30/11/2023
অপৰাধ আৰু অপৰাধীৰ মনোবিজ্ঞান :
এজন অপৰাধীৰ মানসিকতা কি ধৰণৰ হয় আৰু তেওঁ কিয় অপৰাধজনিত কাৰণত লিপ্ত হ'ব লগা হয়, সেইবিষয়ে এক আলোচনা আগবঢ়ালোঁ।
এজন ব্যক্তিবিশেষ এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়, যাৰ ফলত এজন ব্যক্তিয়ে অপৰাধ সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে।শৈশৱ কালছোৱাত যদি এজন ব্যক্তিয়ে অত্যাধিক চাপ, অভিভাৱকৰ অৱহেলা, উচ্ছৃংখল ঘৰুৱা পৰিবেশ ইত্যাদিৰ মাজেৰে অতিবাহিত কৰিবলগীয়া হয়, তেনে পৰিস্থিতিত হয়তো তেনে শিশুৱে বয়স বৃদ্ধিৰ লগে লগে অপৰাধজনিত কাৰ্যত লিপ্ত হবলৈ ধৰে।
শৈশৱত যেতিয়া শিশুৱে কোনো ভুল কৰে ,তেতিয়া অভিভাৱকে সেই ভুলৰ কথা গম পাই শিশুটিক সোধা-পোছা কৰোঁতে শিশুটিয়ে যদি সঁচাটোও কয়,তেতিয়াও অভিভাৱকে যদি তাক মাৰ-পিট, দুৰ্ব্যৱহাৰ কৰে, তেতিয়া শিশুৰ মনত এটি নেতিবাচক প্ৰভাৱ চিন্তাই বাঁহ লয়।আৰু এনে ঘটনাৰ পুনৰাবৃত্তি ঘটি থাকিলে লাহে লাহে শিশুটিৰ মনত এটিআক্ৰোশমূলক ভাৱ জাগ্ৰত হয়।সঁচা কথা কোৱাৰ পিছতো শাস্তি দিয়া বা কটু কথা শুনোৱাৰ ফলত শিশুটিৰ মনত এই ভাৱ আহিবলৈ ধৰে যে কোনো ভুলৰ দায়িত্ব স্বীকাৰ কৰি লোৱাটো হে অনুচিত।উদাহৰণস্বৰূপে-এটি শিশুৱে যদি খেলি থাকোঁতে অসাৱনবশতঃ ঘৰৰ কোনো সম্পত্তি নষ্ট কৰে, পিছত অভিভাৱকে সুধোঁতে যদি শিশুটিয়ে কথাটো স্বীকাৰো কৰি লয়, তেতিয়া অভিভাৱকৰ দায়িত্ব হ'ল শিশুটিক সঁচা কোৱাৰ বাবে প্ৰশংসা কৰি তাক মৰমেৰে এইখিনি বুজোৱা যে সি বস্তুটো নষ্ট কৰাৰ বাবে কি কি অসুবিধা হ'ব পাৰে।কিন্তু তাকে নকৰি যদি অভিভাৱকে শিশুটিক সঁচা কোৱাৰ পিছতো শাস্তি হে দিয়ে তেন্তে শিশুটিৰ মনত মিছা কোৱাৰ বা কথা লুকোওৱাৰ প্ৰৱণতাই ভৰ কৰে।আৰু লাহে লাহে ই শিশুটিক বয়স বৃদ্ধিৰ অনুপাতে অপৰাধ প্ৰৱণতা জগাই তোলে।
কোনো কোনো সময়ত শিশু এটি এনে কিছুমান পৰিস্থিতিৰ সন্মুখীন হয় যে অনিচ্ছাস্বত্বেও কিছুমান কাম কৰিবলগা হয় ভয় বা হেঁচাত পৰি।নিৰুপায়ত পৰি কৰিব লগা এনেবোৰ কামৰ ফলত শিশুৰ মনত আক্ৰোশৰ জুই উমি উমি জ্বলি থাকে।পিছত এই আক্ৰোশে সুবিধা পালেই তীব্ৰ ৰূপ লয় আৰু শিশুটিয়ে নিজৰ ওপৰত হোৱা অন্যায়ৰ বিচাৰ নিজতকৈও অন্যায়ভাৱে আনৰ ওপৰত লবলৈ উদ্বুদ্ধ হয়।আৰু ইয়েই এক অপৰাধজনিত কাৰ্য সংঘটিত কৰাত ইন্ধন যোগায়।উদাহৰণস্বৰূপে- এটি শিশুক যদি তাতকৈ জ্যেষ্ঠ বা বলী এজনে হেঁচা প্ৰয়োগ কৰি কোনো কাম আদায় কৰাই লয়,তেতিয়া শিশুটিৰ মনত প্ৰতিশোধৰ জুই জ্বলি উঠে।কিন্তু সুবিধা নোপোৱাৰ বাবে সি প্ৰতিশোধ লবলৈ অপাৰগ হয়।কিন্তু যেতিয়া সি নিজতকৈ দুৰ্বল কাৰোবাৰ সন্মুখীন হয়, তেতিয়া সি তাৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতিশোধ সেই দুৰ্বলৰ ওপৰত লয়।
অৱশ্যে সকলো সময়তে যে এনে কাৰক সমূহেই শিশু এটি বা ব্যক্তিবিশেষক অপৰাধপ্ৰৱণ কৰি তোলে, তেনে নহয়।কিছুমান শিশু অভিভাৱকৰ অপৰাধী মনৰপৰাও অপৰাধপ্ৰৱণতাৰদ্বাৰা প্ৰেৰিত হয়।
শিশুৰ মনত যাতে অপৰাধপ্ৰৱণতাৰ ভাৱবোৰ শিপাবলৈ নাপায়, তাৰ বাবে অভিভাৱকসকল তথা জ্যেষ্ঠসকলক সদায় সচেতন হৈ থাকিব লাগে।মূল্যবোধৰ শিক্ষা, আৱেগৰ ইতিবাচক বান্ধোন, নৈতিকতা, আধ্যাত্মিক শিক্ষা ইত্যাদি উপযুক্ত আৰু ইতিবাচক ৰূপত শিশুৰ মনত জগাই তুলিব লাগে।কেৱল মাত্ৰ পাঠ্যপুথিৰ শিক্ষাই শিশু এটিক এইখিনি দিবলৈ যথেষ্ট নহয়।তদুপৰি সমাজৰ শিক্ষিত তথা দায়িত্বশীল ব্যক্তিসকলে সমাজৰ অশিক্ষিত তথা পিছপৰা শ্ৰেণীৰ মাজতো এই সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰিলেহে সমাজৰ পৰা অপৰাধজনিত ঘটনাবোৰ হ্ৰাস পাব।
✍Kuki Mahanta
Counselling Psychologist
Parenting Coach
Professional Train The Trainer