26/03/2026
ইৰাণ-ইজৰাইল/আমেৰিকাৰ যুদ্ধ আৰু দীঘলীয়া হ'লে ভাৰতত খাৰুৱা তেল আৰু LPG ৰ মহা সংকট আহিব নেকি! এনে আপাতকালীন সময়ৰ বাবে ভাৰতৰ Back up প্লেন কিবা আছেনে!
২৮ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ইৰাণ-ইজৰাইল/আমেৰিকাৰ যুদ্ধৰ আজি ২৬ তম দিন। আৰু দুদিন পাছত এই যুদ্ধৰ ৪ সপ্তাহ সম্পূৰ্ণ হ'ব। ২৬ দিনৰ পাছতো এই যুদ্ধ বন্ধ হ'ব নে আৰু দীঘলীয়া হ'ব তাৰ উত্তৰ কাৰো ওচৰত নাই। এই যুদ্ধত ইজৰাইল/আমেৰিকায়ে ইৰাণক বিস্তৰ ক্ষতি কৰিছে। ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আলী খামনেই, ইৰাণৰ Supreme National Security Council মুখ্য সচিব আলী লাৰিজানী, ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰজাদেহ, ইৰাণৰ সশস্ত্ৰ বাহিনীৰ Chief of Staff আব্দোলৰহিম মৌছাভি, ইৰাণৰ IRGC (Islamic Revolutionary Guard Corps) ৰ কামাণ্ডাৰ মহম্মদ পাকপুৰকে আদি কৰি একাধিক ইৰাণ সেনাৰ চিনিয়ৰ অফিচাৰ, চিনিয়ৰ চোৰাংচোৱা অফিচাৰক ইজৰাইল/আমেৰিকায়ে হত্যা কৰিলে। ইজৰাইল/আমেৰিকাৰ তথ্য মতে প্ৰায় ৬০০০ ইৰাণী সেনাৰ মৃত্যু হৈছে, ১৫০০০ ওপৰ আঘাতপ্ৰাপ্ত হৈছে। ১৩০ খন ওপৰৰ ইৰাণ নৌসেনাৰ সৰু-ডাঙৰ জাহাজ ইতিমধ্যে ধ্বংস কৰা হৈছে, অসংখ্য ইৰাণ সেনাৰ সামৰিক ঘাটি, মিছাইল-দ্ৰোণৰ ঘাটি চেটেলাইট ফটোৰ সহায়ত ধ্বংস কৰা হৈছে, সেইদৰে কেইবাখনো যুঁজাৰু বিমান ধ্বংস কৰা হৈছে। ইৰাণৰ মতে এই সংখ্যা কম। ১৫০০ মানুহৰ মৃত্যু হৈছে, ২০০০০ মান আঘাত প্ৰাপ্ত হৈছে।
সেইদৰে ইৰাণো থমকি ৰোৱা নাই। ইৰাণৰ Air Defense System দুৰ্বল বাবে ইজৰাইল/আমেৰিকাৰ আক্ৰমণক আকাশতে নষ্ট কৰিব পৰা নাই। কিন্তু ইৰাণে ইৰাণৰ যি শক্তি অসংখ্য বেলেষ্টিক মিছাইল, দ্ৰোণ আদিৰে ইজৰাইল আৰু মধ্যপ্ৰাচ্যৰ যি কেইখন দেশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা ঘাটি আছে তাত আক্ৰমণ কৰি আছে। ইজৰাইল/আমেৰিকাৰ Air Defense System শক্তিশালী বাবে বেছিভাগ বেলেষ্টিক মিছাইল, দ্ৰোণক আকাশতে ধ্বংস কৰিছে যদিও বহুত কেইটা বেলেষ্টিক মিছাইল, দ্ৰোণ আমেৰিকা সামৰিক ঘাটি এৰি ইজৰাইলত পৰাত তাত কিছু ক্ষতি হৈছে। ইৰাণৰ তুলনাত ইজৰাইল/আমেৰিকাৰ ক্ষতি কিন্তু বহুত কম হৈছে। এতিয়ালৈকে ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৩ জন সৈনিকক হত্যা কৰিছে, প্ৰায় ৩০০ আঘাতপ্ৰাপ্ত হৈছে। মধ্যপ্ৰাচ্য দেশৰ থকা ১৭ টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা ঘাটি ধ্বংস হৈছে, আমেৰিকা