Dr Medini Mohan Hazarika

Dr Medini Mohan Hazarika Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dr Medini Mohan Hazarika, Doctor, Jagiroad.
(1)

আপোনাৰ স্বাস্থ্য, আমাৰ দায়িত্ব 💉


স্বাস্থ্য সম্পৰ্কীয় সকলো সৰু ডাঙৰ বিষয় ইয়াত অতি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰা হৈছে..
আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে বা কিছু পৰামৰ্শ থাকিলে আমাক Comment যোগে অথবা Inbox মাধ্যমেৰে যোগাযোগ কৰিব পাৰে।

অসমৰ সকলোতকৈ প্ৰিয় ব্যক্তি জনলৈ..একাজলি শ্ৰদ্ধাঞ্জলি🪔🪔আমাৰ পৃথিৱীখন খন শুদা কৰি সৰগ খন শুৱনি কৰিলা জুবিন দা.. এতিয়া চা...
20/09/2025

অসমৰ সকলোতকৈ প্ৰিয় ব্যক্তি জনলৈ..একাজলি শ্ৰদ্ধাঞ্জলি🪔🪔

আমাৰ পৃথিৱীখন খন শুদা কৰি সৰগ খন শুৱনি কৰিলা জুবিন দা.. এতিয়া চাগে জংকীৰ লগত কিমান কথা পাতিবা ন.. এটাই মাত্ৰ ভয়, তাতে আকৌ তুমি ভগৱানৰ লগত ঝেং চেং নকৰিবা দেই..একো নাই দিয়া.. যতেই আছা মাত্ৰ শান্তিত থাকা.. আমাৰ মনত তুমি সদায় সকলোতকৈ মৰমৰ জুবিন টোৱে হৈ ৰবা 🪔🪔

আপোনাৰ বাবে Best Vitamin , "পৰিয়ালৰ লগত সময় পাৰ কৰা"👩‍❤️‍👨আপোনাৰ বাবে Best Liver Tonic, "ৰাতিপুৱা কুহুমীয়া গৰম পানী"'💦...
29/08/2025

আপোনাৰ বাবে Best Vitamin , "পৰিয়ালৰ লগত সময় পাৰ কৰা"👩‍❤️‍👨

আপোনাৰ বাবে Best Liver Tonic, "ৰাতিপুৱা কুহুমীয়া গৰম পানী"'💦

আপোনাৰ বাবে Best Exercise,"হাঁহি, হিয়া মন খুলি"😃

আপোনাৰ বাবে Best Anti Depressent, " বন্ধুৰ লগত আড্ডা"👬

চাওক, মই আপোনাৰ Wallet 💵 ৰ ওজন কমিব নিদিলো.. সময় পালে ধন্যবাদ এটা কৈ দিব✅

25/08/2025

পেকেটৰ ভিতৰত পোৱা খাদ্য খাব বাদ দিয়ক, আৰু কেঁচা ফল, শাক পাচলি বা ঘৰতে বনোৱা আহাৰ খাবলৈ আৰম্ভ কৰক.. আপোনাৰ ৯০% বেমাৰ এনেই নোহোৱা হৈ যাব. 💚

23/08/2025

📍 থাইৰয়েড (Thyroid) ৰোগীয়ে এৰিবলগীয়া খাদ্যৰ তালিকা –

📌 বন্ধা কবি , ফুলকবি, বাঁহৰ গাজ, ৰঙালাউ– “গইট্ৰ’জেন” নামৰ পদাৰ্থ থাকে, যি থাইৰয়েড হৰমনৰ উৎপাদন বাধা দিব পাৰে।

📌 চয়াবিন আৰু Soy Sauce - আয়ডিন শোষণ কমাই থাইৰয়েড কার্যত বাধা দিয়ে

📌 বেছি চেনি থকা খাদ্য – মিঠাই, কেক, চকলেট আদি, যিয়ে হৰমনৰ Balance বিঘ্নিত কৰে।

📌 অতি তেলজাতীয় আৰু ভজা আহাৰ– চিংৰা,ভাজি, চপ, পকোৰা, পিজ্জা আদি; ই Metabolism বিঘ্নিত কৰে

📌 অতি প্ৰসেছড আহাৰ – পেকেটজাতীয় নুডলছ, চিপছ, বিস্কুট আদি; অধিক নিমখ, চেনি আৰু Preservative থাকে

📌 মদ আৰু ধূমপান – থাইৰয়েড গ্ৰন্থিৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায়।

📌 ক্যাফেইনযুক্ত পানীয় – কফি আৰু বেছি চাহ, Energy drinks ইত্যাদি, হৰমনৰ শোষণত (absorption) বাধা দিব পাৰে।

🖊️ ডা: মেদিনী মোহন হাজৰিকা

14/08/2025

Please Revisit🙏🏽 Serious issue for today!!

