Dr Kamal Krishna Nath

Dr Kamal Krishna Nath I write about what is happening in the world through the lens of critical and abstract thinking.

01/04/2026

লক্ষ্য পূৰণত আমি কিয় ব্যৰ্থ হওঁ? ৪টা প্ৰধান কাৰণৰ নিৰ্মোহ বিশ্লেষণ

30/03/2026

Phone Addiction কিমান ভয়াৱহ?
Phone Addiction দূৰ কৰাৰ কেইটামান ফলপ্ৰসূ উপায়

ঘন চুলিৰ বাবে অতি প্ৰয়োজনীয় ৩ বিধ ভিটামিন: আপোনাৰ যদি চুলি অত্যধিক সৰা আৰম্ভ হৈছে আৰু তাৰ বাবে চুলি পাতল হোৱাৰ উপক্ৰম হৈ...
13/02/2026

ঘন চুলিৰ বাবে অতি প্ৰয়োজনীয় ৩ বিধ ভিটামিন: আপোনাৰ যদি চুলি অত্যধিক সৰা আৰম্ভ হৈছে আৰু তাৰ বাবে চুলি পাতল হোৱাৰ উপক্ৰম হৈছে তেন্তে আপোনাক প্ৰয়োজন এই ৩বিধ ভিটামিনৰ। চুলিৰ পৰিপুষ্টিৰ বাবে অতি প্ৰয়োজনীয় এই ৩ বিধ ভিটামিনৰ অভাৱত হোৱা চুলিৰ সমস্যা অতি সহজে নিৰাময় কৰিব পৰা যায় আৰু সেই বাবেই এইবিষয়ে জনাটো অতিকে জৰুৰী। এই ৩বিধ ভিটামিন তুলনামূলকভাৱে কম জৰুৰীৰ পৰা বেছি জৰুৰীলৈ ক্ৰম অনুসাৰে সজোৱা হৈছে।

১) ভিটামিন B7 (Biotin): এইবিধ ভিটামিনৰ বিষয়ে আমাৰ বেছিভাগ লোকেই জানে যদিও প্ৰয়োজন অনুসৰি ইয়াৰ স্থান তৃতীয়। তৎসত্ত্বেও Biotin ৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। Biotin য়ে fats, carbohydrate আৰু protein তিনিওৰে বিপাকত সহায় কৰে। তাৰ লগতে ই Keratin ৰ গঠনতো সহায় কৰে। আমি ইতিমধ্যে জানো যে keratin হৈছে চুলি গঠনৰ মূল স্তম্ভ। ফলত নতুন চুলি গজাত সমস্যা হব। যিখিনি চুলি নতুনকৈ গজিব সেইবোৰো ঠুনুকা হোৱাৰ সম্ভাৱনা আছে। এতিয়া প্ৰশ্ন হ'ল Biotin কোনবোৰ খাদ্যৰ সৰ্বাধিক পোৱা যায়। মূলত কণী, মাংস আৰু মাছত সৰ্বাধিক biotin পোৱা যায়। যিসকলে নিৰামিষভোজী তেওঁলোকে বাদাম, চয়াবিন, এলমণ্ড, ৱালনাট, মিঠা আলু, মাছৰূম আৰু মগুত সৰ্বাধিক পৰিমাণৰ Biotin পাব। কিন্তু এইবিধ ভিটামিন যিহেতু জল দ্ৰৱণীয় (water soluble) গতিকে প্ৰায় নিয়মীয়াকৈ গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰে।

২)ভিটামিন B12: চুলি পাতল হোৱাৰ দ্বিতীয় গুৰুত্বপূৰ্ণ ভিটামিন হৈছে B12। এই বিধ ভিটামিনৰ অভাৱত শৰীৰত কিমান সমস্যা হব পাৰে ভাবিলেই আচৰিত লাগে।
ই আমাৰ ৰক্তৰ মূল পৰিকাঠামো RBC (Red blood Cell) নিৰ্মাণত সবাতোকৈ বেছি ভূমিকা লয়। এই RBC কমি গলে দেহৰ কোষবোৰে অক্সিজেন কমকৈ পাব। তদুপৰি ই স্নায়ুক আৱৰি থকা মাইলিন ছিথ (myelin sheath) নিৰ্মাণত মূল ভূমিকা লয়। এই আৱৰণবিধ কমি গলেই স্নায়ু সংকেত পৰিবহণত বাধা আহি পৰে। এইবিধ ভিটামিন আমাৰ দেহৰ প্ৰতিটো কোষ ভালদৰে পৰিচালনা কৰাত সহায় কৰে। এইবিধ ভিটামিনৰ অভাৱত চুলিয়ে অক্সিজেন ভালদৰে নাপাব, ই পৰিপুষ্টিৰ অভাৱত ভূগিবলৈ আৰম্ভ কৰিব। এইবিধ ভিটামিনৰ মূল উৎস হৈছে দুগ্ধজাত সামগ্ৰী, কণীৰ কুহুম, মাংস আৰু মাছ। নিৰামিষভোজী সকলৰ বাবে এইবিধ ভিটামিনৰ মূল উৎস হৈছে মাছৰূম, চয়াবিন,অটছ, বাদাম আদিৰ পৰা আহৰণ কৰা গাখীৰ। যিহেতু শাক-পাচলিত অতি কম পৰিমাণৰ ভিটামিন B12 আছে, নিৰামিষভোজী সকলে পৰিপূৰিকা (supplement) লোৱাৰ আৱশ্যক আহি পৰে।

3) ভিটামিন D3: চুলি পাতল হোৱাৰ বাবে এই বিধ ভিটামিনৰ অভাৱক সৰ্বাধিক দায়ী কৰিব পাৰি। ভিটামিন D3 ৰ যিহেতু চালত keratinocytes সহায়ত বিপাক হয়, বিধ ভিটামিনৰ অভাৱত keratinocytes য়ে keratin নিৰ্মাণ কৰিব নোৱাৰে। ফলত নতুন চুলি গজাৰ সমস্যা হোৱাৰ লগে লগে চুলি সৰাৰ সমস্যাও বাঢ়ি যায়। আনহাতে গৱেষণাই দেখুৱাছে যে টকৌখোৱা (Alopecia areta ) নামৰ চুলি নোহোৱা সমস্যাটোৰ লগত এইবিধ ভিটামিনৰ অভাৱৰ ওতপ্ৰোত সমন্ধ আছে। এইৰোগ বিধ এবিধ স্বপ্ৰতিৰোধী (auto-immune) সমস্যা। ভিটামিন D য়ে যিহেতু আমাৰ ৰোগ প্ৰতিৰোধ সক্ষমতা (immune system) ধৰি ৰখাত সহায় কৰে, এই বিধ ভিটামিনৰ অভাৱত এই ৰোগবিধো সহজে দেখা দিয়ে। সুখৰ কথা ভিটামিন D3 ৰ মূল উৎস হৈছে সূৰ্যৰ ৰশ্মি (UVB)। তাৰ বাবে প্ৰতিদিনে অন্তত ১০-৩০ মিনিটলৈ সূৰ্য্যৰ পোহৰ লোৱা দৰকাৰ। যিসকলৰ গাৰ বৰণ কৃষ্ণ বৰণীয়া (dark complex) তেওঁলোকৰ বাবে এই মাত্ৰা অধিক হব। কিন্তু ভিটামিন D3 ৰ মাত্ৰা অধিক কমি গলে ঔষধ আকাৰে supplement লোৱাৰ আৱশ্যক হয়।