THAAD কে ধৰি ১২ টা ৰাডাৰ চিষ্টেম ধ্বংস হৈছে, কেইবাখনো যুঁজাৰু বিমানো ধ্বংস হৈছে। সেইদৰে ইজৰাইলৰ ৩ জন সৈনিক, ২১ জন সাধাৰণ নাগৰিক মৃত্যু হৈছে। ৫ হাজাৰ মান মানুহ আঘাতপ্ৰাপ্ত হৈছে। ইৰাণে ইজৰাইলৰ বহুত দ্ৰোণ ধ্বংস কৰিছে যদিও শেহতীয়া তথ্য মতে এখনো যুঁজাৰু বিমানো ধ্বংস কৰিব পৰা নাই। ইৰাণৰ যেনেকৈ সৰ্বোচ্চ ধৰ্মীয় নেতা আলী খামনেই, সেনাৰ চিনিয়ৰ অফিচাৰ, চিনিয়ৰ চোৰাংচোৱা অফিচাৰক ইজৰাইল/আমেৰিকায়ে হত্যা কৰিলে, ইৰাণে ইজৰাইল/আমেৰিকাৰ তেনে কোনো উল্লেখযোগ্য চিনিয়ৰ সেনাৰ চিনিয়ৰ অফিচাৰ, চিনিয়ৰ চোৰাংচোৱা অফিচাৰক হত্যা কৰিবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে।
কিন্তু ইৰাণে বৰ সাংঘাতিক আৰু গুৰুত্বপূৰ্ণ বস্তু এটা নিজৰ নিয়ন্ত্ৰণত ৰাখি বিশ্বৰ প্ৰায় সকলো দেশক বিপদত পেলাইছে। সেই গুৰুত্বপূৰ্ণ বস্তুটো হৈয়ে হৰমুজ প্ৰণালী। ইৰাণে হৰমুজ প্ৰণালীক নিয়ন্ত্ৰণত ৰাখিছে আৰু হৰমুজ প্ৰণালীৰ সাগৰৰ তলত 'মাইন' পেলাই থৈছে। এই 'মাইন'ৰ ওপৰেৰে ইৰাণৰ অনুমতি অবিহনে কোনোবা জাহাজ আহিলে জাহাজ বিস্ফোৰণ হৈ ধ্বংস হৈ যাব। তাৰোপৰি ইৰাণৰ অনুমতি অবিহনে কোনোবা জাহাজ আহিলে ইৰাণে বেলেষ্টিক মিছাইল বা দ্ৰোণৰে আক্ৰমণ কৰাৰো ভয় আছে। ইৰাণে হৰমুজ প্ৰণালীৰে খাৰুৱা তেলৰ জাহাজ অহা-যোৱা কৰিব নিদিলে প্ৰত্যক্ষভাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইল প্ৰভাৱিত নহয়। কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰ নিজেই পৃথিৱীৰ সকলোতকৈ বেছি খাৰুৱা তেল উৎপাদন কৰোঁতা। সেইবাবে তেলৰ বাবে আমেৰিকা মধ্যপ্ৰাচ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। ইজৰাইললৈ তেল যাবলৈ হৰমুজ প্ৰণালীৰ ফালে জাহাজ আহিব নালাগে, তাৰ বিপৰীত ফালে ইজৰাইল থকা বাবে খাৰুৱা তেল হৰমুজ প্ৰণালীৰ ফালে নহাকৈ ইজৰাইলে লাভ কৰিব। ইজৰাইলৰ এটায়ে ক্ষতি ইজৰাইলৰ বহু ব্যৱসায় কৰা জাহাজ হৰমুজ প্ৰণালী হৈ অহা যোৱা কৰে। সেইবোৰ এতিয়া বন্ধ হৈ আছে তাৰ ফলত দেশৰ অৰ্থনীতিত তাৰ প্ৰভাৱ পৰিব। হৰমুজ প্ৰণালীৰে ইৰাণে জাহাজ চলাচল কৰিব নিদিয়াত সমস্যা হৈছে যিবোৰ দেশে মধ্যপ্ৰাচ্যৰ দেশৰ খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীল। তাৰ ভিতৰত ভাৰতো এখন। কিন্তু ভাৰত চৰকাৰৰ চতুৰ কূটনৈতিক বৈদেশিক নীতিৰ বাবে ভাৰতে এতিয়ালৈকে কেইবাখনো খাৰুৱা তেল আৰু LPG কঢ়িওৱা জাহাজ হৰমুজ প্ৰণালীৰে ভাৰতলৈ আনিবলৈ সক্ষম হৈছে। বহু কেইখন জাহাজ আহিবলৈ সাজু হৈ আছে।