13/08/2025

এই video টো বিশেষকৈ নৱ দম্পতী বা নতুনকৈ হোৱা পিতৃ মাতৃৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ.. অনুগ্ৰহ কৰি সম্পূৰ্ণ video টো চাব.. নিশ্চয় সহায় হব .. আপোনাৰ কেঁচুৱাটিয়ে প্ৰথম 6 মাহ মাকৰ গাখীৰ বাদে আৰু কি কি খাব পাৰে?? সন্তানটিয়ে মাকৰ গাখীৰ নাখায় নেকি বা মাতৃ দুগ্ধৰ পৰিমাণ কম নেকি?? ৰাতি স্তনপান কৰালে কি হয়..

04/08/2025

🔴 মাহেকীয়া (Periods) সম্পৰ্কে সাধাৰণ ভুল ধাৰণাসমূহ..

১. মাহেকীয়া হৈছে অপবিত্ৰ

📌 ভুল: বহুতে কয় যে মাহেকীয়া অৱস্থাত মহিলাসকল অপবিত্ৰ হয়।
✅ শুদ্ধ: মাহেকীয়া হৈছে প্ৰাকৃতিক জৈৱিক প্ৰক্ৰিয়া। ই একেবাৰে সাধাৰণ আৰু স্বাস্থ্যকৰ। ( কামাখ্যা মা মাহেকীয়া হোৱা সময়তেই দেখোন ভাৰতৰ ভক্ত সকলে মন্দিৰ ভিৰ কৰেহি)

২. মাহেকীয়া সময়ত খাদ্য নিৰ্বাচনত বাধা থাকে

📌 ভুল: এই সময়ত তেঁলেভজা, টেঙা বা দুধজাতীয় খাদ্য খাব নালাগে।
✅ শুদ্ধ: যিকোনো পুষ্টিকৰ খাদ্য খোৱা উচিত। বিশ্ৰাম আৰু জলীয় পদাৰ্থৰ প্ৰয়োজন বেছি হয়।

৩. মাহেকীয়াৰ সময়ত বাহিৰলৈ ওলাব নালাগে/ধৰ্মীয় কামত ভাগ ল’ব নালাগে

📌 ভুল: বহু ঠাইত এই সময়ছোৱাত মন্দিৰ, ধৰ্মীয় কাম বা উৎসৱত অংশ লোৱাত নিষেধ আছে।
✅ শুদ্ধ: এইবোৰ সমাজৰ সৃষ্টি কৰা বিধি, যাৰ বৈজ্ঞানিক কোনো আধাৰ নাই।

৪. মাহেকীয়া ৰ সময়ত এক্সাৰচাইজ (ব্যায়াম) কৰিব নালাগে

📌 ভুল: মহিলাই ধৰে যে এক্সাৰচাইজ (ব্যায়াম) কৰিলে বেছি ৰক্তপাত হ’ব।
✅ শুদ্ধ: পাতল ব্যায়াম, যোগা আদিয়ে পেটৰ বিষ আৰু অস্বস্তি কমাব পাৰে।

৫. পিৰিয়ড অনিয়মিত হʼলে গৰ্ভধাৰণ হোৱা অসম্ভৱ

📌 ভুল: সকলো অনিয়ম মানেই বন্ধ্যাত্ব নহয়।
✅ শুদ্ধ: ই বহু কাৰণত হ’ব পাৰে – খাদ্য, মানসিক চাপ, হৰমোনেল সমস্যা আদিয়ে। চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

৬. পিৰিয়ড হৈছে ৰোগ

📌 ভুল: কিছুমানে ধৰে যে মাহেকীয়া এটা ৰোগ।
✅ শুদ্ধ: ই সম্পূৰ্ণ স্বাভাৱিক প্ৰক্ৰিয়া — সমাজ খনে জনা টো উচিত।

