৰৰ কোষবোৰত আৰম্ভ হয়।...
16/03/2026

✍🏻✍🏻✍🏻
পাকস্থলীৰ কেঞ্চাৰ (Stomach Cancer বা Gastric Cancer) হ’ল এবিধ মাৰাত্মক ৰোগ যিটো পাকস্থলীৰ ভিতৰৰ কোষবোৰত আৰম্ভ হয়।এই ৰোগটো আৰম্ভণিতে ধৰা পৰিলে সম্পূৰ্ণৰূপে নিৰাময় কৰা সম্ভৱ,কিন্তু প্ৰাথমিক অৱস্থাত ইয়াৰ লক্ষণবোৰ অতি সামান্য হোৱা বাবে বহু ক্ষেত্ৰত ইয়াক সাধাৰণ গেষ্ট্ৰিকৰ সমস্যা বুলি ভুল কৰা হয়।
পাকস্থলীৰ কেঞ্চাৰৰ প্ৰধান লক্ষণ আৰু চিকিৎসাৰ বিতং তথ্য তলত আগবঢ়োৱা হ’লঃ-

⏩️পাকস্থলীৰ কেঞ্চাৰৰ লক্ষণসমূহ
প্ৰাথমিক পৰ্যায়ত লক্ষণবোৰ স্পষ্ট নহ’ব পাৰে, কিন্তু ৰোগ বৃদ্ধি পালে তলত দিয়া লক্ষণবোৰে দেখা দিয়েঃ-
⏺️পেটৰ অস্বস্তিঃ-পেট ফুলা,বদহজম আৰু পেটৰ ওপৰৰ অংশত অদম্য বিষ হোৱা।
⏺️খোৱা-বোৱাত সমস্যাঃ-অলপ আহাৰ খালেই পেট ভৰি যোৱা অনুভৱ হোৱা আৰু অৰুচি বা ক্ষুধা কমি যোৱা।
⏺️বমি ভাবঃ-ঘনাই বমি বমি ভাব হোৱা বা তেজ বমি হোৱা।
⏺️ওজন হ্রাসঃ-কোনো ধৰণৰ কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন হঠাতে কমি যোৱা।
⏺️মলৰ পৰিৱৰ্তনঃ-ক’লা ৰঙৰ মল ত্যাগ কৰা (যিটো পাকস্থলীৰ পৰা হোৱা ৰক্তক্ষৰণৰ লক্ষণ হ’ব পাৰে)।
⏺️ভাগৰ লগাঃ-যিকোনো কামতে অতি সোনকালে ভাগৰুৱা অনুভৱ কৰা।

