03/08/2026
হঠাৎ মুখৰ এফাল বেঁকা হৈছে নেকি?
ইয়াক কেৱল 'বেলছ পালচি' (Bell's Palsy) বুলি ধৰি লৈ ঘৰত বহি নাথাকিব— প্ৰথমে ষ্ট্ৰ'ক (Stroke) হোৱা নাই বুলি নিশ্চিত হওক!
বেলছ পালচি হ’ল মুখৰ পেশীবোৰ নিয়ন্ত্ৰণ কৰা সপ্তম ক্ৰেনিয়েল নাৰ্ভ (Cranial nerve) বা ফেচিয়েল নাৰ্ভৰ (Facial nerve) হঠাৎ হোৱা একপক্ষীয় দুৰ্বলতা বা পক্ষাঘাত (Paralysis)। সাধাৰণতে ইয়াৰ কোনো নিশ্চিত কাৰণ চিনাক্ত কৰিব পৰা নাযায়; সেয়েহে আন সম্ভাৱ্য কাৰণসমূহ নুই কৰাৰ পিছতহে বেলছ পালচি নিৰ্ণয় (Diagnosis) কৰা হয়।
বেলছ পালচিৰ সাধাৰণ লক্ষণ-
লক্ষণসমূহ সাধাৰণতে হঠাৎ আৰম্ভ হয় আৰু প্ৰায় ৪৮–৭২ ঘণ্টাৰ ভিতৰত অধিক স্পষ্ট হৈ পৰে—
🔸 মুখৰ এটা ফাল দুৰ্বল বা বেঁকা হোৱা
🔸 হাঁহিলে মুখৰ এটা কোণ তললৈ নামি যোৱা
🔸 কপাল কোঁচাব বা ভ্ৰূ ওপৰলৈ তুলিব নোৱাৰা
🔸 আক্ৰান্ত ফালৰ চকু সম্পূৰ্ণকৈ বন্ধ কৰিব নোৱাৰা
🔸 পানী বা খাদ্য মুখৰ কোণেদি ওলাই যোৱা
🔸 মুখৰ পৰা লেলাৱতি ওলোৱা বা খাবলৈ অসুবিধা হোৱা
🔸 জিভাৰ আগভাগত সোৱাদৰ অনুভূতি সলনি হোৱা
🔸 চকু শুকান হোৱা বা অত্যধিক পানী ওলোৱা
🔸 কাণৰ ওচৰত বিষ হোৱা
🔸 সাধাৰণ শব্দও অতি ডাঙৰ যেন অনুভৱ হোৱা
ফেচিয়েল নাৰ্ভে মুখৰ পেশী, চকুৰ পতা, সোৱাদ আৰু কাণৰ শব্দ-সংবেদনশীলতাৰ সৈতে জড়িত কাম নিয়ন্ত্ৰণ কৰে বাবেই এই লক্ষণসমূহ দেখা দিব পাৰে।
বেলছ পালচি নে ষ্ট্ৰ'ক (Stroke)?
হঠাৎ মুখ বেঁকা হোৱা মানেই বেলছ পালচি নহয়। ষ্ট্ৰ'ক হ'লে মুখৰ দুৰ্বলতাৰ লগতে তলৰ লক্ষণসমূহ দেখা দিব পাৰে—
F — Face (মুখ): হাঁহিবলৈ ক’লে মুখৰ এটা ফাল তললৈ নামি যায় নেকি?
A — Arms (হাত): দুয়োখন হাত ওপৰলৈ তুলিবলৈ ক’লে এখন হাত তললৈ নামি আহে নেকি?
S — Speech (কথা): কথা অস্পষ্ট, অস্বাভাৱিক বা বুজিবলৈ অসুবিধা হৈছে নেকি?
T — Time (সময়): এই লক্ষণসমূহৰ যিকোনো এটা থাকিলে তৎক্ষণাৎ জৰুৰীকালীন চিকিৎসালয়লৈ যাওক।
হাত-ভৰিৰ দুৰ্বলতা বা অসাৰতা, কথা ক’ব বা বুজিবলৈ অসুবিধা হোৱা, হঠাৎ দৃষ্টিশক্তিৰ সমস্যা, মূৰ ঘূৰোৱা, ভাৰসাম্য হেৰুওৱা বা তীব্ৰ মূৰৰ বিষ হ’লেও ষ্ট্ৰ'ক হোৱা বুলি সন্দেহ কৰিব লাগে। কেৱল কপালৰ লৰচৰ চাই ঘৰতে ষ্ট্ৰ'ক হোৱা নাই বুলি নিশ্চিত হ'ব নোৱাৰি।
আৰোগ্য হ'বলৈ (Recovery) কিমান সময় লাগে?
বেছিভাগ ৰোগীৰ মুখৰ লৰচৰ কৰা ক্ষমতা কেইসপ্তাহমানৰ ভিতৰত উন্নত হ’বলৈ আৰম্ভ কৰে আৰু বহুতে কেইসপ্তাহৰ পৰা প্ৰায় ছমাহৰ ভিতৰত আংশিক বা সম্পূৰ্ণৰূপে মুখৰ স্বাভাৱিক অৱস্থা ঘূৰাই পায়। কিন্তু আৰোগ্যৰ সময় আৰু মাত্ৰা ব্যক্তিভেদে বেলেগ হ’ব পাৰে; কিছুমানৰ ক্ষেত্ৰত স্থায়ী দুৰ্বলতা, মুখ টানি ধৰা বা পেশীৰ অনিচ্ছাকৃত লৰচৰ কৰা সমস্যা থাকি যাব পাৰে।
❌ এই ভুলসমূহ কেতিয়াও নকৰিব:
-নিজে বেলছ পালচি বুলি ধৰি লৈ ষ্ট্ৰ'কৰ লক্ষণসমূহ আওকাণ নকৰিব।
-প্ৰথম ৭২ ঘণ্টা "নিজে নিজে ভাল হ’ব" বুলি অপেক্ষা নকৰিব।
-self medication nokoribo
-বন্ধ নোহোৱা চকুটোৰ সুৰক্ষাৰ প্ৰতি অৱহেলা নকৰিব।
-মুখমণ্ডলত জোৰেৰে মালিচ (Massage) বা অনিয়ন্ত্ৰিত ইলেক্ট্ৰিকেল ষ্টিমুলেচন নকৰিব।
-সকলো ৰোগীৰ বাবে একেই চিকিৎসা উপযুক্ত বুলি নাভাবিব।
বেলছ পালচি সাধাৰণতে আৰোগ্য লাভ কৰিব পৰা অৱস্থা— কিন্তু হঠাৎ মুখৰ এফাল দুৰ্বল হোৱাটো সদায় চিকিৎসাজনিত জৰুৰী পৰীক্ষাৰ বিষয়।
প্ৰথমে ষ্ট্ৰ'ক নহয় বুলি নিশ্চিত হওক • প্ৰথম ৭২ ঘণ্টাৰ ভিতৰত চিকিৎসা লওক • চকুটো সুৰক্ষিত ৰাখক
⚠️
এই লিখনীটো কেৱল স্বাস্থ্য-সচেতনতাৰ বাবেহে; ই ব্যক্তিগত ৰোগ-নিৰ্ণয় বা চিকিৎসাৰ বিকল্প নহয়