মাহেকীয়া যদি অপবিত্ৰ হয়, তেনেহলে আমি সকলোৱে অপবিত্ৰ কাৰণ মাহেকীয়া হোৱা নাৰী এগৰাকীয়ে হে সন্তান জন্ম দিব পাৰে🌱

মাহেকীয়া সম্পৰ্কে সামাজিক ভুল বুজাবুজিয়ে লাজ, গ্লানি আৰু স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰে। শিক্ষা আৰু জ্ঞানৰ জৰিয়তে এইবোৰ ভুল ধাৰণাৰ অৱসান কৰিব লাগিব।

🖊️ ড: মেদিনী মোহন হাজৰিকা

29/07/2025

ভিটামিন ডি , অভাৱৰ লক্ষণসমূহ:

ভিটামিন ডি এক গুৰুত্বপূর্ণ ভিটামিন যিয়ে শৰীৰত কেলচিয়াম শোষণত সহায় কৰে আৰু হাড়, দাঁত আৰু মাংসপেশীৰ স্বাস্থ্য বজাই ৰাখে। ইয়াৰ অভাৱ হ’লে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

ভিটামিন ডি অভাৱৰ সাধাৰণ লক্ষণসমূহ:
১. হাড়ত বিষ
2. মাংসপেশী দুৰ্বলতা (শক্তি কম, সহজে ভাগৰ লগা)
৩. দাঁতৰ সমস্যা (দাঁত দুৰ্বল বা সহজে ভাঙি যোৱা)
৪. হাড় সহজে ভাঙি যোৱা – বিশেষকৈ বয়স্ক মানুহৰ ক্ষেত্ৰত
৫. সঘনাই অসুখ হোৱা(ইমিউন ছিষ্টেম দুৰ্বল হোৱাৰ ফলত)
৬.ডিপ্ৰেছন বা মন দূৰ্বল হোৱা (Vitamin D-এ মুডৰ ওপৰত প্ৰভাৱ পেলায়)
৭. টোপনি সমস্যা
৮. চকুত জ্বলনি বা দৃষ্টিশক্তিৰ সমস্যা (দীৰ্ঘ দিন কম হৈ থাকিলে)
৯. শিশুবোৰত – ৰিকেটছ্ (হাড় বেঁকা হোৱা, বৃদ্ধি বন্ধ হোৱা)

কাৰ বাবে বেছি বিপদজনক,

• গৰ্ভৱতী মহিলা
• বয়স্ক ব্যক্তি
• গা গোটেই কাপোৰে ঢকা লোক
• যি লোকসকল বাহিৰত কম থাকে (সূৰ্যৰ পোহৰ কম পায়)

কি কৰিব?
• চিকিৎসকৰ পৰামৰ্শ লোৱা
• ভিটামিন ডি-যুক্ত খাদ্য গ্ৰহণ (মাছ, কণী, দুগ্ধজাত খাদ্য)
• সূৰ্যৰ পোহৰ কিছু সময় লোৱা (সকলোৰে বাবে ১০-৩০ মিনিট সপ্তাহত ২-৩ দিন)
• প্ৰয়োজনত supplement গ্ৰহণ (চিকিৎসকৰ পৰামৰ্শ অনুসৰি)

ইয়াৰ বিষয়ে যদি আপুনি অধিক জানিব বিচাৰে,তেনেহলে Comment কৰিব পাৰে l ধন্যবাদ 🙏🏽🙏🏽

🖊️ ড: মেদিনী মোহন হাজৰিকা

28/07/2025

📌২০ টা স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ 🌸

১) ৰাতি টোপনি নাহিলে ১ মিনিটৰ বাবে চকু দুটি খৰকৈ মেলা-জপোৱা কৰক নিশ্চিত ভাবে পৰৱৰ্তী মিনিটত টোপনি যাব।

২) মাইগ্ৰেইন ৰ মুৰৰ বিষ হলে হাত দুখন বৰফৰ পানীত ডুবাই থৈ মুঠি মাৰক ১ মিনিটৰ বাবে। লগে লগে বিষৰ পৰিত্ৰাণ পাব।

৩) পেটৰ খুব জ্বলা পোৰা হলে ৩-৪ টা তুলসী পাত ভাত খোৱাৰ পিছত চোবাই এক গিলাচ গৰম পানী খাওক। লগে লগে জ্বলা পোৰা আঁতৰি যাব।