⏩️পাকস্থলীৰ কৰ্কট ৰোগ (Stomach Cancer) নিৰ্ণয় কৰিবলৈ অৰ্থাৎ ধৰা পেলাবলৈ সাধাৰণতে তলত উল্লেখ কৰা পৰীক্ষাসমূহ কৰা হয়ঃ-
⏺️আপাৰ জিআই এণ্ড’স্ক’পি (Upper GI Endoscopy)ঃ- এয়া হৈছে পাকস্থলীৰ কেঞ্চাৰ ধৰা পেলোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা।এই প্ৰক্ৰিয়াত এডাল পাতল নলী (Endoscope) মুখৰ ভিতৰেদি পাকস্থলীলৈ পঠিয়াই ভিতৰৰ অংশ নিৰীক্ষণ কৰা হয়।
⏺️বায়’পচি (Biopsy)ঃ- যদি এণ্ড’স্ক’পিৰ সময়ত কিবা অস্বাভাৱিক দেখা যায়,তেন্তে তাৰ পৰা এটুকুৰা সৰু মঙহ পৰীক্ষাৰ বাবে লোৱা হয়। পৰীক্ষাগাৰত এই অংশটো পৰীক্ষা কৰি কৰ্কট ৰোগ নিশ্চিত কৰা হয়।
⏺️চিটি স্কেন (CT Scan)ঃ- কৰ্কট ৰোগ পাকস্থলীৰ বাহিৰে পেটৰ অন্য অংশলৈ বিয়পিছে নেকি তাক জানিবলৈ চিটি স্কেন কৰা হয়।
⏺️এণ্ড’স্ক’পিক আলট্ৰাচাউণ্ড (Endoscopic Ultrasound)ঃ- এই পৰীক্ষাই কেঞ্চাৰ কিমান গভীৰলৈ বিয়পিছে আৰু ওচৰৰ লিম্ফ ন’ডবোৰত প্ৰভাৱ পেলাইছে নেকি তাক নিৰ্ণয় কৰাত সহায় কৰে।
⏺️তেজৰ বিভিন্ন পৰীক্ষা (Blood Tests): CBC,BLOOD GROUPING,KFT,LFT,RBS,TSH,PT/INR,VIRAL MARKER,CEA আদি পৰীক্ষাসমূহ অস্ত্ৰোপচাৰৰ আগত কৰোৱা হয়।
⏺️বেৰিয়াম চেৱালোও (Barium Swallow)ঃ-ই এক বিশেষ ধৰণৰ এক্স-ৰে (X-ray),য’ত এটা তৰল পদাৰ্থ খাবলৈ দি পাকস্থলীৰ ছবি লোৱা হয়।
⏺️পেট স্কেন (PET Scan)ঃ- সাধাৰণতে এই ব‍্যয়বহুল পৰীক্ষাৰ জৰিয়তে শৰীৰৰ অন্যান‍্য অংগ-প্ৰতংগলৈ কৰ্কট ৰোগ বিয়পিছে নেকি তাক চাবলৈ এই পৰীক্ষা কৰা হয়।

⏩️পাকস্থলীৰ কেঞ্চাৰৰ চিকিৎসা ...
চিকিৎসকৰ মতে, ৰোগৰ পৰ্যায় (Stage) আৰু ৰোগীৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা পদ্ধতি বাছনি কৰা হয়ঃ-
⏺️অস্ত্ৰোপচাৰ (Surgery): কেঞ্চাৰ হোৱা অংশ বা গোটেই পাকস্থলীটো অস্ত্ৰোপচাৰ কৰি আঁতৰাই পেলোৱা হয়।
⏺️কেমোথেৰাপী (Chemotherapy): বিশেষ ঔষধ ব্যৱহাৰ কৰি কেঞ্চাৰ কোষবোৰ ধ্বংস কৰা হয়।
⏺️ৰেডিঅ’থেৰাপী (Radiotherapy): উচ্চ শক্তিসম্পন্ন ৰশ্মি ব্যৱহাৰ কৰি টিউমাৰৰ আকাৰ সৰু কৰা বা কেঞ্চাৰ কোষ ধ্বংস কৰা হয়।
⏺️টাৰ্গেটেড থেৰাপী (Targeted Therapy): এই পদ্ধতিত কেঞ্চাৰ কোষৰ বৃদ্ধি বন্ধ কৰিবলৈ বিশেষ ঔষধ প্ৰয়োগ কৰা হয়।
⏺️পেলিয়েটিভ কেয়াৰ: যদি কেঞ্চাৰ বহুত বিয়পি পৰে, তেন্তে ৰোগীৰ কষ্ট কমাবলৈ আৰু জীৱনকাল উন্নত কৰিবলৈ এই চিকিৎসা দিয়া হয়।

🛑সজাগতাঃ-ধুমপান আৰু মদ্যপান পৰিহাৰ কৰা, ওজন নিয়ন্ত্ৰণত ৰখা আৰু সতেজ শাক-পাচলি,ফল-মূল খোৱাৰ অভ্যাস কৰিলে পাকস্থলীৰ কেঞ্চাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।

