Nalbari Eye Hospital

Nalbari Eye Hospital Premier Eye Hospital of Northeast India. Dedicated to the people of Northeast since last 35 years

All major eye surgery done everyday except Sunday with state of the art surgical facilities and comfortable indoor survices

যোৱা ২২-০৫-২০২৬ ইং তাৰিখ শুকুৰবাৰ, আবেলি ৫ বজাত নলবাৰী চকু চিকিৎসালয়ৰ কনফাৰেন্স হলত “কৰ্মচাৰী প্ৰশিক্ষণ আৰু বিকাশমূলক কা...
23/05/2026

যোৱা ২২-০৫-২০২৬ ইং তাৰিখ শুকুৰবাৰ, আবেলি ৫ বজাত নলবাৰী চকু চিকিৎসালয়ৰ কনফাৰেন্স হলত “কৰ্মচাৰী প্ৰশিক্ষণ আৰু বিকাশমূলক কাৰ্যসূচী” আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল কৰ্মচাৰীসকলৰ পেছাগত দক্ষতা, দলীয় সমন্বয়, ৰোগী সেৱা আৰু নিৰন্তৰ শিক্ষাক অধিক শক্তিশালী কৰা।
অনুষ্ঠানত উপস্থিত থাকে চিকিৎসালয় সঞ্চালক ডাঃ শুভ্ৰকিংকৰ গোস্বামী,ৰেটিনা বিশেষজ্ঞ ডাঃ অনন্যা গোস্বামী।
কাৰ্যসূচীখন সফল কৰি তোলাৰ বাবে নলবাৰী চকু চিকিৎসালয়ৰ সকলো কৰ্মচাৰীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো । তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ, নিষ্ঠা আৰু উৎসাহে এই অনুষ্ঠানটোক অধিক ফলপ্ৰসূ কৰি তুলিছে।
ইয়াৰ লগতে অনুষ্ঠানটি সফলভাৱে আয়োজন কৰাত সহযোগিতা আৰু সমৰ্থনৰ বাবে Ajanta Pharma Limited-ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।
পুনৰবাৰ ধন্যবাদ সকলোকে।

মানৱ সেৱাৰ মহান বৃত্তিত আত্মনিয়োগ কৰা নাৰ্ছসকললৈ জনাইছোঁ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা।আপোনালোকৰ মৰম, সহানুভূতি, ধৈৰ্য্য...
12/05/2026

মানৱ সেৱাৰ মহান বৃত্তিত আত্মনিয়োগ কৰা নাৰ্ছসকললৈ জনাইছোঁ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা।
আপোনালোকৰ মৰম, সহানুভূতি, ধৈৰ্য্য আৰু নিষ্ঠাই প্ৰতিজন ৰোগীৰ জীৱনত আশা আৰু সাহস যোগায়। আপোনালোক কেৱল স্বাস্থ্যসেৱাৰ অংশ নহয়, সমাজৰ এক অনুপ্ৰেৰণাৰ নাম 💙
আপোনালোকৰ নিঃস্বাৰ্থ সেৱা, ত্যাগ আৰু মানৱতাৰ বাবে আন্তৰিক ধন্যবাদ। ঈশ্বৰে সদায় শক্তি, সুখ আৰু সফলতাৰে আপোনালোকৰ জীৱন ভৰাই ৰাখক।
🌼নলবাৰী চকু চিকিৎসালয়ৰ পৰিয়ালৰ পৰা সকলো নাৰ্ছলৈ জনালোঁ আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন। 🌼



ব্যস্ততাৰ ভিৰত মানুহে প্ৰায়ে হাঁহিবলৈ পাহৰি যায়, কিন্তু কিছুমান ব্যক্তি আছে যিসকলে নিজৰ সৃষ্টিশীলতা আৰু কৌতুকৰ মাধ্যমেৰে...
24/04/2026

ব্যস্ততাৰ ভিৰত মানুহে প্ৰায়ে হাঁহিবলৈ পাহৰি যায়, কিন্তু কিছুমান ব্যক্তি আছে যিসকলে নিজৰ সৃষ্টিশীলতা আৰু কৌতুকৰ মাধ্যমেৰে সকলোৰে মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়। সেই অনুভৱক হৃদয়ত লৈ এই মাহৰ বিশেষ অতিথি হিচাপে আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছিলো নলবাৰীৰ সু-সন্তান, অসমৰ চুকে-কোনে হাঁহি বিলাই ফুৰা জনপ্ৰিয় কৌতুক শিল্পী হৰিশ তালুকদাৰ দেৱক ।
নেদেখাজনৰ ওচৰত তেখেতৰ সু-স্বাস্থ্য, সুখ-সমৃদ্ধি আৰু আগন্তুক দিনসমূহত অধিক সফলতা কামনা কৰিলোঁ।

যোৱা  ৩১ মাৰ্চ ২০২৬ ইং তাৰিখ মঙলবাৰে, UDDIPANA: A ray for bright future ৰ উদ্যোগত আৰু নলবাৰী চকু চিকিৎসালয়ৰ সহযোগত, নলবা...
01/04/2026