গতিকে চুলি পাতল হোৱা কেৱল বাহ্যিক সমস্যা বুলি ধৰি লব নালাগে। এনেকে ভৱা ভুল যে বজাৰত উপলব্ধ অকল নিৰ্দিষ্ট এবিধ তেল লগালেই সমস্যাবিধৰ সমাধান হব। তাৰ বাবে বাহ্যিক নিৰাময়তকৈৱো আভ্যন্তৰিক নিৰাময় বেছি গুৰুত্বপূৰ্ণ। আপোনালোকৰ যদি চুলি পাতল হবলৈ আৰম্ভ হৈছে বা খূৱ বেছিকৈ চুলি যোৱা আৰম্ভ হৈছে তেন্তে পোনপ্ৰথমে এই তিনিবিধ ভিটামিনৰ অভাৱ কমাবলৈ চেষ্টা কৰক। প্ৰয়োজন সাপেক্ষে কোনো অভিজ্ঞ চিকিৎসকৰ সহায় লব পাৰে। যদি এই তিনিবিধ ভিটামিন নিৰ্দিষ্ট সময়লৈ পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰাৰ পিছত চুলি সৰা কম হয় তেতিয়া গ'ম পাব যে আপুনি হয়তো এই তিনিবিধ ভিটামিনৰ অভাৱতে ভুগিছে। ইয়াৰ ফলত আপোনাৰ সহজতে এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব।

আগবঢ়ালেঃ
ডাঃ কমল কৃষ্ণ নাথ
এম ডি (আয়ুৰ্বেদ)
জ্যেষ্ঠ বিশেষজ্ঞ আয়ুৰ্বেদ চিকিৎসক
সঞ্জীৱন ৱেলনেছ, ৰঙিয়া (মূৰাৰা)

যোগাযোগৰ ফোন নং
9864332499

হাত-ভৰিৰ জ্বলন-পোৰণ অকল নাৰ্ভৰ সমস্যা নহয়:হাত-ভৰিৰ জ্বলন-পোৰণক সমস্যাটোক চিকিৎসা বিজ্ঞানৰ ভাষাত Peripheral neuropathy বো...
08/02/2026

হাত-ভৰিৰ জ্বলন-পোৰণ অকল নাৰ্ভৰ সমস্যা নহয়:

হাত-ভৰিৰ জ্বলন-পোৰণক সমস্যাটোক চিকিৎসা বিজ্ঞানৰ ভাষাত Peripheral neuropathy বোলা হয়। আপাত দৃষ্টিত ই এক স্নায়ুজনিত সমস্যা। কিন্তু গভীৰ দৃষ্টি দিলে দেখা পাম যে সমস্যাটো অকল স্নায়ুৰ নহয়। সমস্যাটো মূলত উদ্ভৱ হয় স্নায়ুলৈ তেজৰ চলাচল কৰা সুক্ষ্ম ৰক্তনলিকাত হোৱা বেমেজালিত। বিভিন্ন কাৰণত বিশেষকৈ তেজত চুগাৰৰ মাত্ৰা দীৰ্ঘদিন ধৰি বাঢ়ি থাকিলে ই স্নায়ুক তেজৰ যোগান ধৰা ৰক্তনলিকাসমূহক ক্ষতি কৰিবলৈ ধৰে। ফলত ৰক্তনলিকাসমূহৰ স্থিতিস্থাপকতা হ্ৰাস পাই। ই ঠুনুকা হৈ পৰে। ৰক্তনলিকাসমূহ ভালদৰে সংকুচিত আৰু প্ৰসাৰিত হব নোৱাৰা হয়। তাৰ ভিতৰত গেদ জমা হবলৈ ধৰে। ইয়ে স্নায়ুলৈ তেজৰ চলাচল হ্ৰাস কৰে। ফলত স্নায়ুকোষে পৰ্যাপ্ত পৰিপুষ্টি লাভ কৰিব নোৱাৰে। কিন্তু আমি জানো যে স্নায়ুকোষবোৰ ভালদৰে কাম কৰিবলৈ তাক পৰ্যাপ্ত অক্সিজেন, নিৰ্দিষ্ট মাত্ৰাৰ ভিটামিন, প্ৰটিন, মিনাৰেল আৰু গ্লুকজৰ প্ৰয়োজন হয়। তাৰ উপৰিও তেজত বিষাক্ত দ্ৰব্যৰ মাত্ৰাধিক উপস্থিতিটো তেজৰ চলাচল ব্যাহত হোৱাৰ উপৰিও স্নায়ুক ক্ষতি কৰিব ধৰে। এই বিষাক্ত দ্ৰব্য সমূহ বাঢ়ি যোৱাৰ কাৰণ দুটা। প্ৰথম আমি যদি বাহ্যিক উৎসৰ পৰা গ্ৰহণ কৰোঁ‌। আনটো হৈছে যেতিয়া লিভাৰ আৰু বৃক্কই যদি ভালদৰে কাম কৰাত অসমৰ্থ হয় তেতিয়া ই ভালদৰে পৰিশোধন কৰিবলৈ অপৰাগ হৈ পৰে।

প্ৰয়োজনীয় পৰিপুষ্টিৰ অভাৱত স্নায়ুকোষৰ ভিতৰত থকা মাইট'কন্দ্ৰিয়াই (mitochondria) স্নায়ুকোষ ভালদৰে চলিবলৈ দৰকাৰ হোৱা শক্তিৰ উৎপাদন কৰিব নোৱাৰে। সাধাৰণ অৱস্থাত এটা গ্লুকজৰ পৰা ৩২ একক শক্তি উৎপন্ন কৰে যদিও মাইট'কন্দ্ৰিয়াই ভালদৰে কাম নকৰিলে এই পৰিমাণ কমি আহে। এইক্ষেত্ৰত সহায় কৰিব পৰা অতি প্ৰয়োজনীয় ভিটামিনবিধ হৈছে ভিটামিন B1 (thiamine)।