মনত ৰাখিবঃ- ওপৰত উল্লেখিত কোনো লক্ষণ আপোনাক বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ দেখা দিলে পলম নকৰি এজন জেনেৰেল চাৰ্জন,গ্যাষ্ট্ৰোএণ্টেৰোলজিষ্ট বা অনকোলজিষ্টৰ পৰামৰ্শ লোৱা উচিত।সঘনাই পেটফুলি যোৱা,বদহজম,বমিৰ লগত তেজ যোৱা,কলা পায়খানা আদি সমস্যা থকা ৰোগীসকল এই ক্ষেত্ৰত অধিক সচেতন হোৱা উচিত কাৰণ বাৰে বাৰে বমি,পেটফুলা,কলা পায়খানাৰ উপস্থিতিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।
বৰ্তমান সময়ত পাকস্থলীৰ কৰ্কট ৰোগৰ ব্যাপকতা অসমত দিনক দিনে বৃদ্ধি পাব ধৰিছে।

অধিক তথ‍্যৰ বাবে মিডলেণ্ড হস্পিতালৰ কৰ্কট চাৰ্জাৰী বিশেষজ্ঞ ডাঃমহিবুল ইছলামৰ লগত যোগাযোগ কৰিব পাৰে।

বিঃদ্ৰঃ- আপুনি যদিহে আয়ুস্মান ভাৰত কাৰ্ডৰ অধিকাৰী তেন্তে আমাৰ ইয়াত কিছু কিছু বেমাৰৰ চিকিৎসা উপলব্ধ।


▶️▶️যোগাযোগৰ বাবে তলত উল্লেখিত নম্বৰত ফোন কৰিব পাৰে...
📞7903596427
079035 96427
📞9435207070

✍🏻✍🏻✍🏻✍🏻✍🏻গলব্লাডাৰ বা পিত্তথলীৰ কেঞ্চাৰ এক মাৰাত্মক ৰোগ।এই ৰোগ পিত্তথলীৰ ভিতৰৰ কোষৰ পৰা আৰম্ভ হয়।ইয়াৰ লক্ষণসমূহ প্ৰায...
06/03/2026

✍🏻✍🏻✍🏻✍🏻✍🏻
গলব্লাডাৰ বা পিত্তথলীৰ কেঞ্চাৰ এক মাৰাত্মক ৰোগ।এই ৰোগ পিত্তথলীৰ ভিতৰৰ কোষৰ পৰা আৰম্ভ হয়।ইয়াৰ লক্ষণসমূহ প্ৰায়ে প্ৰাৰম্ভিক অৱস্থাত ধৰা নপৰে, যাৰ বাবে ই অধিক বিপদজনক হৈ পৰে।
এই ৰোগৰ বিষয়ে তলত এক চমু বিৱৰণ আলোচনা কৰা হ’লঃ-

