18/04/2026
আপোনাৰ সন্তানৰ বয়স যদি ৬ বছৰ সম্পূৰ্ণ হৈছে, তেতিয়াহ’লে আজিয়েই চকুৰ মায়োপিয়া অসূখৰ বাবে চকু পৰীক্ষা কৰক৷
মায়োপিয়া কি?
সময়ৰ সৈতে আপোনাৰ চকুৰ আকাৰ সলনি হয়।
আপুনি জন্ম লোৱাৰ মুহূৰ্তৰ পৰা আপোনাৰ চকু ডাঙৰ হৈ যায় আৰু সাধাৰণতে ৬–৭ বছৰ বয়সলৈকে এই বৃদ্ধি চলি থাকে।
কিন্তু কেতিয়াবা আপোনাৰ চকুৰ বৃদ্ধি বন্ধ নহয়।
যেতিয়া চকু অতিপ্ৰসাৰিত হৈ দীঘলীয়া হয়, তেতিয়া মায়োপিয়া হয়। মায়োপিয়া হৈছে চকুৰ এটা অৱস্থা য'ত দূৰৰ বস্তু চাওঁতে আপুনি অধিক অস্পষ্ট দেখে, কিন্তু ওচৰৰ বস্তু তুলনামূলকভাৱে স্পষ্ট দেখে।
মায়োপিয়া হৈছে এটা দৃষ্টিসংক্রান্ত সমস্যা, যি ৬ বছৰ বয়সৰ শিশুৰ মাজতো সাধাৰণভাৱে দেখা যায়।
যিমান কম বয়সত শিশুৰ মায়োপিয়া আৰম্ভ হয়, সিমান বেছি দ্ৰুতগতিত ই বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
যদি সময়মতে ব্যৱস্থা লোৱা নহয়, মায়োপিয়া থকা শিশুৰ দৃষ্টি অধিক অস্পষ্ট হৈ যাব পাৰে।
ভাল খবৰঃ
আপুনি মায়োপিয়া ঠিক কৰিব পাৰে আৰু ইয়াৰ অগ্ৰগতি ধীৰ কৰিব পাৰে, আধুনিক লেন্স থকা চশমাৰ সহায়ত!
WHAT IS MYOPIA?
YOUR EYES CHANGE SHAPE OVER TIME.
From the moment you are born, your eyes grow until you reach the age of 6–7 years old.
BUT SOMETIMES YOUR EYES DON’T STOP GROWING.
When your eyes grow excessively and elongate till it is too long, it results in myopia. Myopia is a condition of the eye where what you see at distance vision is more blurred compared to what you see at near vision.
Myopia is a vision problem common among children as young as 6 years old.
The younger a child becomes myopic, the faster their myopia may progress.
When unaddressed, the vision of myopic children may get blurrier through their school years.
GOOD NEWS
You can CORRECT and SLOW DOWN the progression of myopia, thanks to glasses with innovative lenses!
Picture courtesy : essilor