৪) দৈনিক পাঁচ কাপ ৰঙা চাহ খালে পেটৰ চৰ্বী কমি নাইকিয়া হৈ যাব।

৫) দৈনিক ১৫ মিনিট প্ৰাণ খুলি হাঁহিব লাগে। ১৫ মিনিট হাঁহি ২ ঘণ্টা টোপনিত কৈ ও উত্তম।

৬) হাসি চৰ্দি কমাবলৈ জিভাখন ওলোটাই ডিঙিৰ ভিতৰলৈ সোমাই জোৰ দিয়ক হাচি কমিব।

৭) দিনত অকণমান বাগৰ দিলে স্মৃতিশক্তি বৃদ্ধি পাব আৰু হৃদৰোগৰ সম্ভাৱনা কমিব বুলি প্ৰমাণিত।

৮) বিচনাৰ পৰা উঠাৰ পিছতো যদিহে টোপনিৰ নিচা থাকি যায় তেন্তে এখন ভৰি নমাই কেই ছেকেণ্ডমান মজিয়াত ভৰিখন ৰাখক দেখিব টোপনিৰ ভাব নাইকিয়া হৈছে।

৯) নিয়মিত যদি ভাল লগা গান বা সুৰিয়া সুৰ শুনে ভৱিষ্যতে মগজুৰ কেন্সাৰ ৰোগৰ সম্ভাৱনা নাইকিয়া হয়।

১০) ৰাতিপুৱা যিমানেই পানী খাব দিনটো সিমানেই দেহত সজীৱতা (freshness), কৰ্ম-সক্ৰিয়তা ( spirit) অনুভৱ কৰিব।

১১) মুখৰ ছালখন এবাৰ হলেও বৰফ পানীৰে ধুলে মুখত গুটি নোলায়।

১২) বিষণাসক ঔষধ খোৱাৰ পিছতো যদিহে দাঁতৰ বিষ কমা নাই তেন্তে হাতৰ বুঢ়া আঙুলি আৰু কিনা / কণিষ্ঠ আঙুলিৰে এটুকুৰা বৰফ কিছু সময় ধৰি ৰাখক লগে লগে বিষ কমি যাব।

১৩) পেটৰ চৰ্বি কমাবলৈ যদি ব্যায়াম কৰি আছে তেন্তে ব্যায়ামৰ আগত একাপ কফি খাই লওঁক । ই আপোনাৰ কাম দুগুণ সহজ কৰিব।

১৪) যদি পঢ়াৰ সময়ত বাৰে বাৰে টোপনি লাগিছে তেন্তে যিমান সময় পাৰে উশাহ ধৰি ৰাখি এৰি দিয়ক টোপনি পলাব।

১৫) দেহ শুদ্ধি কৰণ কৰি ৰাখিবলৈ প্ৰতিদিনে এটা তীয়হ , এটা নেমু, কেইটামান পদিনাৰ পাত আৰু যথেষ্ট পৰিমাণে পানী সেৱন কৰিব। এয়া উত্তম সুধিকাৰক।


১৬) মানসিক চাপ (depression) দূৰ কৰাৰ দুটা উত্তম উপায় হল শৰীৰ চৰ্চা আৰু বন্ধু বান্ধবীৰ সৈতে সময় কটোৱা।


১৭) দৈনিক এগিলাচ ডালিমৰ জূছ খালে হৃদৰোগ দূৰ হয় আৰু নিম্ন ৰক্তচাপ (low blood pressure) ৰোগৰ পৰিত্ৰাণ পাব।

১৮) যদি কোষ্ঠ-কাঠিন্যৰ সমস্যাত ভুগিছে তেন্তে ৰাতিপুৱা খালি পেটত আধা কাপ সিজোৱা বিত খাওক ।

১৯) বতৰৰ তৰমুজ খালে মানসিক চাপ আৰু অৱসাদ দূৰ হোৱাৰ লগতে দেহত বহুত শক্তি পোৱা যায়।

২০) ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ মিনিট খোজ কাঢ়ি হে শুব ই পাচনতন্ত্ৰ মজবুত কৰি ৰাখিব।

এই বাৰ্তা আপোনাৰ প্ৰিয়জনলৈ #শ্বেয়াৰ কৰক ❤️

সংগ্ৰহ

゚viralシ

Address

Jagiroad
782411

Website

Alerts

Be the first to know and let us send you an email when Dr Medini Mohan Hazarika posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category