গলব্লাডাৰ কেঞ্চাৰৰ লক্ষণসমূহঃ-
⏺️জণ্ডিচঃ-ছাল আৰু চকু হালধীয়া হোৱা,যাৰ ফলত প্ৰস্ৰাৱ ডাঠ ৰঙৰ হ’ব পাৰে।
⏺️পেটৰ বিষঃ-সাধাৰণতে পেটৰ সোঁফালে ওপৰৰ অংশত বিষ অনুভূত হয়।
⏺️পেট ফুলাঃ-পিত্তথলী ফুলি যোৱাৰ বাবে পেটটো গধুৰ বা ফুলা যেন লাগিব পাৰে।
⏺️অন্যান্য লক্ষণঃ-ওজন হ্ৰাস হোৱা, গোটেই গাত খজুৱতি হোৱা,ভোক কমি যোৱা,বমি ভাৱ আৰু অত্যাধিক জ্বৰ উঠা।
➡️প্ৰধান কাৰণ আৰু বিপদাশংকা
পিত্তৰ পাথৰ (Gallstones): প্ৰায় ৮০% পিত্তথলী কেঞ্চাৰ ৰোগীৰ পিত্তত পাথৰ হোৱাৰ ইতিহাস পোৱা যায়।
➡️লিংগ আৰু বয়সঃ- পুৰুষৰ তুলনাত মহিলাসকল এই ৰোগত অধিক আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে ৪০ বছৰৰ অধিক বয়সৰ লোকৰ মাজত এই ৰোগৰ আশংকা বেছি।
➡️স্থূলতা আৰু খাদ্যাভ্যাসঃ- অস্বাস্থ্যকাৰী জীৱনশৈলী আৰু শৰীৰৰ অত্যাধিক ওজন এই ৰোগৰ অন্যতম কাৰণ।
▶️চিকিৎসা পদ্ধতি (Treatment)ঃ-
গলব্লাডাৰ কেঞ্চাৰৰ চিকিৎসা ৰোগটো কোনটো স্তৰত আছে তাৰ ওপৰত নিৰ্ভৰ কৰে চিকিৎসাৰ যাৱতীয় প্ৰণালী।
⏺️অস্ত্ৰোপচাৰঃ-ৰেডিকেল কলেচিষ্টেকটমি চাৰ্জাৰী: কেঞ্চাৰ সামান্য বিয়পি পৰিলে পিত্তথলীৰ লগতে যকৃতৰ (liver) কিছু অংশ আৰু লিম্ফ নোডবোৰো আঁতৰাই দিয়া হয়।
⏺️কেমোথেৰাপি (Chemotherapy):
অস্ত্ৰোপচাৰৰ পিছত শৰীৰত ৰৈ যোৱা কেঞ্চাৰ কোষবোৰ ধ্বংস কৰিবলৈ দৰব ব্যৱহাৰ কৰা হয়।
⏺️উপশমকাৰী চিকিৎসা (Palliative Care):
যদি কেঞ্চাৰটো শেষ পৰ্যায়ত থাকে আৰু অপাৰেচন কৰা সম্ভৱ নহয়, তেন্তে ৰোগীৰ যন্ত্ৰণা উপশম কৰিবলৈ আৰু জণ্ডিচৰ দৰে সমস্যা দূৰ কৰিবলৈ কিছুমান বিশেষ চিকিৎসা যেনে(PTBD),Internalization stend আদি আগবঢ়োৱা হয়।

মনত ৰাখিবঃ- ওপৰত উল্লেখিত কোনো লক্ষণ আপোনাক বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ দেখা দিলে পলম নকৰি এজন জেনেৰেল চাৰ্জন,গ্যাষ্ট্ৰোএণ্টেৰোলজিষ্ট বা অনকোলজিষ্টৰ পৰামৰ্শ লোৱা উচিত।পিত্তথলীত পাথৰ থকা ৰোগীসকল এই ক্ষেত্ৰত অধিক সচেতন হোৱা উচিত কাৰণ পাথৰৰ উপস্থিতিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।
বৰ্তমান সময়ত গলব্লাডাৰ ষ্টন বা কৰ্কট ৰোগৰ ব্যাপকতা অসমত দিনক দিনে বৃদ্ধি পাব ধৰিছে।

অধিক তথ‍্যৰ বাবে মিডলেণ্ড হস্পিতালৰ কৰ্কট চাৰ্জাৰী বিশেষজ্ঞ ডাঃমহিবুল ইছলামৰ লগত যোগাযোগ কৰিব পাৰে।

বিঃদ্ৰঃ- আপুনি যদিহে আয়ুস্মান ভাৰত কাৰ্ডৰ অধিকাৰী তেন্তে আমাৰ ইয়াত কিছু কিছু বেমাৰৰ চিকিৎসা উপলব্ধ।


▶️▶️যোগাযোগৰ বাবে তলত উল্লেখিত নম্বৰত ফোন কৰিব পাৰে...
📞7903596427
079035 96427
📞9435207070

স্ত্ৰীজনিত যিকোনো ৰোগৰ বাবে যোগাযোগ কৰিব পাৰে।
06/02/2025

স্ত্ৰীজনিত যিকোনো ৰোগৰ বাবে যোগাযোগ কৰিব পাৰে।

06/02/2025
10/12/2024
10/12/2024

মহিলা সকলৰ বাবে গুৰুত্বপূৰ্ণ!!
ইক্ট'পিক প্ৰেগনেঞ্চি কি?? শুনক আৰু গুৰুত্ববুজি শ্বেয়াৰ কৰক!!
ৰক্তপাত, তীব্ৰ পেটৰ বিষ হলে যোগাযোগ কৰক॥
079035 96427