ইৰাণ-ইজৰাইল/আমেৰিকাৰ যুদ্ধ আৰু দীঘলীয়া হ'লে ভাৰতত খাৰুৱা তেল আৰু LPG ৰ মহা সংকট আহিব নেকি! এনে আপাতকালীন সময়ৰ বাবে ভাৰতৰ Back up প্লেন কি! ইয়াৰ উত্তৰ ইৰাণ-ইজৰাইল/আমেৰিকাৰ যুদ্ধ আৰু দীঘলীয়া হৈ হৰমুজ প্ৰণালী যদিও সম্পূৰ্ণ বন্ধ হৈ যায় তেতিয়াও ভাৰতত একেবাৰে খাৰুৱা তেলৰ অভাৱ হৈ নাযায়, কমিব পাৰে। তাৰ কাৰণ ভাৰতে ভাৰতক প্ৰয়োজন হোৱা ৪০-৫০ শতাংশ খাৰুৱা তেলহে মধ্যপ্ৰাচ্যৰ দেশৰ পৰা কিনে। বাকী ৫০-৬০ শতাংশ খাৰুৱা তেল ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, নাইজেৰিয়া, এংগোলা, ভেনিজুৱেলা, মেক্সিকো আদি দেশৰ পৰা কিনে। তাৰোপৰি ভাৰতক প্ৰয়োজন ১০-১২ শতাংশ খাৰুৱা তেল ভাৰতে নিজেও উৎপাদন কৰে। সেইবাবে হৰমুজ প্ৰণালী সম্পূৰ্ণ বন্ধ হ'লে ভাৰতত একেবাৰে তেল, LPG ইন্ধন নাইকিয়া হৈ যাব ভবা ভুল। যদিও ভাৰতে এতিয়াও মধ্যপ্ৰাচ্যৰ দেশৰ খাৰুৱা তেল, LPG কমকৈ হ'লেও আমদানি কৰিবলৈ সক্ষম হৈ আছে।
দুদিন আগতে সংসদত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত বৰ্তমান চলি থকা পৰিস্থিতিক লৈ মন্তব্য কৰিছিল যে এই যুদ্ধৰ ফলত বিশ্বৰ অন্য দেশৰ লগতে ভাৰতো অলপ প্ৰভাৱিত হৈছে। যিহেতু ভাৰতৰ অধিকাংশ খাৰুৱা তেল বেলেগ দেশৰ পৰা আমদানি কৰিব লাগে আৰু ৪০-৫০ শতাংশ খাৰুৱা তেল মধ্যপ্ৰাচ্যৰ দেশৰ পৰা আমদানি কৰিব লাগে সেইবাবে হৰমুজ প্ৰণালী বন্ধ হোৱাত ভাৰততো কিছু সমস্যা সৃষ্টি হৈছে। তথাপিও এনে সংকট সময়ত ভাৰত চৰকাৰে ইৰাণ চৰকাৰৰ লগত থকা কূটনৈতিক সম্পৰ্কৰ ফলত কেইবাখনো খাৰুৱা তেল আৰু LPG জাহাজ ভাৰতলৈ আনিবলৈ সক্ষম হৈছে। বৰ্তমান ভাৰতৰ হাতত আপাতকালীন সময়ৰ বাবে Strategic Petroleum Reserve হিচাপে ৫৩ লাখ টন খাৰুৱা তেল জমা আছে। লগতে অন্যান্য তেলৰ কোম্পানী, শোধনাগাৰ আদিতো ভাৰতৰ বহু খাৰুৱা তেল বৰ্তমান জমা আছে। প্ৰধানমন্ত্ৰী মোডীৰ এইখিনি ভাষণ বহুতেই শুনিলে কিন্তু শেষত হৰমুজ প্ৰণালী বন্ধ হ'লে ভাৰতত সঁচাকৈয়ে কিমান দিনৰ তেল জমা আছে হিচাপতো উলিয়াব সক্ষম হোৱা নাই।
প্ৰধানমন্ত্ৰী মোডীয়ে যি আপাতকালীন সময়ৰ বাবে Strategic Petroleum Reserve ৰ কথা কৈছিল সেই বস্তুটো হৈছে ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ২০০৪ চনৰ ১৬ জুনত ISPRL (Indian Strategic Petroleum Reserves Limited) নামৰ এটা ৰাজহুৱা খণ্ডৰ কোম্পানী গঠন কৰিছিল। এই ৰাজহুৱা খণ্ডৰ কোম্পানীটোৰ কামে ভাৰতত যদি কিবা কাৰণত আপাতকালীন সময় আহে আৰু খাৰুৱা তেলৰ আমদানি বন্ধ হৈ যায় তেতিয়া ভাৰতক উদ্ধাৰ কৰা। ISPRL ৰ অধীনত বিশাখাপট্টনম, মাংগালোৰ আৰু কৰ্ণাটকৰ পাদুৰ- ভাৰতৰ এই তিনি চহৰত বৃহৎ খাৰুৱা তেল জমা ৰাখিব পৰা ভাণ্ডাৰ বনাই থোৱা আছে। ইয়াৰে বিশাখাপট্টনম ১৩.