যোৱা ৩১ মাৰ্চ ২০২৬ ইং তাৰিখ মঙলবাৰে, UDDIPANA: A ray for bright future ৰ উদ্যোগত আৰু নলবাৰী চকু চিকিৎসালয়ৰ সহযোগত, নলবাৰী জিলাৰ বাঁহজানী গাঁৱত (ধাপৰতল) এটি বিনামূলীয়া চকুৰোগৰ সচেতনতা আৰু ৰোগ নিৰ্ণায়ক শিৱিৰৰ আয়োজন কৰা হয়। শতাধিক লোকৰ আগমন আৰু তেওঁলোকৰ চকু ৰোগৰ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি আমি উক্ত কাৰ্যসূচী সফলতাৰে সমাপন কৰিবলৈ সক্ষম হওঁ। আটাইলৈ ধন্যবাদ যাঁচিছো আৰু সুস্বাস্থ্য কামনা কৰিছোঁ।

যোৱা ২২মাৰ্চ ২০২৬ ইং তাৰিখ ৰবিবাৰে, কৰুণাধাৰা টিহু সহায়ক সমিতিৰ উদ্যোগত তথা UDDIPANA: A ray for bright future আৰু টিহু ...
23/03/2026

যোৱা ২২মাৰ্চ ২০২৬ ইং তাৰিখ ৰবিবাৰে, কৰুণাধাৰা টিহু সহায়ক সমিতিৰ উদ্যোগত তথা UDDIPANA: A ray for bright future আৰু টিহু মহাবিদ্যালয়, টিহুৰ সহযোগত নলবাৰী জিলাৰ ৰতনপুৰ গাঁৱৰ টৌমাৰী শিৱাশ্ৰমত এটি বিনামূলীয়া চকুৰোগৰ সচেতনতা আৰু ৰোগ নিৰ্ণায়ক শিৱিৰৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত নলবাৰী চকু চিকিৎসালয় সঞ্চালক ডাঃ শুভ্ৰ কিংকৰ গোস্বামীয়ে চকু সচেতনতা সম্পৰ্কে পৰামৰ্শ আগবঢ়ায়। শতাধিক লোকৰ আগমন আৰু তেওঁলোকৰ চকু ৰোগৰ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি আমি উক্ত কাৰ্যসূচী সফলতাৰে সমাপন কৰিবলৈ সক্ষম হওঁ। আটাইলৈ ধন্যবাদ যাঁচিছো আৰু সুস্বাস্থ্য কামনা কৰিছোঁ।

আজি আমাৰ নলবাৰী চকু চিকিৎসালয়ৰ প্ৰাতঃ প্ৰাৰ্থনাৰ অতিথিৰূপে THE GREEN GLOBE NGOৰ প্ৰতিষ্ঠাপক তথা সম্পাদক মাননীয় শ্ৰীযুত ...
19/03/2026

আজি আমাৰ নলবাৰী চকু চিকিৎসালয়ৰ প্ৰাতঃ প্ৰাৰ্থনাৰ অতিথিৰূপে THE GREEN GLOBE NGOৰ প্ৰতিষ্ঠাপক তথা সম্পাদক মাননীয় শ্ৰীযুত ৰাজেশ দত্ত বৰুৱা ডাঙৰীয়া উপস্থিত থাকে। আমাৰ প্ৰতিষ্ঠানৰ নিত্যকৰ্মসমূহৰ অন্যতম প্ৰভাতী প্ৰাৰ্থনাৰ সুমধুৰ সময়ছোৱাত তেখেতৰ আগমনে আমাক কৃতাৰ্থ কৰিলে। দত্ত বৰুৱা ডাঙৰীয়াই পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা সম্পৰ্কে দিয়া সাৰুৱা বক্তব্যই আমাক বাৰুকৈয়ে প্ৰভাৱিত কৰিলে। চিৰসুন্দৰৰ শ্ৰীচৰণত আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ

যোৱা  13 মাৰ্চ ২০২৬ ইং তাৰিখ শুকুৰবাৰে, UDDIPANA: A ray for bright future ৰ উদ্যোগত আৰু নলবাৰী চকু চিকিৎসালয়ৰ সহযোগত, নল...
14/03/2026

যোৱা 13 মাৰ্চ ২০২৬ ইং তাৰিখ শুকুৰবাৰে, UDDIPANA: A ray for bright future ৰ উদ্যোগত আৰু নলবাৰী চকু চিকিৎসালয়ৰ সহযোগত, নলবাৰী জিলাৰ পোৰাকুছি গাঁৱত এটি বিনামূলীয়া চকুৰোগৰ সচেতনতা আৰু ৰোগ নিৰ্ণায়ক শিৱিৰৰ আয়োজন কৰা হয়। শতাধিক লোকৰ আগমন আৰু তেওঁলোকৰ চকু ৰোগৰ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি আমি উক্ত কাৰ্যসূচী সফলতাৰে সমাপন কৰিবলৈ সক্ষম হওঁ। আটাইলৈ ধন্যবাদ যাঁচিছো আৰু সুস্বাস্থ্য কামনা কৰিছোঁ।

