11/07/2026
#পুৱা_খালী_পেটত_কুহুমীয়া_পানী_কিয়_সেৱন_কৰা_উচিত?
#কিডনীৰ_সুস্থতাৰ_বাবে_পৰ্যাপ্ত_পৰিমাণৰ_পানী_খাওক
#সকলোধৰণৰ_কিডনীৰ_সমস্যা_সমাধান_পাব_iUKDত
সুস্বাস্থ্যৰ বাবে ৰাতিপুৱা খোৱাৰ ওপৰত সদায় গুৰুত্ব দিব লাগে৷ বিশেষকৈ খালী পেটক কি খায়, সেইটোৱে নিৰ্ণয় কৰে হজম শক্তি, বিপাকীয় ক্ৰিয়া, ছালৰ স্বাস্থ্য, মানসিক স্বাস্থ্য আদি৷ বিশেষজ্ঞই কোৱা মতে ৰাতিপুৱাৰ প্ৰথম আহাৰ লঘু, পুষ্টিকৰ হ’ব লাগে৷ ইয়াৰ লগতে শৰীৰক কাৰ্যক্ষম কৰিব পৰা হ’ব লাগে৷ পুৱাই খালী পেটত কুহুমীয়া গৰম পানী সেৱন কৰিলে হজমশক্তি উন্নত হয়, কোষ্ঠকাঠিন্যৰ সমস্যা বা গেষ্টি˜কৰ সমস্যা নোহোৱা হয়, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ (ডিটক্সিফিকেশ্যন) বাহিৰ কৰাত সহায় কৰে, লগতে মেটাবলিজম বঢ়াই শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ উল্লেখ্য যে উষ্ণ পানীয়ে ৰক্তবাহী নলীবোৰ অলপ প্ৰসাৰিত কৰে৷ যাৰ ফলত তেজৰ চলাচল ভাল হয় আৰু ই ছাললৈ প্ৰাকৃতিক উজ্জ্বলতা আনে৷ গৰম
পানীৰ বাষ্প আৰু উষ্ণাতাই ডিঙিৰ সুৰসুৰণি, কফ বা টনচিলৰ বিষত সেক দিয়াৰ দৰে কাম কৰে, শ্বাসনলী মুকলি কৰাৰ দৰে কাম কৰে৷ ৰাতি সাত-আঠ ঘণ্টা শুই থকাৰ পাছত শৰীৰত হোৱা পানীৰ অভাৱ পুৱাৰ পানীখিনিয়ে পূৰ কৰে৷ যাৰ বাবে শৰীৰটো হাইড্ৰেট হৈ থাকে৷ কুহুমীয়া গৰম পানীয়ে পেটৰ অন্ত্ৰ, নাড়ী বা আন অংগৰ কাৰ্যক্ষমতা সক্ৰিয় কৰি ৰাখে৷ যাৰ ফলত কোষ্ঠকাঠিন্যৰ দৰে সমস্যা নোহোৱা হয়৷ কুহুমীয়া গৰম পানীয়ে পেশীৰ আড়ষ্টতা আৰু পেটৰ ব্যথা বা ক্ৰে্যম্প কমোৱাত প্ৰাকৃতিক ঔষধৰ দৰে কাম কৰে৷ শৰীৰত অক্সিজেনৰ সৰবৰাহ উন্নত কৰে পুৱাই কুহুমীয়া গৰম পানী সেৱনৰ ফলত৷ আনহাতে কিডনীৰ সক্ৰিয়তা তথা সুস্থ ৰাখিবলৈ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানীৰ আবশ্যক হয়, যিয়ে পুৱাৰ কুহুমীয়া গৰম পানীয়ে পূৰণ কৰিব পাৰে৷ এই পানীখিনি সেৱনৰ ফলত শৰীৰৰ পৰা প্ৰস্ৰাৱ আকাৰে বৰ্জ্য পদাৰ্থ বাহিৰ হয় আৰু কিডনী কাৰ্যকাৰিতা তথা স্বাস্থ্য ভালে থাকে৷
উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ তথা ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল iUKD হৈছে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো সমস্যাৰ অত্যাধুনিক আৰু সম্পূৰ্ণ নিৰ্ভৰযোগ্য চিকিৎসা৷ iUKDত কিডনী ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনী, ইউৰিনেৰি ব্লাডাৰ, যৌনাংগ আৰু অণ্ডকোষ তথা প্ৰষ্টেটৰ কৰ্কট, পুৰুষ আৰু মহিলাৰ সকলোপ্ৰকাৰৰ যৌন সমস্যা আদি সকলো সমস্যাৰে চিকিৎসা সেৱা সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা লাভ কৰিব৷ আনহাতে সপ্তাহত প্ৰতিটো দিনতে বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দল ২৪ ঘণ্টাই iUKDত উপলব্ধ৷ iUKDত কেৱল কিডনী সম্পৰ্কীয় সকলোধৰণৰ চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে iUKDত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত বিশেষ স্থান দখল কৰিছে৷
উল্লেখ্য যে iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ ‘লেজাৰমেন অব্ ইণ্ডিয়া’খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত এটা বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দলে প্ৰতিটো দিনতে ৰোগীৰ সহায়ক হোৱাকৈ অহৰহ চিকিৎসা প্ৰদান কৰি আহিছে৷ একেদৰে এটা নেফ্ৰ’লজিষ্টৰ দলেও সম্পূৰ্ণ সপ্তাহটোৱে চিকিৎসা সেৱা আগবঢ়াই আহিছে৷ আপোনাৰো যদি কিডনীজনিত সমস্যাই দেখা দিছে, তেন্তে পলম নকৰি কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷
iUKD ঠিকনা :
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati-782402
Phone Numbers: 8011501833, 9864104444