৩ লাখ টন, কৰ্ণাটকৰ পাদুৰত ২৫ লাখ টন আৰু মাংগালোৰত ১৫ লাখ টন মুঠ ৫৩.৩ লাখ টন খাৰুৱা তেল জমা ৰাখিছে। প্ৰধানমন্ত্ৰী মোডীয়ে সংসদত যি ৫৩ লাখ টন খাৰুৱা তেলৰ কথা কৈছিল ইয়াত জমা আছে। উৰিষ্যাৰ চণ্ডীখোলতো ISPRL ৰ অধীনত ৪০ লাখ টন খাৰুৱা তেল জমা ৰাখিব পৰা আৰু এটা তেল ভাণ্ডাৰ বনোৱা কাম ভাৰত চৰকাৰে কৰি আছে।
এতিয়া মনত প্ৰশ্ন আহিব ভাৰতক দিনটোত কিমান খাৰুৱা তেল প্ৰয়োজন আৰু ভাৰতৰ হাতত বৰ্তমান কিমান জমা আছে। তাৰ উত্তৰ ভাৰতক প্ৰত্যেক দিনা প্ৰায় ৫ মিলিয়ন বেৰেল খাৰুৱা তেলৰ প্ৰয়োজন। ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ISPRL যোগে জমা ৰাখিছে ৫৩ লাখ টন খাৰুৱা তেল। ৫৩ লাখ টন খাৰুৱা তেল মানে হৈছে ৩৯ মিলিয়ন বেৰেল খাৰুৱা তেল। এদিনত প্ৰায় ৫ মিলিয়ন বেৰেল খাৰুৱা তেল ভাৰতক প্ৰয়োজন হ'লে ISPRL যোগে জমা ৰখা ৩৯ মিলিয়ন বেৰেল খাৰুৱা তেল প্ৰায় ৮ দিনত শেষ হ'ব। এই অংকটোকে আমাৰ বহুত নিউজ চেনেলে কৰি নিউজ কৰি আছে যে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ হাতত মাত্ৰ এসপ্তাহৰ তেল আছে ঘোষণা কৰিলে। কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ পাছত আৰু এষাৰ বাক্য কৈছিল, সেই বাক্যটো আছিল "লগতে অন্যান্য তেলৰ কোম্পানী, শোধনাগাৰ আদিতো ভাৰতৰ বহু খাৰুৱা তেল বৰ্তমান জমা আছে।" এওঁ বাক্যতো মন নকৰিলে বহু সংবাদ মাধ্যমে।
এতিয়া মনত আকৌ নিশ্চয় প্ৰশ্ন আহিছে যে ভাৰতৰ লগতে অন্যান্য তেলৰ কোম্পানী, শোধনাগাৰ আদিতো ভাৰতৰ কিমান খাৰুৱা তেল বৰ্তমান জমা আছে আৰু ই কিমান দিন যাব! শেহতীয়াকৈ ৰাজ্য সভাৰ সংসদত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দিয়া চৰকাৰী তথ্য মতে ভাৰতৰ তেলৰ কোম্পানী, শোধনাগাৰ আৰু ISPRL য়ে জমা ৰখা খাৰুৱা তেল মিলাই প্ৰায় ৭৪ দিন চলিব পৰা খাৰুৱা তেল ভাৰতৰ ওচৰত জমা আছে। ইয়াৰে ৮ দিন ISPRL য়ে জমা ৰখা খাৰুৱা তেল হ'লে বাকী ৬৬ দিনৰ খাৰুৱা তেল তেলৰ কোম্পানী আৰু শোধনাগাৰবোৰত আছে। সেইবাবে ভাৰতে একেবাৰে খাৰুৱা তেল আমদানি হোৱা বন্ধ হৈ গ'লেও কমেও আঢ়ৈ মাহৰ খাৰুৱা তেল জমা ৰাখে। এইটোৱেই ইয়াৰ শুদ্ধ উত্তৰ। এই উত্তৰতে আপাতকালীন সময়ৰ বাবে ভাৰতৰ Back up প্লেন কি সেইটোও নিশ্চয় বুজিব পাৰিছে। এই উত্তৰ ভাৰতলৈ একেবাৰে খাৰুৱা তেল অহা বন্ধ হ'লেহে প্ৰযোজ্য। যিহেতু এতিয়া ভাৰতলৈ মধ্যপ্ৰাচ্যৰ পৰা অহা ৪০-৫০ শতাংশ খাৰুৱা তেলতহে সমস্যা হৈছে, বাকী ৫০-৬০ শতাংশ খাৰুৱা তেল এতিয়াও সাধাৰণ ভাবে আহি আছে, ভাৰততো খাৰুৱা তেল উৎপাদন হৈ আছে সেইবাবে একেষাৰে ভাৰতৰ হাতত মাত্ৰ আঢ়ৈ মাহৰ তেলহে আছে বুলি বাতৰি কৰাও ভুল। ৰাজ্য সভাৰ সংসদত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দিয়া মন্তব্যটোৰ লিংক মন্তব্য বক্সত দিম শুনিব পাৰিব।
শেষত এইকেইদিন এটায়ে প্ৰশ্ন যদি ভাৰতত খাৰুৱা তেল, LPG ৰ অভাৱ হোৱা নাই তেন্তে বুকিং আগৰ দৰে কিয় কৰিব পৰা নাই। মই যি ঠাইত আছোঁ ব্যস্ত চহৰ এইখন ইয়াত বা বহু ঠাইত পেট্ৰল পাম্পত তেল নাই বুলি বন্ধ কৰা নাই। নিয়মীয়া ধৰণে পেট্ৰল/ডিজেল বিক্ৰী কৰি আছে আগৰ দামতে। মাত্ৰ প্ৰিমীয়াম পেট্ৰলত ২ টকা বাঢ়িছে। নৰ্মেল পেট্ৰল/ডিজেলত এতিয়ালৈকে দাম বঢ়া নাই। ক'ৰবাত যদি পেট্ৰল পাম্পে তেল বিক্ৰী কৰা নাই সেইটো সেই পেট্ৰল পাম্প পৰিচালনা কৰা লোকৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকে হয়তো শোধনাগাৰ কোম্পানীৰ পৰা নিয়মীয়াকৈ তেল কিনিব পৰা নাই। শোধনাগাৰ কোম্পানীবোৰ তেল কম বাবে বিক্ৰী ৰখাইছোঁ বা কম কৰিছোঁ ক'তো চৰকাৰী বা ৰাজহুৱাকৈ কোৱা নাই। এনে সিদ্ধান্ত ললে ভাৰতৰ সকলো ঠাইতে একেই দেখা যাব। যিটো এতিয়া হোৱা নাই। দ্বিতীয়তে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে LPG বুকিংত কিছু নিয়ন্ত্ৰণ কৰিছে সঁচা। এই কথা মন্ত্ৰালয়ে চৰকাৰী ভাবে জনাই কৰিছে। ইয়াৰ এটা কাৰণ যুদ্ধ আৰু দীঘলীয়া হ'লে আৰু সঁচাকৈয়ে যদি খাৰুৱা তেলৰ আমদানি কমে তেতিয়া যাতে অধিক বিপদ নহয় দেশত সেইবাবে আগতীয়াকৈ LPG ত অলপ নিয়ন্ত্ৰণ কৰিছে। কাৰণ LPG আৱশ্যকীয় বস্তু। এনে পৰিকল্পনা আগৰ পৰা নকৰিলে শেষৰ সময়ত বহুত নাটনি হ'লে দেশত বহুত ডাঙৰ খেলিমেলি হ'ব। দ্বিতীয়তে যুদ্ধৰ প্ৰথমৰ কেইদিনত কিছুমান ভুৱা বাতৰি উলিয়াই দিছিল নে খাৰুৱা তেল, LPG নাইকিয়া হৈ যাব যাৰ বহুতে ফলত অসাধু লোকে ছিলিণ্ডাৰ ষ্টক কৰি যাতে ব্লেক মাৰ্কেটিং কৰিব নোৱাৰে তাৰ বাবেও দুটা বুকিংৰ মাজত সময় বান্ধি দিছে। যুদ্ধ শাম কাটিলে এই নিয়ন্ত্ৰণ উঠাই আকৌ আগৰ দৰে নিয়মীয়া কৰি দিব। সেইবাবে আমি দেশৰ সচেতন নাগৰিক হিচাপে এনে সংবেদনশীল সময়ত দেশৰ পৰিস্থিতি বুজি অলপ সহজ হোৱাৰো প্ৰয়োজন।
(শ্বেয়াৰ কৰিব যাতে পৰিস্থিতিবোৰ সকলোৱে বুজি পাই)
- লক্ষ্য জ্যোতি নাথ