06/12/2024
✍এনকাইলোজিং স্পণ্ডিলাইটিছঃকঁকালৰ প্রদাহজনিত বাত ৰোগ এনকাইলোজিং  স্পণ্ডিলাইটিছত মেৰুদণ্ডৰ অস্থিসন্ধিসহ অন্যান্য অঙ্গ-প্রত...
06/12/2024

✍এনকাইলোজিং স্পণ্ডিলাইটিছঃ

কঁকালৰ প্রদাহজনিত বাত ৰোগ এনকাইলোজিং স্পণ্ডিলাইটিছত মেৰুদণ্ডৰ অস্থিসন্ধিসহ অন্যান্য অঙ্গ-প্রত্যঙ্গ আক্রান্ত হয়।ইয়াক একেবাৰে নির্মূল কৰিব পৰা নগলেও আধুনিক চিকিৎসাৰ মাধ্যমত নিয়ন্ত্রণত ৰাখিব পৰা যায়।
স্পণ্ডিল'আর্থ্রাইটিছ হল এক প্ৰকাৰৰ বাত ৰোগ। স্পণ্ডিল'আর্থ্রাইটিছ সংক্ৰমনত কেইবাটাও অস্থিৰ ৰোগ হব পাৰে,যাৰ অন্যতম এটি হল এনকাইলোজিং স্পণ্ডিলাইটিছ। অন্য ৰোগবোৰ হল ৰি-একটিভ আর্থ্রাইটিছ, ছৰিয়াটিক আর্থ্রাইটিছ, ইনফ্লেমেটৰি বাওয়েল ডিজিজ আর্থ্রাইটিছ,জুভেনাইল ইডিওপেথিক আর্থ্রাইটিছ, ক্রনছ্ ডিজিজ ইত্যাদি।এনকাইলোজিং স্পণ্ডিলাইটিছ নামক বাত ৰোগটি তুলনামূলকভাৱে নাৰীৰ তুলনাত পুৰুষৰ বেছি হয়।
✍উপসর্গসমূহঃ
👉মূল উপসর্গ হল কঁকালৰ বিষ। প্রথমতে বিষ মৃদু থাকে।কিন্তু দিন যোৱাৰ লগে লগে এই বিষ তীব্রতৰ হয়।
👉বিচনাত বিষৰ যন্ত্ৰণাত ইফাল-সিফাল কৰে। ৰাতি বিষ ইমানেই বেছি হয় যে বিষৰ বাবে টোপনিৰ পৰা সাৰ পায় যায়।
👉বিশ্রাম ললে বিষ বাঢ়ে কিন্তু কাম কাজ কৰি থাকিলে বিষ কমি থাকে।
👉কঁকালত বিষ নহলেও বিভিন্ন অস্থিসন্ধি যেনে ভৰিৰ বিভিন্ন গাঁঠি সমূহত বিষ হোৱাৰ লগতে ভৰিৰ নিম্নাংশ ফুলি যাব পাৰে।এটা ভৰিত বেছি বিষ অনুভৱ হলে আনটোত বিষ কম হয়।
👉ভৰিৰ মাংসপেশীসমূহ যিবোৰ হাড়ৰ লগত সংযুক্ত হৈ থাকে সেইবোৰ স্থানত বিষ বেছি হয়।
✍কাৰণসমূহঃ
পৃথিবীৰ প্ৰায় ৮০ শতাংশ মানুহৰ জীৱনত কোনোবা না কোনোবা বয়সত কঁকালৰ বিষ হয়েই।মানৱ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বা ইমোইন ছিস্টেম থাকে যাৰ কামেই হল শৰীৰক নিঃৰোগী কৰি ৰখা।ইমোইন ছিস্টেম দূৰ্বল হৈ যোৱাৰ ফলত শৰীৰৰ বিভিন্ন গাঁঠি বা জইন্ট,মাংসপেশী,হাড় প্রভৃতিকে আদি কৰি সকলো অংগ-প্ৰতংগ সংক্ৰমিত হয়।