আপুনি জানিলে আচৰিত হব যে নাৰ্ভৰ এনেকুৱা সমস্যা এদিনতে নহয়। কেতিয়াবা ২০-৩০ বছৰ পৰ্যন্ত সময় লব পাৰে। অৰ্থাৎ তেজত চুগাৰৰ মাত্ৰা কম মাত্ৰাত দীৰ্ঘকালৰ বাবে বৃদ্ধি হলেও Peripheral neuropathy ৰ দৰে নাৰ্ভৰ সমস্যাৰ জন্ম হব পাৰে। গতিকে তেজত চুগাৰৰ মাত্ৰা কম পৰিমাণে বাঢ়ি অহা দেখালেও ই পিছতগৈ এনেকুৱা সমস্যাৰ বাবে দায়ী হব পাৰে। এনেকুৱা সমস্যাৰ পৰা হাত সৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ'ল "ইনচুলিন প্ৰতিৰোধ (insulin resistance) নামৰ এবিধ মাৰাত্মক অৱস্থা পৰিহাৰ কৰা। এনে অৱস্থাত ইনচুলিনৰ গুণাগুণ হ্ৰাস পোৱা বাবে শৰীৰে অধিক মাত্ৰাত ইনচুলিন নিঃসৰণ কৰে যিয়ে ডাইবেটিছকে ধৰি অন্য বহুতো জীৱনশৈলীজনিত ব্যাধিৰ কাৰক হৈ পৰে। গতিকে ইয়াক প্ৰতিহত কৰিবলৈ আজিৰ পৰাই আপোনাৰ জীৱনশৈলীত আমূল পৰিবৰ্তন আনক।

স্নায়ুৰ এনেধৰণৰ ক্ষতি ৰোধ বা নিৰাময় কৰিবলৈ তলত উল্লেখ কৰা উপদেশ সমূহ পালন কৰক।

১) Benfomatiamine গ্ৰহণ কৰকঃ ই হৈছে ভিটামিন B1 ৰ স্নেহ দ্ৰৱণীয় (fat soluable) অৱস্থা যত এইবিধ ভিটামিন সহজে পেচাবৰ লগত শৰীৰৰ পৰা ওলাই যাব নোৱাৰে। তাৰ ফলত ই স্নায়ুক মেৰামতি কৰিবলৈ যথেষ্ট সময় পাই। এনে অৱস্থাত এইবিধ ভিটামিনৰ পৰিপূৰিকা (supplement) গ্ৰহণৰো আৱশ্যক আহি পৰে।

২) খাদ্য তালিকাত শৰ্কৰাৰ মাত্ৰা কমাই আনক। আমি জানো যে মাত্ৰাধিক শৰ্কৰাই অকল ডাইবেটিচজ ৰোগেও সৃষ্টি নকৰে ই অন্য বহুতো সমস্যাৰ মূল কাৰণ হিচাপে দেখা দিছে।

৩) সঘনাই খোৱা ত্যাগ কৰকঃ সঘনাই খাদ্য গ্ৰহণে (frequent snacking) শৰীৰত বিপাক ক্ৰিয়াত যথেষ্ট হেচা দিয়ে। ই "ইনচুলিন প্ৰতিৰোধৰ" জন্ম দিয়ে। পৰবৰ্তী সময়ত স্নায়ু দৌৰ্বল্য অৱধাৰিত হৈ পৰে।

৪) সুক্ষ্ম খনিজ লৱন যেনে মেগনেছিয়াম (magnesium) আৰু পটেছিয়াম (potassium) যুক্ত খাদ্য গ্ৰহণ কৰকঃ মেগনেছিয়ামে স্নায়ুক্ষতিৰ ফলত সৃষ্টি হোৱা গ্লুটামেটৰ( glutamate) অপকাৰী প্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে। তদুপৰি ই স্নায়ুৰ আৱৰণ মাইলিন ছিথ (myelin sheath) নিৰ্মাণটো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে। ই স্নায়ুৰ বাবে শক্তিৰ যোগান ধৰাতো সহায় কৰে। আনহাতে পটেছিয়ামে স্নায়ুৰ সংকেত বহন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই দুয়োটা খনিজ পালেং শাক, মাহ-মচুৰ আদি দালি, কণী, মাছ, দুগ্ধজাত সামগ্ৰী, কল, বাদাম, আদিত সৰ্বাধিক পৰিমাণে পোৱা যায়।

৫) Alpha lipoic acid: ই হৈছে এক উত্তম প্ৰতিজাৰক যিয়ে স্নায়ুৰ কোষ মেৰামতিৰ বাবে এক সুন্দৰ পৰিৱেশ গঢ় দিয়ে। ই স্নায়ুৰ বাবে প্ৰয়োজনীয় তেজৰ চলাচল বৃদ্ধি কৰাৰ উপৰিও পৰ্যাপ্ত শক্তিৰ যোগান ধৰাতো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে। এইবিধ পৰিপুষ্টি পালেং শাক, ব্ৰকলী, বিলাহী, মগু, বীট, গাজৰ আৰু মাংসত পৰ্যাপ্ত পৰিমাণে পোৱা যায়।

আপুনি যদি এনেকুৱা লক্ষণত ভূগিব লৈছে ই উপৰত উল্লেখ কৰা কাৰকৰ বাবে সৃষ্টি হোৱা স্নায়ুজনীত সমস্যা হব পাৰে। এনে অৱস্থাত কোনো অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শই আপোনাক নিশ্চিত ভাৱে সহায় কৰিব। মনত ৰাখিব আপোনাৰ অকমান যত্ন আৰু সাৱধানতাই আপোনাৰ স্বাস্থ্য সুদৃঢ় কৰি ৰাখিব পাৰে।

লিখকঃ
ডাঃ কমল কৃষ্ণ নাথ
এম ডি (আয়ুৰ্বেদ)
জ্যেষ্ঠ বিশেষজ্ঞ আয়ুৰ্বেদ চিকিৎসক (২০ বছৰ অভিজ্ঞ সম্পন্ন)
সঞ্জীৱন ৱেলনেছ (ৰঙিয়া, মূৰাৰা)
যোগাযোগৰ ফোন নং 9864332499
(প্ৰতিদিনে উপলব্ধ)

আমি যদি বহুদিনৰে পৰা উদ্বিগ্নতাত ভূগি আছোঁ তাক অকল মানসিক বুলি নাভাবিব। বেছিভাগ ক্ষেত্ৰতে শাৰীৰিক কাৰকে অধিক ক্ৰিয়া কৰা ...
05/02/2026

আমি যদি বহুদিনৰে পৰা উদ্বিগ্নতাত ভূগি আছোঁ তাক অকল মানসিক বুলি নাভাবিব। বেছিভাগ ক্ষেত্ৰতে শাৰীৰিক কাৰকে অধিক ক্ৰিয়া কৰা দেখা যায়। কি কি শাৰীৰিক কাৰকে ক্ৰিয়া কৰে তাৰ বিষয়ে সবিস্তাৰে আলোচনা আগবঢ়োৱা হৈছে লিখনিটো। এবাৰ শেষলৈ পঢ়িলে গোটেইখিনি পৰিষ্কাৰ হৈ পৰিব।

