District Early Intervention Center-RBSK, Dibrugarh

Directions

District Early Intervention Center-RBSK, Dibrugarh Providing services for children related to 4D's
Running by NHM, under H&FW department.

Today a ​Special RBSK Health Screening Camp Conducted at Borbam MV School in Collaboration with AMCH, Dibrugarh under Na...
15/09/2026

Today a ​Special RBSK Health Screening Camp Conducted at Borbam MV School in Collaboration with AMCH, Dibrugarh under Naharani BPHC.

Ministry of Health and Family Welfare, Government of India
National Health Mission,Assam
Ashok Singhal
District Health Society NHM Dibrugarh

26/08/2026

Health for all
Every child deserves a chance to shine ✨

Ministry of Health and Family Welfare, Government of India
National Health Mission,Assam
District Health Society NHM Dibrugarh Anand Sharma

22/06/2026

RBSK ডায়েৰী - ২

ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ সফলতাৰ কাহিনী : দিব্যজ্যোতিৰ এধানি হাঁহি

ফটো ত দেখা এই কণমানিটি নাহৰণিৰ নহোলাৰ
দিব্যজ্যোতি। জন্মৰে পৰা ওঁঠ-তালু ফুটাত আক্ৰান্ত আছিল দিব্যজ্যোতি । ভালকৈ কথা ক’ব নোৱাৰিছিল, খোৱা-বোৱাত কষ্ট হৈছিল। পিতৃ-মাতৃৰ মনত কেৱল এটা প্ৰশ্নই দোলা দি আছিল- “আমাৰ ল’ৰাটোৰ হাঁহি কেতিয়া ঘূৰি আহিব?”

পৰিৱৰ্তনৰ আৰম্ভণি হ’ল RBSK-ৰ জৰিয়তে ...

2025 চনৰ 25 অক্টোবৰত বামুনবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত মেগা হেল্থ কেম্প - “শুশ্ৰুষা সেতু”-লৈ নাহৰণি BPHC-ৰ RBSK দলে লৈ আহিছিল দিবজ্যোতিক। বিনামূলীয়া পৰীক্ষাৰ পিছত তৎক্ষণাত তালিকাভুক্ত কৰা হ’ল দিব্যজ্যোতিক ।

তাৰ পিছত 15 ডিচেম্বৰ 2025ত দ্বিতীয় পৰ্যায়ৰ কেম্পৰ জৰিয়তে *Mission Smile Centre*-ত দিবজ্যোতিৰ তালুৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হ’ল। যাত্ৰা, চিকিৎসা, অস্ত্ৰোপচাৰ, ঔষধ - সকলোখিনি স্বাস্থ্য বিভাগে বহন কৰে।

দিব্যজ্যোতিৰ অস্ত্ৰোপচাৰ সফল হয় । আজি দিবজ্যোতি সম্পূৰ্ণ সুস্থ💙

এতিয়া দিব্যজ্যোতিয়ে হাঁহে, কথা কয়, আনন্দেৰে খেলি ফুৰে। দিব্যজ্যোতিৰ পিতৃ - মাতৃৰ চকুৰ পানী এতিয়া দুখৰ নহয়, সুখৰ...

দিবজ্যোতিৰ অভিভাৱকে‌ কয় - “চৰকাৰী চিকিৎসাই আমাৰ ল’ৰাটোক নতুন জীৱন দিলে। RBSK নাথাকিলে আমি এই চিকিৎসা কেতিয়াও কৰিব নোৱাৰিলোঁহেতেন। ধন্যবাদ স্বাস্থ্য বিভাগক।”

0-18 বছৰৰ কোনো শিশু চিকিৎসাৰ অভাৱত বঞ্চিত নাথাকক- এয়াই RBSK অৰ্থাৎ ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ-ৰ লক্ষ্য । RBSK ৰ জৰিয়তে সকলো শিশুলৈ আছে জন্মগত ৰোগ, ত্ৰুটি, বিলম্ব ,অপুষ্টি, - সকলোৰে বিনামূলীয়া পৰীক্ষা, বিনামূলীয়া চিকিৎসা, বিনামূলীয়া অস্ত্ৰোপচাৰ ।

কিয়নো স্বাস্থ্য বিভাগৰ এটাই বাণী - স্বাস্থ্যসেৱা সকলোৰে বাবে ... Health For All



National Health Mission,Assam District Administration Dibrugarh Ministry of Health and Family Welfare, Government of India
Ashok Singhal
CMO Assam
Directorate of Information and Public Relations, Assam Directorate of Health Services - Family Welfare, Assam
Sushanta Borgohain
District Early Intervention Center-RBSK, Dibrugarh

Providing Physiotherapy Assistance to Cerebral Palsy Child at DEIC Dibrugarh in Collaboration with RBSK TeamMinistry of ...
22/06/2026

Providing Physiotherapy Assistance to Cerebral Palsy Child at DEIC Dibrugarh in Collaboration with RBSK Team
Ministry of Health and Family Welfare, Government of India
Ashok Singhal
National Health Mission,Assam
District Health Society NHM Dibrugarh