আজি ১১ মাৰ্চ ২০২৬ ইং তাৰিখ বুধবাৰ, UDDIPANA: A ray for bright future ৰ উদ্যোগত আৰু নলবাৰী চকু চিকিৎসালয়ৰ সহযোগত, নলবাৰী ...
11/03/2026

আজি ১১ মাৰ্চ ২০২৬ ইং তাৰিখ বুধবাৰ, UDDIPANA: A ray for bright future ৰ উদ্যোগত আৰু নলবাৰী চকু চিকিৎসালয়ৰ সহযোগত, নলবাৰী জিলাৰ নানকাভায়ৰা গাঁৱত এটি বিনামূলীয়া চকুৰোগৰ সচেতনতা আৰু ৰোগ নিৰ্ণায়ক শিৱিৰৰ আয়োজন কৰা হয়। শতাধিক লোকৰ আগমন আৰু তেওঁলোকৰ চকু ৰোগৰ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি আমি উক্ত কাৰ্যসূচী সফলতাৰে সমাপন কৰিবলৈ সক্ষম হওঁ। আটাইলৈ ধন্যবাদ যাঁচিছো আৰু সুস্বাস্থ্য কামনা কৰিছোঁ।

আজি ১০ মাৰ্চ ২০২৬ ইং তাৰিখ মঙলবাৰ, UDDIPANA: A ray for bright future ৰ উদ্যোগত আৰু নলবাৰী চকু চিকিৎসালয়ৰ সহযোগত, নলবাৰী ...
10/03/2026

আজি ১০ মাৰ্চ ২০২৬ ইং তাৰিখ মঙলবাৰ, UDDIPANA: A ray for bright future ৰ উদ্যোগত আৰু নলবাৰী চকু চিকিৎসালয়ৰ সহযোগত, নলবাৰী জিলাৰ গামাৰিমূৰি গাঁৱত এটি বিনামূলীয়া চকুৰোগৰ সচেতনতা আৰু ৰোগ নিৰ্ণায়ক শিৱিৰৰ আয়োজন কৰা হয়। শতাধিক লোকৰ আগমন আৰু তেওঁলোকৰ চকু ৰোগৰ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি আমি উক্ত কাৰ্যসূচী সফলতাৰে সমাপন কৰিবলৈ সক্ষম হওঁ। আটাইলৈ ধন্যবাদ যাঁচিছো আৰু সুস্বাস্থ্য কামনা কৰিছোঁ।

যোৱা  ৮ মাৰ্চ ২০২৬ ইং তাৰিখ ৰবিবাৰে, UDDIPANA: A ray for bright future ৰ উদ্যোগত আৰু নলবাৰী চকু চিকিৎসালয়ৰ সহযোগত, নলবাৰ...
09/03/2026

যোৱা ৮ মাৰ্চ ২০২৬ ইং তাৰিখ ৰবিবাৰে, UDDIPANA: A ray for bright future ৰ উদ্যোগত আৰু নলবাৰী চকু চিকিৎসালয়ৰ সহযোগত, নলবাৰী জিলাৰ টিহুত এটি বিনামূলীয়া চকুৰোগৰ সচেতনতা আৰু ৰোগ নিৰ্ণায়ক শিৱিৰৰ আয়োজন কৰা হয়। শতাধিক লোকৰ আগমন আৰু তেওঁলোকৰ চকু ৰোগৰ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি আমি উক্ত কাৰ্যসূচী সফলতাৰে সমাপন কৰিবলৈ সক্ষম হওঁ। আটাইলৈ ধন্যবাদ যাঁচিছো আৰু সুস্বাস্থ্য কামনা কৰিছোঁ।

বিশ্ব গ্লকোমা সপ্তাহ উপলক্ষে আয়োজন কৰা সজাগতা সভাত উপস্থিত থাকে নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা মাননীয়া ড...
08/03/2026

বিশ্ব গ্লকোমা সপ্তাহ উপলক্ষে আয়োজন কৰা সজাগতা সভাত উপস্থিত থাকে নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা মাননীয়া ড০ ৰঞ্জনা ভট্টাচাৰ্য্য বাইদেউ, চিকিৎসালয়ৰ পৰিচালন সঞ্চালক ডাঃ শুভ্ৰকিংকৰ গোস্বামী, ডাঃ অনন্যা গোস্বামী লগতে উপস্থিত থাকে ডাঃ গোবিন্দ দাস চাৰ। তেখেতসকলে ৰোগী সকলক গ্লুকমা সম্পৰ্কে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায়।

Address

Nalbari
781335

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 10am - 3pm

Telephone

+19864149420

Alerts

Be the first to know and let us send you an email when Nalbari Eye Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Nalbari Eye Hospital:

Share

Category