আমি যেতিয়া উদ্বিগ্ন হও তেতিয়া আমাৰ মনত ভাৱ আহে যে ই ঘাইকৈ আমাৰ মনত সৃষ্টি হোৱা খেলিমেলিৰ পৰা উদ্ভৱ হৈছে। সেয়ে উদ্বিগ্ন হ'লে আমি মনতো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু গৱেষণাই প্ৰমাণ কৰিছে যে বেছিভাগ সময়ত উৎপত্তি হোৱা উদ্বিগ্নতা অকল মনৰ পৰা উদ্ভৱ হোৱা নাই। বৰং বিভিন্ন শাৰীৰিক কাৰকে আমাৰ মাজত উদ্বিগ্নতাৰ জন্ম দিয়ে। উদ্বিগ্নতাৰ শাৰীৰিক কাৰণ সমূহ আলোচনা কৰা আগত আমি উদ্বিগ্নতানো কি বুজো আহক। উদ্বিগ্নতা হৈছে দুশ্চিন্তাগ্ৰস্ত, শংকাজনক, ভীতিগ্ৰস্ত হোৱা এনে এক অৱস্থা যত আমি কোনো সুস্থিৰ সিদ্ধান্ত লব নোৱাৰা হৈ যাওঁ। সেই সময়ত আমাৰ এনে এক ভাৱনাই ক্ৰিয়া কৰে যে কিবা বেয়া বা বিপদ আহি আছে। আমি সেই সময়ত উপায়বিহীন হৈ পৰোঁ। বেছি ভাগ ক্ষেত্ৰতে ই বাস্তৱৰ উপৰত আধাৰিত নহয়।

এতিয়া আহিছোঁ উদ্বিগ্নতাৰ শাৰীৰিক কাৰণ সমূহলৈ।

১) তেজত চুগাৰৰ মাত্ৰা কমি গ'লেঃ এনে অৱস্থাত মগজুৱে পৰ্যাপ্ত পৰিমাণে শক্তি লাভ নকৰে। ফলত মগজুত ত্ৰাসৰ সৃষ্টি হয় যিয়ে কৰ্টিচল (cortisol) আৰু এদ্ৰিনেলাইন (adrenaline) হ'ৰমণ নিঃসৰণ কৰে। এই দুবিধ হ'ৰমণে লিভাৰক অধিক পৰিমাণৰ চুগাৰ নিঃসৰণ কৰিবলৈ বাধ্য কৰে যাতে মগজুৱে পৰ্যাপ্ত শক্তি লাভ কৰে। কিন্তু মজাৰ কথা তাৰ বাবে আপোনাৰ খাদ্য তালিকাত শৰ্কৰাৰ পৰিমাণ বঢ়োৱাৰ সলনি কমাবহে লাগে আৰু প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। তাৰ কাৰণ হৈছে শৰ্কৰাৰ মাত্ৰা বঢ়াই দিলে ই তাৎক্ষণিকভাৱে চুগাৰ বৃদ্ধি কৰে যদিও তাৰ পিছত সহজে চুগাৰ কমাইও দিব পাৰে (reactive hypoglycemia)।

২) অনিদ্ৰাঃ টোপনিৰ খেলিমেলিক উদ্বিগ্নতাৰ এক প্ৰধান কাৰণ বুলি কব পাৰে। নিদ্ৰা গভীৰ নহলে ই কৰ্টিছল নামৰ ষ্ট্ৰেছ হ'ৰমন বিধৰ মাত্ৰা বৃদ্ধি কৰি মনৰ শান্ত-সমাহিত অৱস্থা বিঘ্নিত কৰে। আনহাতে ৰাতি তেজত চুগাৰ কমি গ'লেও ই টোপনিৰ মানদণ্ড কমাই দিব পাৰে।

৩) ভিটামিন B1 ৰ অভাৱঃ ভিটামিন B1 (Thiamine) হৈছে মগজুৰ বাবে অত্যাৱশ্যকীয় ভিটামিন। আমি জানো যে মগজু ভালদৰে চলিবলৈ পৰ্যাপ্ত পৰিমাণৰ শক্তি লাগে যিটো আহে মূলত গ্লুকজৰ পৰা। ভিটামিন B1 য়ে গ্লুকজক শক্তিলৈ ৰূপান্তৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। আনহাতে এইবিধ ভিটামনে গাবা (GABA: Gamma-Aminobutyric Acid) নামৰ এবিধপ স্নায়ু-ৰসায়ন উৎপত্তি কৰাত সহায় কৰে যাৰ কাম হৈছে মগজুক শীতল কৰি ৰখা। গতিকে এই ভিটামিন বিধৰ অভাৱত মগজুৱে অস্থিৰ আচৰণ কৰিব ধৰে।

৪) মগজুৰ উত্তেজক খাদ্য বা পানীয়ঃ কিছুমান খাদ্য যেনে চকলেট, শীতল পানীয়, কফি, মাদক দ্ৰব্য, ধপাত যুক্ত দ্ৰব্যই শৰীৰত ভিটামিন B1 ৰ মাত্ৰা কমাই আনে। তাৰ বিপৰিতে এনেবোৰ দ্ৰব্যই মগজুৰ উত্তেজনা বৃদ্ধিৰ খোৰাক হিচাপে কাম কৰে। তাৰ লগতে কিছুমান ঔষধেও মগজুৰ উত্তেজনা বৃদ্ধি কৰিবলৈ সক্ষম। এনেবোৰ ঔষধ গ্ৰহণ কৰাৰ আগত চিকিৎসকৰ লগত ভালদৰে আলোচনা কৰিব লাগে।

৫) খাদ্য তালিকাত প্ৰটিনৰ মাত্ৰা কম হোৱাঃ আমি জানো যে মগজুৰ স্থিৰ আৰু সন্তুলিত কৰি ৰাখিবলৈ পৰ্যাপ্ত মাত্ৰা স্নায়ু ৰসায়ন নিঃসৰণ হোৱা দৰকাৰ। এই স্নায়ু ৰসায়ন সমূহ নিৰ্মাণ কৰে মূলত এমিন এচিডে যিটো প্ৰটিনৰ পৰা প্ৰাপ্ত হয়। যেনে সুখপ্ৰদ ৰসায়ন চেৰ'টনিন নিৰ্মাণত ত্ৰিপটোফেন (Tryptophan) নামৰ এবিধ এমিন এচিডে উল্লেখনীয় ভূমিকা পালন কৰে। এইবিধ এমিন এচিডৰ মূল উৎস হৈছে কণী। আনহাতে উৎসাহকাৰী ৰসায়ন ড'পামিনৰ মূল উৎস হৈছে টাইৰ'চিন (Tyrosine) নামৰ যাৰ মূল উৎস হৈছে দুগ্ধজাত সামগ্ৰী, কণী আদি। তাৰ লগতে উদ্বেগ প্ৰতিৰোধী অন্য এবিধ স্নায়ু-ৰসায়ন গাবা (GABA) নিৰ্মাণতো প্ৰটিনযুক্ত খাদ্যৰ এক গুৰুত্বপূৰ্ণ অৰিহণা আছে। তাতোকৈ দৰকাৰী কথাটো হৈছে খাদ্যত প্ৰটিন অবিহনে তেজত চুগাৰৰ মাত্ৰা হঠাতে বাঢ়ি যায় আৰু লগতে কমিও আহে যিয়ে মগজুত উদ্বিগ্নতাৰ জোৱাৰ (panic attack) কঢ়িয়ায় আনে।