✍️এনকাইলোজিং স্পণ্ডিলাইটিছ পুৰুষ-মহিলা উভয়ৰে হব পাৰে।
ইয়াৰ বাবে দায়ী কাৰকসমূহ:
👉বংশগত: ২০-২৫ শতাংশ ক্ষেত্রত জেনেটিক কাৰণ বা বংশপৰম্পৰা কাৰক হিচাপে অভিহিত কৰা হয়।
👉ভাইৰাছ: কিছু কিছু ভাইৰাছ সংক্ৰমনৰ ফলতো এই ৰোগ হয়।
👉বেক্টেৰিয়া: বেক্টেৰিয়াৰ আক্রমণ কৰিলেও এনকাইলোজিং স্পণ্ডিলাইটিছ হব পাৰে।
✍পৰীক্ষাঃ চিকিৎসকৰ পৰামৰ্শমতে নিন্মোক্ত পৰীক্ষাসমূহ কৰিলে ৰোগ নিশ্চিত কৰিব পাৰি-
👉লেব টেস্ট: তেজৰ কিছু পৰীক্ষা-নিৰীক্ষা কৰিলে এই ৰোগ ধৰা পৰে। যেনে: ছিবিছি(CBC), ইএছআৰ(ESR), এইছএলএ-বি২৭(HlaB-27) ইত্যাদি,এ এন এ(ANA),আৰ এ ফেক্টৰ ( RA FACTOR)
👉ইমেজিং: মেৰুদণ্ডৰ দুয়োকাষে থকা দুয়োটা ছেক্ৰ'ইলিয়াক(SI)জইন্টৰ এক্স-ৰে কৰিলে এই ৰোগ নিশ্চিত হব পাৰি।ক্ষেত্রবিশেষে হাড়ৰ ছফট্ টিচুবোৰত বিশেষ চিহ্ন বা লক্ষণ চাই ৰোগ নির্ণয়ৰ বাবে ছেক্ৰ'ইলিয়াক জইন্টৰ ছিটি স্কেন, এমআৰআই কৰি নিশ্চিত হব পাৰি।
👉আলট্রাছাউণ্ড বা ছন'গ্ৰাফী: এনকাইলোজিং স্পণ্ডিলাইটিছ নিশ্চিত কৰিবলৈ মাস্ক'স্কেলেটাল আলট্রাছন'গ্রাফী পৰীক্ষাটিও কৰিব পাৰি।
✍চিকিৎসা ও কৰণীয়ঃ
👉ফিজিঅ'থেৰাপি : এনকাইলোজিং স্পণ্ডিলাইটিছ হলে দৈনিক শাৰিৰীক ব্যায়াম বা ফিজিঅ'থেৰাপিয়ে ৰোগ নিৰাময়ত বহুত সহায় কৰে।শাৰিৰীক ব্যায়ামে মাংসপেশীসমূহক শক্তিশালী ও কাৰ্যক্ষম কৰি ৰখাৰ উপৰিও ৰাতি গভীৰ টোপনি অহাত সহায় কৰে।
👉ছাৰ্জাৰী বা অস্ত্ৰোপচাৰ: ছাৰ্জাৰীৰ জড়িয়তে এই ৰোগ নিৰ্মূল কৰিব পাৰি।বিশেষ কৰি ভৰিৰ ওপৰৰফালে যিসকলে অৱস অৱস অনুভৱ কৰাৰ ওপৰিও প্রস্রাৱ-পায়খানাত সমস্যা হয় তেখেত সকলৰ বাবে অস্ত্ৰোপচাৰ জৰুৰী।

✍এনকাইলোজিং স্পণ্ডিলাইটিছৰ ভয়াবহতাঃ
👉এনকাইলোজিং স্পন্ডিলাইটিছ হলে দেহৰ অন্যান্য অঙ্গ-প্রত্যঙ্গও আক্রান্ত হব পাৰে। ইয়াৰ ফলত চকু আক্ৰান্ত হয়।
👉প্রায় ২০-৩০ শতাংশৰো বেছি ক্ষেত্রত অন্যান্য গাঁঠি যেনে-ঊৰুসন্ধি বা হিপ জইন্ট আৰু নি জইন্ট বা আঁঠু আক্রান্ত হয়।
👉হৃদযন্ত্র বা হার্টৰ সমস্যা হব পাৰে।
👉স্নায়ুতন্ত্র আক্রমণ কৰাৰ লগতে স্নায়ুৰ শিৰাবোৰ দুর্বল কৰি নানা জটিলতাৰ সৃষ্টি কৰে।
👉চকুত সংক্ৰমণ হয়।
👉এনকাইলোজিং স্পণ্ডিলাইটিছৰ সমস্যা দীর্ঘদিন থাকিলে অস্টিঅ'পোৰ'ছিছ বা হাড়ৰ ক্ষয়জাতীয় ৰোগ হব পাৰে।

✍প্রতিৰোধ কৰণীয়ঃ
এনকাইলোজিং স্পণ্ডিলাইটিছ ৰোগ চিনাক্ত হোৱাৰ পিছতে দ্রুত চিকিৎসা কৰিলে প্রায় সম্পূৰ্ণ সুস্থতা লাভ কৰিব পাৰি।সেয়ে কঁকালৰ বিষ অনুভৱ কৰিলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব লাগে।
#বিশেষ_সতৰ্কীকৰণঃ বিষনাশক ঔষধৰ অত্যধিক প্ৰয়োগৰ ফলত মাইগ্ৰেন,কিডনিত পাথৰ হব পাৰে।

বিঃদ্ৰঃ আয়ুস্মান কাৰ্ডৰ সুবিধা আমাৰ ইয়াত উপলব্ধ।এই কাৰ্ডৰ জৰিয়তে নিউৰোস্পাইন অস্ত্ৰোপচাৰৰ সুবিধা পাব।

অধিক তথ‍্যৰ বাবে যোগাযোগ কৰিব পাৰে...
ডাঃ শ্বাহিদুল ইছলাম
এছএমঅ' মিডলেণ্ড হস্পিতাল
ফোন নং 7903596427
9707738197

সকলোৰে সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিলো।বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ বিভিন্ন ধৰণৰ ৰোগী...
24/11/2024

সকলোৰে সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিলো।
বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ বিভিন্ন ধৰণৰ ৰোগী চোৱা হব।

22/11/2024

Any type of Onco surgeries & General surgeries of both hospitals ( Midland Hospital ➕ Agile Hospital) are run under guidance of Dr Mahibul Islam sir.
Do connect with us...we will provide you best treatment & services.

আমি প্ৰতিশ্ৰুতিবদ্ধ আপোনালকক পাটনাৰ বিশিষ্ট অস্থিৰোগ বিশেষজ্ঞ চিকিৎসকৰ হতুৱাই চিকিৎসা কৰাবলৈ......!!অহাকালি শনিবাৰ আবেলি...
01/03/2024

আমি প্ৰতিশ্ৰুতিবদ্ধ আপোনালকক পাটনাৰ বিশিষ্ট অস্থিৰোগ বিশেষজ্ঞ চিকিৎসকৰ হতুৱাই চিকিৎসা কৰাবলৈ......!!
অহাকালি শনিবাৰ আবেলি ৬ বজাৰ পৰা ৰাতি ৯ বজালৈ আৰু ৰবিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পাটনাৰ অস্থিৰোগ বিশেষজ্ঞ ডা:স্বামচুল হুদাক মিডলেণ্ড হস্পিতালত লগ পাব।
যোগাযোগ DrShahidul Pritam 7903596427

Address

Guwahati
781005

Alerts

Be the first to know and let us send you an email when Midland Hospital, Sreenagar Path,Opposite state Zoo, Guwahati-05 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Midland Hospital, Sreenagar Path,Opposite state Zoo, Guwahati-05:

Shortcuts

Share

Category