13/07/2026
কালি "অসম জ্যেষ্ঠ নাগৰিক সন্মিলন", দুলীয়াজান শাখাৰ দ্বি-বাৰ্ষিক অধিবেশনত সভাপতি ৰঞ্জিত মহন ডাঙৰীয়া আৰু সম্পাদক প্ৰদীপ কুমাৰ গগৈ ডাঙৰীয়াৰ সাদৰ নিমন্ত্ৰণ ৰক্ষা কৰি নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰাৰ সুযোগ লাভ কৰিলোঁ।
অনুষ্ঠানৰ বিশিষ্ট অতিথি আছিল প্ৰাধ্যাপক ড০ সত্যকাম বৰঠাকুৰ ছাৰ। তেখেতৰ জ্ঞানগৰ্ভ আৰু মধুৰ ভাষণে উপস্থিত সকলোকে গভীৰভাৱে অভিভূত কৰে।
বিভিন্ন গৱেষণাই কয় যে ৪০ বছৰ বয়সৰ পিছত প্ৰতি বছৰে মানুহৰ প্ৰায় ১-৩% পেশীৰ ভৰ আৰু শক্তি হ্ৰাস পায়। বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰত এই হাৰ আৰু অধিক হব পাৰে।
মাংসপেশীৰ অধিক শিথিলতাৰ ফলত Sarcopenia অৰ্থাৎ বয়সজনিত পেশী ক্ষয় ৰোগ'ৰ সৃষ্টি হয়। ইয়াৰ ফলত শৰীৰ ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হয় আৰু পৰি গৈ আঘাত পোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।
পৰি যোৱা ৰোধ কৰিবলৈ আমি কি কৰিব পাৰোঁ?
শাৰীৰিক দিশত:
- নিয়মীয়াকৈ খোজ কঢ়া আৰু ভাৰসাম্য ৰখাৰ ব্যায়াম কৰা
- প্ৰটিন, কেলচিয়াম আৰু ভিটামিন D যুক্ত আহাৰ খোৱা
- নন-স্লিপ জোতা পিন্ধা
ঘৰক নিৰাপদ কৰা:
- বাথৰুমত এণ্টি-স্লিপ মেট আৰু ৰেলিং লগোৱা
- চিৰিত ৰেলিং আৰু ৰাতি ডিম লাইট ৰখা
- ঘৰ ৰাস্তাত পৰি থকা বস্তু, তাঁৰ, কার্পেট আঁতৰাই ৰখা
সচেতনতাৰ অভ্যাস:
- বছৰত এবাৰ চকু আৰু কাণৰ পৰীক্ষা কৰোৱা
- ঔষধ খোৱাৰ পিছত আৰু শুৱাৰ পৰা উঠোতে লাহে লাহে উঠা। অন্ততঃ ১০ ছেকেণ্ড বহি লোৱা
- ওখ ঠাইৰ পৰা বস্তু নমাওঁতে সহায় লোৱা আৰু খোজ কাঢ়োতে তলৈ চোৱা
আমাৰ জ্যেষ্ঠ নাগৰিকসকলেই আমাৰ পৰিয়াল আৰু সমাজৰ ভেটি। তেওঁলোকক শাৰীৰিক আৰু মানসিক দুয়ো দিশৰ পৰা সুস্থ, সক্ৰিয় আৰু সুৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য।
শেষত, মোৰ বক্তব্য মনোযোগেৰে শুনাৰ বাবে আৰু শাৰীৰিক অনুশীলনৰ কেইটামান ঢাপ আয়ত্ত কৰাৰ বাবে উপস্থিত সকলো জ্যেষ্ঠ নাগৰিকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু এই সুন্দৰ অনুষ্ঠানলৈ মোক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে সন্মিলনৰ সমগ্ৰ আয়োজক সমিতিকো কৃতজ্ঞতা জনাইছোঁ।
ধন্যবাদ 🙏
ডাঃ মনপ্ৰতিভ বৰুৱা
স্থান: দুলীয়াজান চেণ্ট্ৰেল নামঘৰ প্ৰাংগণ
তাৰিখ: ১২ জুলাই ২০২৬