গতিকে আমি বুজি পালোঁ যে উদ্বিগ্নতাত ভোগা মানে অকল মনৰ ভিতৰত হোৱা খেলিমেলি বুলি ভৱা অনুচিত। বৰঞ্চ অন্য শাৰীৰিক কাৰকে আমাৰ মাজলৈ উদ্বিগ্নতা কঢ়িয়াই অনাৰ সম্ভাৱনা বেছি। এইক্ষেত্ৰত উল্লেখ কৰা উচিত হব যে এই লিখনিটোত আগবঢ়োৱা এই ৫টা শাৰীৰিক কাৰকৰ বাহিৰেও অন্য বহুতো কাৰকে ক্ৰিয়া কৰিব পাৰে। সেয়ে অধিক দিনলৈ উদ্বিগ্নতাত ভূগিলে কোনো অভিজ্ঞ চিকিৎসক বা মনস্তত্ত্ববিদৰ পৰামৰ্শ লোৱাতো অতিকে জৰুৰী। তাতোকৈ জৰুৰী হৈছে নিজক বুজিবলৈ কৰা প্ৰয়াস আৰু নিজৰ উপৰত থকা গভীৰ বিশ্বাস।

লিখকঃ
ডাঃ কমল কৃষ্ণ নাথ
এম ডি (আয়ুৰ্বেদ)
বিশেষজ্ঞ আয়ুৰ্বেদ চিকিৎসক
সঞ্জীৱন ৱেলনেছ (ৰঙিয়া, মূৰাৰা)
ফোন নং 9864332499

আমি লক্ষ্য স্থিৰ কৰোঁ কিন্ত পূৰণ কৰাত ব্যৰ্থ হওঁ। তাৰ কাৰণ কি? নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আমি নতুন নতুন সংকল্প গ্ৰহণ ক...
04/02/2026

আমি লক্ষ্য স্থিৰ কৰোঁ কিন্ত পূৰণ কৰাত ব্যৰ্থ হওঁ। তাৰ কাৰণ কি?

নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আমি নতুন নতুন সংকল্প গ্ৰহণ কৰোঁ। এয়া স্বাভাৱিক কথা। কিছুমানে ৰাতিপুৱা ৫ বজাত উঠিম বুলি সংকল্প লয়। কিছুমানে আকৌ প্ৰতিদিনে জিম কৰিম বুলি লয়। ছাত্ৰ-ছাত্ৰীৰ বহুতে দৈনিক ৫ ঘণ্টা পঢ়িম বুলি লয়। বহুতে মদ এৰিম, চিগাৰেট এৰিম আদিৰো সংকল্প লয়। কিন্তু বেছি ভাগেও সংকল্প ৰাখিব নোৱাৰে। তথ্যত প্ৰকাশ যে ১মাহৰ ভিতৰতে ৫০% সংকল্প ভংগ হয়। আনহাতে মাত্ৰ ২০% লোকেহে বছৰৰ শেষলৈ এই সংকল্প সমূহ ধৰি ৰাখিব পাৰে। আহকচোন লক্ষ্য পূৰণ কৰাৰ ব্যৰ্থ হোৱাৰ কাৰণ সমূহ আজি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ।

১) অত্যধিক নিৰ্ভৰশীলতাঃ বেছিভাগ লোকেই লক্ষ্য বা সংকল্প পূৰণৰ বাবে বেলেগৰ ওপৰত সম্পুৰ্ণকৈ নিৰ্ভৰ কৰে। যেনে ৰাতিপুৱা উঠাবলৈ কাৰোবাৰ কয়। জিমটো অন্য কাৰোবাৰ লগত ব্যায়াম কৰে। পঢ়োতে অন্যৰ লগত পঢ়ে ইত্যাদি। কিন্তু এনে কৰিলে নিজৰ ওপৰত থকা বিশ্বাসৰ অভাৱ ঘটিবলৈ ধৰে। আপুনি ভাবক চোন সামান্য এটা কাম কৰিবলৈ বেলেগৰ উপৰত নিৰ্ভৰ কৰিলে আপোনাৰ নিজৰ কি দায়িত্ব থাকিল! অন্য ব্যক্তিয়ে আপুনি লোৱা সংকল্পৰ মূল্য সদায়ে বুজিব জানো? কিন্তু তাতে এটা কথা আছে। একেবাৰে কাৰো সহায় নোলোৱাতকৈ কিছু সহায় লোৱাতে নিশ্চয়কে ভাল।

২) বিফলতাক মানি লোৱাঃ কোনো কাম আৰম্ভ কৰোতে তাক ধৰি ৰাখিব নোৱাৰাতো স্বাভাৱিক কথা। গৱেষণাই কয় যে কোনো অভ্যাস ভালদৰে গঢ় লোৱাৰ আগত প্ৰায় ১৪বাৰ বিফল হোৱা দেখা যায়। গতিকে এবাৰ-দুবাৰ বিফলতাই যেন আপোনাক বিচলিত কৰিব নোৱাৰে তাৰ লক্ষ্য কৰিব।

৩) দীৰ্ঘম্যাদী চিন্তাঃ নিজকে প্ৰশ্ন কৰক আপুনি গ্ৰহণ কৰা সংকল্পটো প্ৰকৃততে আপোনাৰ নিজৰ ভিতৰৰ পৰা আহিছেনে? নে এয়া অইন কাৰোবাৰ দেখুৱাবহে আপুনি সংকল্প গ্ৰহণ কৰিছে? লক্ষ্য পূৰণ কৰিবলৈ আপুনি প্ৰকৃততে কিমান দূৰ সাজু? আপুনি তাৰ বাবে নিৰ্দিষ্ট মূল্য ভৰিবলৈ সাজুনে? এই সকলোবোৰ পৰিস্কাৰ হব যেতিয়া আপুনি দীৰ্ঘম্যাদী চিন্তা চৰ্চাৰে পৰিপূৰ্ণ হব। সাময়িক ভাৱে লাভ কৰা বিফলতা আৰু কষ্টক নেওচি আগুৱাই যাব পাৰিব।