@

18/06/2026
17/06/2026
16/06/2026

RBSK DIARY---১

ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম (RBSK) ৰ সফলতাৰ কাহিনী - "চুমি মূৰাৰ আলোক সন্ধানী যাত্ৰা"

জীৱনটো কেতিয়াবা এনেকুৱা এক বিন্দুত মিলিত হয়গৈ য’ত আশা-নিৰাশাৰ মাজৰ পাৰ্থক্য ধূসৰ হৈ পৰে । ডিব্ৰুগড় জিলাৰ লাহোৱাল স্বাস্থ্য খণ্ডৰ অন্তৰ্গত মাইজান চাহ বাগিচা মডেল স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী চুমি মুৰাৰ বাবেও জীৱনটো সেই বিন্দুতে আহি থমকি ৰৈছিল।

চুমিৰ মাত্ৰ ১৩ বছৰ ৯ মাহ বয়স। পঢ়া-শুনা, খেলা-ধূলা, সপোন দেখাৰ বয়স। কিন্তু যোৱা মাহত বিদ্যালয়ৰ ৰুটিন স্বাস্থ্য পৰীক্ষাৰ সময়ত RBSK দলৰ চকুত ধৰা পৰিল চুমিৰ এটা নিঃশব্দ যন্ত্ৰণা। চুমিৰ বাওঁ চকুটো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত। দৃষ্টিশক্তি প্ৰায় সম্পূৰ্ণৰূপে নোহোৱা হ’বলৈ ধৰিছিল।

RBSK মানে কেৱল স্বাস্থ্য পৰীক্ষা নহয়, RBSK ৰ লক্ষ্য হৈছে সময়মতে ৰোগ/বিসংগতি/ বিলম্ব ধৰা পেলাই, সময়মতে স্বাস্থ্য সহায়ৰ হাত আগবঢ়োৱা। দলটোৱে লগে লগে কোনো বিলম্ব নকৰাকৈ চুমিক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ চকু চিকিৎসা বিভাগলৈ প্ৰেৰণ কৰিলে।

চকু বিশেষজ্ঞ চিকিৎসকসকলে বিশদ পৰীক্ষাৰ পিছত ক’লে - অস্ত্ৰোপচাৰেই একমাত্ৰ পথ। ক্ষতিগ্ৰস্ত চকুৰ ঠাইত কৃত্ৰিম চকুৰ প্ৰ’স্থেচিছ স্থাপন কৰিব লাগিব।

২০২৬ চনৰ ২ মে’। এই দিনটো চুমিৰ বাবে যেন দ্বিতীয়টো জীৱন। AMCত অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হ’ল। কৃত্ৰিম চকু স্থাপন হ’ল। যি চকুৰে তাই পৃথিৱীখন আন্ধাৰ হৈ যোৱা বুলি ভাবিছিল, সেই চকুৰেই তাই এতিয়া নতুনকৈ পোহৰ চাবলৈ শিকিছে।

আজি চুমি মুৰা সুস্থিৰ। তাইৰ মুখত হাঁহি, চকুত নতুন সপোন। নিয়মীয়াকৈ চিকিৎসাৰ ফ’ল’আপ চলি আছে আৰু তাইৰ জীৱনটো এতিয়া আন বহু কিশোৰ- কিশোৰীৰ দৰে আনন্দ- স্ফূৰ্তিৰে আগবাঢ়িছে।

এয়াই RBSK-ৰ সফলতাৰ কাহিনী। বিদ্যালয়ৰ চৌহদত কৰা এটা সাধাৰণ স্বাস্থ্য পৰীক্ষাই এগৰাকী ছাত্ৰীৰ গোটেই জীৱন সলনি কৰি দিলে। স্বাস্থ্য বিভাগৰ RBSK কাৰ্যসূচীৰ সময়মতে ৰোগ চিনাক্তকৰণ, সময়মতে চিকিৎসালয়লৈ প্ৰেৰণ, আৰু সময়মতে চিকিৎসা - এই তিনিটি কাৰ্যপন্থাই আজি চুমিক নতুন জীৱন দিলে।

চুমিৰ নতুন চকু এতিয়া ব্যস্ত এই সম্ভাৱনাময় পৃথিৱী খন‌ চোৱাত আৰু মন কৃতজ্ঞ চৰকাৰৰ এই অভিনৱ কাৰ্যসূচী ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ প্ৰতি ।

চুমি লৈ অফুৰন্ত শুভকামনা।।।

Ashok Singhal CMO Assam PMO India Ministry of Health and Family Welfare, Government of India Sushanta Borgohain District Early Intervention Center-RBSK, Dibrugarh
National Health Mission,Assam
District Administration Dibrugarh
Directorate of Information and Public Relations, Assam Directorate of Health Services - Family Welfare, Assam

12/06/2026

Health for all…


Ministry of Health and Family Welfare, Government of India
Anand Sharma

Address

Dibrugarh

Opening Hours

Monday 8am - 2pm
Tuesday 8am - 2pm
Wednesday 8am - 2pm
Thursday 8am - 2pm
Friday 8am - 2pm
Saturday 8am - 2pm

Website

Alerts

Be the first to know and let us send you an email when District Early Intervention Center-RBSK, Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category