19/06/2026
অভিজ্ঞতা:
১) চিকিৎসালয়ত এজনী ষোল্ল বছৰীয়া ছোৱালী মেডিচিন বিভাগত ভৰ্তি হৈ আছে। ঘৰ তিনিচুকীয়া জিলাত। বিশেষ কাৰণত মেডিচিন বিশেষজ্ঞই মোক চাবলৈ মাতিলে। কাৰণ ছোৱালীজনীয়ে এতিয়ালৈকে তিনিবাৰ আত্মহত্যাৰ চেষ্টা কৰিছে, প্ৰতিবাৰেই ঔষধৰ অভাৰডজিং (overdosing) । ঘৰৰ মানুহৰ অজ্ঞাতে তাই মনে মনে ফাৰ্মাচীৰ পৰা উচ্চ ৰক্তচাপৰ দৰব কিনি আনে আৰু মৰিবলৈ বুলি খাই দিয়ে। মই সুধিলোঁ “তোমাৰ নিচিনা ইমান সৰু ছোৱালীজনীক ফাৰ্মাচীত বিনা প্ৰেচক্ৰিপচন দৰব কেনেকৈ দিয়ে?” তাই কলে, “হয় আমাৰ তিনিচুকীয়াত দিয়ে”। সন্দেহ নাই, ছোৱালীজনীৰ ডিপ্ৰেছন নামৰ মানসিক ৰোগবিধ হৈছে। কিন্তু ফাৰ্মাচীবোৰে বিনা প্ৰেচক্ৰিপচন ইমান সৰু ছোৱালী জনীক কিদৰে দৰব বেচিছে? যদি ছোৱালীজনীৰ কিবা এটা অঘটন ঘটে , তেন্তে কোন দায়ী হব?
২) শিৱসাগৰ জিলাৰ পৰা এগৰাকী তেইশ বছৰীয়া ছোৱালী আঢ়ৈ বছৰৰ পাছত মোক পুনৰাই দেখা কৰিবলৈ আহিল। মই সুধিলোঁ যে কিয় ইমান দেৰি হল? ৰোগীয়ে কলে “দৰব নিয়মীয়াকৈ খাই আছো নহয়, সেইবাবে চেক আপত অহা নাই। কিন্তু কেইমাহমানৰ পৰা অলপ ঋতুস্ৰাৱৰ সমস্যা হোৱাৰ লগতে এমাহ মানৰ পৰা মানসিক ৰোগৰ লক্ষণবোৰ বেয়া হৈ অহাৰ বাবে দেখুৱাব লগীয়াত পৰিলো।” মই সুধিলোঁ, “ফাৰ্মাচীবোৰে দিন উকলি যোৱা প্ৰেচক্ৰিপচনখনতো, যোৱা দুবছৰ ধৰি দৰব যোগান ধৰি আছে?” তেওঁলোকে কলে “ হয়, আমাৰ শিৱসাগৰত তেনে কোনো অসুবিধা নাই। যদি দৰব নাথাকেও, তেওঁলোকে ডিব্ৰুগড়ৰ পৰা আনি দিয়ে”।
৩) অৰুণাচলৰ এজন একৈছ বছৰীয়া ৰোগী এবছৰৰ পাছত মোৰ ওচৰলৈ চেক আপত আহিছিল। মই কিয় ইমান সময় লাগিল বুলি সোধাত তেওঁ কলে যে এমাহৰ আগলৈকে সকলো ঠিকেই আছিল, কিন্তু শেহতীয়াকৈ ৰোগৰ লক্ষণবোৰ পুনৰাই দেখা দিছে; যদিও তেওঁ নিয়মিতকৈ দৰব খাই আছে। তাতে মাজতে তেওঁ বেচ কিছুদিন ড্ৰাগছ সেৱনো কৰিছিল, কিন্তু পাছত নিজে এৰি দিলে। মই সুধিলো “ম্যাদ পাৰ হৈ যোৱা prescription ত দৰব কেনেকৈ পালা”? তেওঁ কলে, “তিনিচুকীয়াৰ ফাৰ্মাচীত পোৱা যায়”।
ওপৰোক্ত কাহিনীবোৰত আপোনালোকে দেখিব যে ফাৰ্মাচী সমূহৰ অবৈধ কামৰ বাবে যদি কোনোবাৰ জীৱন হানি হোৱাৰ আশংকা দেখা দিছে, আন কাৰোবাৰ আকৌ ৰোগ নিৰাময় হোৱাত বাধা প্ৰদান হৈছে বা কাৰোবাৰ দৰবৰ পাৰ্শ্বক্ৰিয়া ( side effects) হিচাবে বেলেগ ৰোগৰ জন্ম দিয়াইছে। সকলো দৰবৰে ব্যবহাৰ কৰাৰ নিৰ্দিষ্ট পৰিমাণ, সময়, পদ্ধতি আদি আছে। তাক যদি চাই থকা নহয় ৰোগৰ নিদান সম্ভৱ নহয়। আৰু চিকিৎসক সকলেহে ইয়াক অনুধাৱন কৰিবলৈ সক্ষম। গতিকে নিয়মীয়াকৈ চেক আপত অহাটো অত্যন্ত জৰুৰী। ই সকলো ৰোগৰ ক্ষেত্ৰত প্ৰযোজ্য। ৰোগী আৰু পৰিয়ালৰ ভুল আছে, কিন্তু ফাৰ্মাচীসমূহে এনেদৰে বিনা চিকিৎসকৰ পৰামৰ্শত দৰব বেচি ৰোগীৰ উপকাৰ সধাৰ সলনি ভীষণ অহিত সাধন কৰি আহিছে। সিহঁতি কেৱল ধন হে চিনি পায়, তাৰ বাবে কাক কেনেকৈ মেনেজ কৰিব লাগে সেইবোৰ ভালকৈ জানে। কিন্তু ৰোগীৰ স্বাৰ্থত এনেবোৰ কাৰ্য্য বন্ধ হোৱাটো জৰুৰী। মই চৰকাৰী কতৃপক্ষক এনে অবৈধ কাৰ্য্য বন্ধ কৰিবলৈ ইয়াৰ দ্বাৰাই আহ্বান জনালোঁ।