৪) আত্মবিশ্বাসঃ আপুনি অকল কোনো বস্তু বিচাৰিলেই নহব। আপুনি সেই বস্তুটো পাবলৈ কিমানখিনি সামৰ্থবান সেয়া নিজে অনুভৱ কৰিব পাৰিব লাগিব। তাৰ বাবে আপুনি নিৰ্ধাৰণ কৰা লক্ষ্যটো এনেকুৱা হব লাগিব যিটো আপুনি বিশ্বাস কৰে যে আপুনি পূৰণ কৰিব পাৰিব। তাৰ বাবে SMART নীতি মানি চলক। অৰ্থাৎ Specific, measurable, attainable, relevant আৰু time bound। Specific আৰু measurable ৰ অৰ্থ হৈছে নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা যিটো আমি জুখিব পাৰোঁ। যেনে আপুনি ফিট হৈ থাকিব বুলি কোৱাৰ সলনি কওঁক মই দৈনিক আধা ঘণ্টা খোজ কাঢ়িম, মই সপ্তাহৰ ৫ দিন জিমত যাম।মই ৰাতি ১০ বজাৰ আগত খাদ্য গ্ৰহণ কৰিম। আনহাতে attainable ৰ অৰ্থ হৈছে এনেকুৱা লক্ষ্য যিটো বাস্তৱসন্মত। যেনে ধৰক আপুনি দৈনিক ১ ঘণ্টাৰ বাবে দৌৰিম বুলি ভাৱিছে কিন্তু আগতে অভ্যাস নাথাকিলে কিছুদিন পিছতে জুৰুলা হৈ দৌৰিব এৰি দিব। তাৰ সলনি আপুনি সপ্তাহৰ ৩ দিন আধাঘণ্টাৰ বাবে দৌৰিবলৈ স্থিৰ কৰি ললে সেয়া অধিক বাস্তৱসন্মত হব। আপোনাৰ মনত এক প্ৰত্যয় জন্মিব যে সেয়া আপুনি কৰিব পাৰে। আনহাতে relevant ৰ অৰ্থ হৈছে আপোনাৰ লক্ষ্য আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হব লাগিব। আপোনাৰ লক্ষ্য আৰু কৰ্মৰ মাজত এক মিল তৈয়াৰ হব লাগিব। সৰ্বশেষত আমাৰ লক্ষ্য এনেকুৱা হোৱা উচিত যিটো এক নিৰ্দিষ্ট সময়ত পূৰণ হয়। যেনে মই আগন্তুক ৬ মাহত শৰীৰৰ ৩ কেজি ওজন কমাম। মই লিখনিটো ২ দিনত লিখি সমাপ্ত কৰিম। মই কিতাপখন ১ সপ্তাহৰ ভিতৰত পঢ়ি শেষ কৰিম। এই SMART নীতি সঠিককৈ পালন কৰি লক্ষ্য নিৰ্ধাৰণ কৰিলে আপোনাৰ মনত দৃঢ় আত্মবিশ্বাস জন্মিব যে আপুনি সঁ‌চাকৈয়ে লক্ষ্য পূৰণ কৰিবলৈ সমৰ্থ। আপুনি অধিক প্ৰত্যয়েৰে লাগি পৰিব। এয়ে আপোনাক এনে এক গতি প্ৰদান কৰিব যে লক্ষ্য পূৰণৰ বাহিৰে আপোনাৰ আৰু বেলেগ উপায় নাথাকিব।

মাত্ৰ এটা বুজি উঠক, সফলতা নিশ্চিতজীৱনত সফলতা লাভ কৰা কোনো অসম্ভৱ বিষয় নহয়। আপুনি জানি আচৰিত হব যে সফলতাৰ গোপন চাবিকাঠী আ...
02/02/2026

মাত্ৰ এটা বুজি উঠক, সফলতা নিশ্চিত

জীৱনত সফলতা লাভ কৰা কোনো অসম্ভৱ বিষয় নহয়। আপুনি জানি আচৰিত হব যে সফলতাৰ গোপন চাবিকাঠী আমাৰ মগজুৰ ভিতৰতে লুকাই আছে। এই চাবিকাঠীৰ নাম হ'ল Anterior Mid-cingualate Cortex। মগজুৰ সন্মুখৰ পিনে অতল গহ্বৰত লুকাই থকা এই চাবিকাঠীৰ শক্তি বৃদ্ধি কৰি আমি কঠিনতকৈ কঠিন কাম কৰিবলৈ সক্ষম হওঁ। ইয়াক মগজুৰ ভিতৰত থকা এটা মাংসপেশীৰ লগত তুলনা কৰিব পাৰি যাৰ আকাৰ আমি চেষ্টা কৰি বৃদ্ধি কৰিব পাৰোঁ। গৱেষণাই প্ৰমাণ কৰিছে যে যেতিয়াই আমি কোনো প্ৰত্যাহ্বানযুক্ত কামত ব্ৰতী হওঁ তেতিয়াই এই অংশত তেজৰ চলাচল বৃদ্ধি পাই। ই এই অংশক অধিক জাগ্ৰত আৰু শক্তিশালী হৈ পৰে। সেয়ে সফল ব্যক্তি সকলৰ মাজত মগজুৰ এই অংশৰ আকাৰ কিছু ডাঙৰ দেখা পোৱা যায়। আনহাতে যিসকলে শাৰীৰিক প্ৰত্যাহ্বানৰ দ্বাৰা নিজকে ফিট কৰি ৰাখিছে তেওঁলোকৰ মাজতো একেই প্ৰতিফলন হয়। এনে লোক অধিক সুস্থ-সবল আৰু দীৰ্ঘজীৱী হোৱা দেখা যায়। তেওঁলোকে কঠিন কামত দীৰ্ঘ সময়ৰ বাবে জড়িত হোৱাৰ শক্তি লাভ কৰে। তাৰ বিপৰীতে যিসকল লোক দুৰ্বল আৰু বিভিন্ন ক্ষেত্ৰত সফল হব নোৱাৰে তেওঁলোকৰ এই অংশ তুলনামূলকভাৱে ক্ষুদ্ৰ।

ইয়াতে আমাৰ বাবে ভাল খবৰ এয়ে যে মগজুৰ এই অংশক আমি সঠিককৈ প্ৰতিপালন কৰি আমি জীৱনত সফল হব পাৰোঁ। সামাজিক, অৰ্থনৈতিক, শাৰীৰিক আৰু মানসিক ভাৱে শক্তিশালী হব পাৰোঁ। কিন্তু তাৰ বাবে প্ৰয়োজন হব বৰ্তমানৰ আৰামদায়ক অৱস্থাক প্ৰত্যাহ্বান জনাই সুচিন্তিতভাৱে ভাৱে কোনো কঠিন কামত জপিয়াই পৰা। এনেকুৱা কঠিন কাম যিয়ে কৰিবলৈ আমি বহু দিনৰ পৰা ভাৱি আছিলোঁ কিন্তু আৰম্ভ কৰিবলৈ সাহস গোটাব পৰা নাছিলোঁ। নতুবা আৰম্ভ কৰিছিলোঁ কিন্তু সমাপ্ত কৰিব পৰা নাছিলোঁ। হয়তো এই কঠিন কামটোৱে আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিবলৈ সক্ষম।

