01/03/2026
Series 18: সন্তানহীনতাৰ বিভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হ'ল ডিম্বাণুৰ শক্তি/ক্ষমতা কমি যোৱা।
[নিম্নোক্ত কথাখিনি লিখাৰ সময়ত ধৰি লোৱা হৈছে যে এহাল দম্পতীৰ মাজত ডিম্বাণুৰ শক্তি কম হৈ যোৱাৰ বাহিৰে সন্তানহীনতাৰ আন কোনো অসুবিধা নাই।]
আমাৰ সমাজত এটা প্ৰচলিত ধাৰণা যে এগৰাকী মহিলাৰ ঋতুস্ৰাব (মাহেকীয়া) সময়মতে হৈ আছে মানে শাৰীৰিক সম্পৰ্ক হলে সন্তানো হবই।
ইয়াৰ উত্তৰ হিচাপে বৈজ্ঞানিক ভাবে আমি কওঁ যে মাহেকীয়া হৈ থকাৰ লগত সন্তান হোৱাৰ কোনো সম্পৰ্ক নাই।
এগৰাকী মহিলাৰ ডিম্বাশয়(OVARY)ত ডিম্ববোৰ থাকে। সেই ডিম্ববোৰৰ দুটা ক্ষমতা থাকে। প্ৰথমটো পৰিমাণ, দ্বিতীয়টো গুনমান।
১)সময়মতে মাহেকীয়া হবলৈ শৰীৰৰ বিভিন্ন হৰম'নবোৰৰ লগত তালমিল ৰাখি মাহেকীয়া হোৱাত সহায় কৰা। যেতিয়ালৈকে ডিম্বাশয়ত ডিম্বাণু আছে(QUANTITY, পৰিমাণ) তেতিয়ালৈকে মাহেকীয়া হৈ থাকিব।
আৰু
২) শুক্ৰাণুৰ লগত ডিম্বাণুৰ নিষেচন(FERTILIZATION)হৈ সন্তান জন্ম দিয়া। যদিহে ডিম্বাণুবোৰৰ গুনমান(QUALITY) কোনো কাৰণত লাহে লাহে কম হৈ গৈ থাকে,তেন্তে নিষেচন ক্ষমতাও (FERTILIZATION CAPACITY) কমি যাবই।
এই দুইটা ক্ষমতাৰ এটাৰ লগত আনটোৰ কোনো সম্পৰ্ক নাই।
গতিকে এগৰাকী মহিলাৰ নিয়মিত মাহেকীয়া হৈ থাকিলেও, ডিম্বাশয়ত ডিম্ব থাকিলেও, যদিহে সেই ডিম্বাণুবোৰৰ সন্তান জন্ম দিয়াৰ ক্ষমতা লাহে লাহে কমি গৈ আছে তেন্তে গৰ্ভধাৰণ কৰোঁতে অসুবিধা হ'ব পাৰে।
অসুবিধাৰ অৰ্থ হল মহিলাগৰাকীৰ ডিম্বাণু, তেখেতৰ সঙ্গীৰ শুক্ৰাণুৰ ওচৰলৈ আহিলে ক্ষমতা কমি যোৱা বাবে নিষেচন (FERTILIZATION) নহব পাৰে।
এই লিখনিটো লিখা তাৰিখলৈকে(০১/০৩/২৬) বিজ্ঞানমতে এনে কোনো দৰব বা পদ্ধতি ওলোৱা নাই যে এবাৰ ডিম্বাণুৰ গুনমান (QUALITY) কমি গলে সেয়া আকৌ ভাল অবস্থালৈ ঘূৰাই আনিব পাৰি। হয়তো ভবিষ্যতে কোনো উপায় ওলাব। আশাবাদী।