কিন্তু গুৰুত্বপূৰ্ণ কথাতো হ'ল মগজুৰ এই অংশটোৰ আকাৰ আপুনি কিদৰে বৃদ্ধি কৰিব বা এই অংশটোক কিদৰে শক্তিশালী কৰিব। তাৰ বাবে আটাইতকৈ শক্তিশালী উপায় হ'ল এনেকুৱা এক কাম বাচি লোৱা যিটো কিছু কঠিন কিন্তু ইমানো কঠিন নহয় যে ই আপোনাক বিচলিত কৰিব পাৰে। এনেকুৱা লক্ষ্য বাচি লওঁ‌ক যিটো কিছু কঠিন কিন্তু তাত উপনীত হোৱাতো অসম্ভৱ নহয়। এই লক্ষ্যত উপনীত হবলৈ আপুনি আপুনি এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক আৰু চেষ্টা কৰক যে এই নিৰ্ধাৰিত সময়ৰ পূৰ্বেই আপুনি লক্ষ্য প্ৰাপ্তি কৰিব পাৰে। ইয়ে আপোনাক এক অমিয়া সুখ আৰু সন্তুষ্টি দিব, আপোনাৰ আত্মবিশ্বাস মুহূৰ্তৰ ভিতৰতে বৃদ্ধি কৰিব। এই কামটো কৰাৰ পিছত আপুনি পৰৱৰ্তী কামত অধিক ক্ষিপ্ৰতাৰে লাগি পৰক আৰু তাক পূৰণ কৰক। ইয়ে আপোনাৰ ইচ্ছাশক্তি বৃদ্ধি কৰিব, আপোনাৰ মাজত এক শৃংখলাবদ্ধতাৰ জন্ম দিব।

এইখিনিতে বহুতৰে মাজত উদয় হোৱা এক প্ৰশ্ন হ'ল আমি এনেকুৱা কি কাম বাচি লম? তাৰ বাবে আপুনি নিজকে কিছু বুজিবলৈ চেষ্টা কৰিব লাগিব। আপুনি নিজকে প্ৰশ্ন কৰক এনেকুৱা কি কি কাম আছে যিবোৰ মোৰ মই বহুদিনৰে পৰা কৰিবলৈ বিচাৰি আছোঁ কিন্তু কামটোত বিফল হম বুলি আৰম্ভ কৰিব খোজা নাই। এনে কোনবোৰ বিষয় আছে যিবোৰ মোৰ বহুত প্ৰিয় নহলেও মোক আগুৱাই নিয়াত সহায় কৰিব? যিবোৰ কৰিলে মোৰ মাজত এক পৰিপূৰ্ণতাৰ ভাৱ কঢ়িয়াই আনিব? যিবোৰ কাম কিছু কঠিন যদিও মোৰ সাধ্যৰ ভিতৰত। এনেবোৰ কাম চিনাক্ত কৰি প্ৰথমে এখোজ-দুখোজেৰে এই কাম বোৰ কৰিবলৈ আৰম্ভ কৰক। এবাৰ মনৰ জড়তা আতৰি গলে দুগুণ উৎসাহেৰে এনেবোৰ কামত নামি পৰক। যিহেতু এই কামবোৰ কৰাত আপুনি অভ্যস্ত নহয়, তাৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হব পাৰে। এয়া কোনো ডাঙৰ কথা নহয়। কিন্তু অলপতে নিৰাশ নহব। কামটোত লাগি থকাৰ অভ্যাস গঢ় দিয়ক। লগতে আপুনি লক্ষ্য কৰক কিহে আপোনাক কামটো কৰাত বাধা দিয়ে। তাক সমাধান কৰিবলৈ চেষ্টা কৰক। যেনে কোনো কাম কৰাত আপোনাৰ সামগ্ৰিক পৰিবেশটোৱে যদি বাধা দিয়ে তেতিয়া হয় ঠিক কৰক বা সলনি কৰক।

এইখিনিতে লক্ষ্য কৰিব লগীয়া কথাটো হ'ল ড'পামিন নামৰ স্নায়ু-ৰসায়নবিধক ভালদৰে প্ৰতিপালন কৰা। আমি প্ৰত্যেকেই জানো যে ড'পামিন হ'ৰমনবিধে আমাক উদ্দীপনা প্ৰদান কৰে। যেতিয়াই আমি কোনো কাংক্ষিত বস্তু পাবলৈ হাবিয়াহ কৰোঁ নতুবা পাম বুলি মনত বিশ্বাস জন্মে তেতিয়াই এই ড'পামিন নামৰ ৰসায়নবিধৰ নিঃসৰণ হয় যিয়ে আমাক কাম বিধত লাগি থাকিবলৈ প্ৰেৰণা যোগায়। কিন্তু সমস্যা হ'ল মগজুৱে সদায় সহজলভ্য কাম কৰিব বিচাৰে যাতে ড'পামিন প্ৰাপ্ত কৰিবলৈ যাতে অধিক কষ্ট কৰিব লগীয়া নহয়। আমি যদি ভাল লগা বা সহজ লভ্য সুখত ড'পামিন পাওঁ ই নিশ্চয়কে কঠিন কামৰ পৰা ড'পামিন নিবিচাৰিব। সেয়ে আমি এটা কথা মনত ৰাখিব লাগে যে কোনো কঠিন কাম কৰাৰ আগমুহূৰ্তত এনেকুৱা কাম কৰিব নালাগে যিয়ে ড'পামিন হঠাতে বৃদ্ধি কৰে। এনে কৰিলে কঠিন কাম আমি কৰিবই নোৱাৰিম।

থুলমূলকৈ সফলতাৰ বাবে আমি কৰিব লগীয়া কামটো হ'ল ১) আপোনাৰ কি কৰিব তাক বাচি উলিয়াই লোৱা ২) কামটো অলপ অলপকৈ কৰিবলৈ আৰম্ভ কৰা ৩) কামটো কৰোতে অন্য বিষয়ত জড়িত নোহোৱা ৪) কামটো সমাপ্ত কৰিবলৈ চেষ্টা কৰা। ৫) পুনৰ নতুন ফলপ্ৰসূ কামৰ সন্ধান কৰা একেদৰে কামটো সমাপ্ত কৰা। এই ৫টা খোজ যেতিয়া আপোনাৰ অভ্যাসৰ অংগ হৈ পৰিব তেতিয়া আপুনি এদিন দেখিব যে বহুত ডাঙৰ ডাঙৰ কামো আপুনি কৰিবলৈ সমৰ্থবান হৈছে। তেতিয়া সফলতা লাভ কৰাত আৰু আপোনাক কোনেও বাধা দি ৰখাব নোৱাৰে। আপুনি সফলতা লাভ কৰিবই।

লিখকঃ
ডাঃ কমল কৃষ্ণ নাথ
ৰঙিয়া
02/02/2026

সফল হব বিচাৰে নেকি? এই দুটি পথ অৱলম্বন কৰক। সফলতা নিশ্চিতদৰাচলতে সফলতাৰ কোনো চমু পথ নাই। আপুনি কষ্ট কৰিবই লাগিব। কিন্তু ...
29/01/2026

সফল হব বিচাৰে নেকি? এই দুটি পথ অৱলম্বন কৰক। সফলতা নিশ্চিত

দৰাচলতে সফলতাৰ কোনো চমু পথ নাই। আপুনি কষ্ট কৰিবই লাগিব। কিন্তু এইটোও সত্য যে উৎসাহ, সঠিক জ্ঞান আৰু সঠিক কৰ্মই আপোনাৰ সফলতাৰ বাট ভালেখিনি চমু কৰি আনিব পাৰে। তাৰ অৰ্থ আপুনি লক্ষ্য নিৰ্ধাৰণ কৰিবই লাগিব, ৰণ কৌশল প্ৰস্তুত কৰিবই লাগিব, পথত খোজ দিবই লাগিব, কাম আৰম্ভ কৰিবই লাগিব। মাথোঁ লক্ষ্যত উপনীত হোৱা পথটো চমু কৰিব পাৰে বা কোনো উপায়ে সেই লক্ষ্য প্ৰাপ্তিৰ সময় চমু কৰিব পাৰে।

কিন্তু আমাৰ বেছি ভাগেই খোজ দিয়াৰ আগতেই যাত্ৰা পথত সন্মুখীন হব পৰা কষ্টকলৈ অনাহক চিন্তাত ভূগে। আৰু সেই বাবেই আৰম্ভই কৰিব নোৱাৰে বা আৰম্ভ কৰিলেও সামান্য বাধা বিঘিনিৰ সন্মুখীন হলেই দুৰ্ভাৱনাত ভূগিব লয়। ফলত লক্ষ্যত উপনীত হোৱাতো অসম্ভৱ হৈ পৰে।

এতিয়া ধৰি ললোঁ‌ আপুনি আপোনাৰ লক্ষ্যত উপনীত হবলৈ ১ বছৰৰ সময় নিৰ্ধাৰণ কৰিছে। আপোনাৰ ভাৱ আহিল যে ইমান কম সময়ত মই কিদৰে এই বিশালকায় লক্ষ্যত উপনীত হম। ফলত আপুনি এই লক্ষ্য অসম্ভৱ বুলি গণ্য কৰিলে আৰু চেষ্টা কৰাই বাদ দিলে। তাৰ কাৰণ হ'ল আপুনি নিজকে বিশ্বাসত লোৱা নাই। আপুনি ভাৱি পোৱা নাই যে ইমান ডাঙৰ লক্ষ্য কিদৰে পূৰণ হব পাৰে। যদিওবা আমাৰ বেছি ভাগৰেই তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ আশা নাই, তাৰে মাজতে মুষ্টিমেয় এনে লোকো থাকিব যিয়ে নিজৰ লক্ষ্যত সহজে উপনীত হোৱাই নহয় বৰং লক্ষ্যতকৈ বহু বেছি লাভ কৰিছে। এতিয়া প্ৰশ্ন হ'ল এয়া কিদৰে সম্ভৱ। তেওঁলোকে এনে কি কৰিলে যাৰ ফলত লক্ষ্য প্ৰাপ্তি সহজ হৈ পৰিল। তাৰ বাবে আপোনাক মাত্ৰ দুটি কথা উনুকিয়াই থব বিচাৰিছোঁ যিয়ে লক্ষ্য প্ৰাপ্তি নিশ্চিতভাৱে বাস্তৱায়িত কৰিব।

১) লক্ষ্য নিৰ্ধাৰণ কৰক যত উপনীত হৈ আপুনি কব পাৰে ৱাহ, পাই গলোঁ। তাৰ বাবে লক্ষ্যৰ এক উপযুক্ত আৰ্হি তৈয়াৰ কৰক যিয়ে আপোনাক পৰবৰ্তী পৰ্যায়লৈ লৈ যাব। আপুনি গভীৰ ভাৱে আপোনাৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হব বুলি নিজকে বিশ্বাস জন্মাব লাগিব। আপুনি ভাবিব পাৰিব লাগিব যে মই পাৰিম, যেনেকৈয়ে নহওক মই পাৰিম।

২) aMCC ক শক্তিশালী কৰকঃ aMCC আচলতে কি? aMCC মানে Anterior midcingulate cortex। এই aMCC হ'ল মগজুৰ এনে এক অংশ যিটো বৃদ্ধি পাই যেতিয়া আপুনি স্ব-ইচ্ছাৰে কোনো কঠিন কাম কৰে যিটো কৰিবলৈ আপুনি টান পায়। যেনে ধৰক আপুনি শীতকালত আপুনি ঠাণ্ডা পানীৰে গা ধুব টান পায়। কিন্তু টান পোৱা স্বত্বেও যেতিয়া আপুনি শীতল পানীৰে গা ধুব, তেতিয়া আপোনাৰ মগজুৰ এই অংশৰ আকাৰ বৃদ্ধি পাব। তাৰ লগে লগে ই শক্তিশালীও হৈ পৰিব। এতিয়া সকলোৰে মনত আহি থকা প্ৰশ্নটো হ'ল এই অংশ বৃদ্ধি হোৱাৰ লগত সফলতাৰ কি সম্পৰ্ক। আছে নিশ্চয় আছে। এই aMCC শক্তিশালী হলে আপুনি ভবিষ্যতে অধিক কঠিন কাম হাতত লবলৈ সাহস গোটাব পাৰিব। কিন্তু তাতে এটা কথা নিহিত হৈ আছে। আপুনি যদি আগতে ভাৱি লয় যে কামটো ইমান কঠিন নহয়, তেতিয়া এই অংশটো নাবাঢ়ে। ই বৃদ্ধি পাব তেতিয়াহে যেতিয়া কোনো কাম আপুনি টান পাই কিন্তু তাৰ পিছতো কামটো সমাপ্ত কৰে। অৰ্থাৎ প্ৰত্যাহ্বান ললেহে মগজুৰ এই অংশটোৰ বৃদ্ধি হয়। তাৰ লগে লগে আপোনাৰ কঠিন কাম হাতত লোৱাৰ সাহস বাঢ়ি যাব। আপুনি আগতকৈ অধিক উৎসাহী, বিজ্ঞ আৰু প্ৰত্যুৎপন্নমতি হিচাপে বিবেচিত হব। আপোনাৰ আত্ম বিশ্বাস বৃদ্ধি পাব। আপুনি নতুন নতুন কথা শিকিব পাৰিব আৰু সেইবোৰ বাস্তৱ জীৱনত কামত লগাব পাৰিব। আপুনি কোনো সমস্যা দেখা পালেই থৰ-কাছুটি হেৰুৱাৰ পৰিবৰ্তে ধীৰ-স্থিৰ সহকাৰে কি কৰিব পাৰি তাৰ পৰ্যালোচনা কৰিব। কাৰ্যপন্থা হাতত লব। প্ৰতিদিনে যদি আপুনি একেই উদ্যমেৰে কাম হাতত লয় আপুনি হয়তো কল্পনাই কৰিব নোৱাৰিব যে আপুনি কিমান আগবাঢ়ি যাব। বছৰটো শেষত আপুনি দেখিব যে আপুনি এজন বেলেগ ব্যক্তি হৈ পৰিছে। আগৰ ভীৰুতা, অলসতা আৰু দুৰ্বলতা আৰু আপোনাৰ মাজত নাই। আপুনি এজন শক্তিশালী, সফল আৰু সুখী ব্যক্তি হৈ পৰিছে।

এয়া হৈছে এক শক্তিশালী, অদম্য মানসিকতা। এই মানসিকতাই আপোনাক নিশ্চিত ভাৱে সফল কৰিব।

লিখকঃ
কমল কৃষ্ণ নাথ
ৰঙিয়া
29/01/2026

Address

Rangia
781354

Website

Alerts

Be the first to know and let us send you an email when Dr Kamal Krishna Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category