Dementia Care Assam

Dementia Care  Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dementia Care Assam, Mental Health Service, Guwahati.

The facilities support Activities of Daily Living and psychosocial needs of persons with dementia in a safe dementia-friendly environment by trained mental health professionals.

বিশ্ব এলঝেইমাৰ দিৱস উপলক্ষে  Alzheimer's Related Disorders Society of India গুৱাহাটী শাখাৰ উদ্যোগত ২১ ছেপ্টেম্বৰ ২০২৫ তা...
12/10/2025

বিশ্ব এলঝেইমাৰ দিৱস উপলক্ষে Alzheimer's Related Disorders Society of India গুৱাহাটী শাখাৰ উদ্যোগত ২১ ছেপ্টেম্বৰ ২০২৫ তাৰিখে, শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত (শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ) অনুষ্ঠিত হবলগীয়া "জলছবি" নামৰ নাটক খন আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাবে স্থগিত ৰখা হৈছিল। এই নাটক খন পুনৰ মঞ্চস্থ কৰাৰ বাবে অহা ১৪ অক্টোবৰ সন্ধ্যা ৫ বজাত ধাৰ্য্য কৰা হৈছে। যি সকল লোকে ইতিমধ্যে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিছিল তেওঁলোকক সেইদিনা উপস্থিত থাকি নাটক খন উপভোগ কৰিবলৈ অনুৰোধ জনালো। লগতে সেইদিনা আহোতে লগত প্ৰৱেশ পত্ৰ খন লৈ আহিবলৈ অনুৰোধ জনালো। আৰু যি সকল লোকে প্ৰৱেশ পত্ৰ এতিয়াও সংগ্ৰহ কৰা নাই তেওঁলোকে 7035907918 নম্বৰত ফোন কৰি বিনামূলীয়া প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব।

05/09/2025

বিশ্ব এলজাইমাৰ মাহ উপলক্ষে আজি সন্ধিয়া 7:55 ৰ পৰা Dy365 চেনেলত এলজাইমাৰ'চ ডিমেনচিয়াৰ ওপৰত এক আলোচনা অনুষ্ঠিত হব। এই আলোচনাত আমাৰ অনুষ্ঠানৰ ফালৰ পৰা উপস্থিত থাকিব বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডঃ অজয়া মহন্ত, মনুৰোগ বিশেষজ্ঞ ডঃ দিপেশ ভাগৱতী আৰু State Cancer institute ৰ মেডিকেল অংকলজি বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ নীলাক্ষী মহন্তৰ লগতে ডিমেনচিয়া পৰিচৰ্যাকাৰী হিচাপে উপস্থিত থাকিব অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিৰ্মালি গোস্বামী । সকলোকে এই অনুষ্ঠানতো চাবলৈ অনুৰোধ জনালোঁ











22/04/2025








"আমাক এখন ডিমেনচিয়া ভিলেজ লাগেএজন ডিমেনচিয়া ৰোগত ভোগা মাতৃৰ অসহায় সন্তানে কৰা স্বগোক্তি। তেওঁৰ মাতৃৰ ডিমেনচিয়া ৰোগ ধৰ...
04/04/2025

"আমাক এখন ডিমেনচিয়া ভিলেজ লাগে
এজন ডিমেনচিয়া ৰোগত ভোগা মাতৃৰ অসহায় সন্তানে কৰা স্বগোক্তি। তেওঁৰ মাতৃৰ ডিমেনচিয়া ৰোগ ধৰা পৰাৰ পাছত প্ৰথম দুবছৰ সকলো ঠিক-ঠাকেই আছিল। কিন্তু লাহে লাহে স্বামী-স্ত্ৰীৰ আৰু পৰিচৰ্যাকাৰী থকা সংসাৰখন চলভাৱে চলিব নোৱৰা হ'ল। কাৰণ ৰোগীগৰাকীক সকলো কামতে সহায়ৰ প্ৰয়োজন।ল'ৰাজনে চাকৰি সুত্ৰে বাহিৰলৈ প্ৰায়ে যাব লাগে। সন্তান দুয়োজনে দুয়োজনে বেলেগ চহৰত পঢ়ে।
পৰিচৰ্যাকাৰীগৰাকীৰ ওচৰত ৰোগীক অকলে এৰি পত্নীয়ে চাকৰি কৰিবলৈ অসুবিধা হ'ল। গতিকে চাকৰি এৰি দিবলৈ বাধ্য হ'ল। তেওঁৰো স্বভাৱ খিংখিঙীয়া হৈ পৰিল । মুঠতে এজন ৰোগীৰ লগত তেওঁলোকৰ সংসাৰখন থৰক-বৰক হ'বলৈ ধৰিলে । তাৰ সমিধান বিচাৰি ৰোগীৰ পুত্ৰই আমাক এইদৰে কৈছিল। সঁচাকৈয়ে আমাক এনে এটা অনুষ্ঠান লাগে, য'ত ডিমেনচিয়া ৰোগীক ঘৰৰ বাহিৰত ঘৰত থকাৰ দৰে উপযুক্তভাৱে চোৱাচিতা কৰিব পাৰি। ৰোগীয়েও সন্মানিত জীৱন-যাপন কৰিব পাৰে। নিজ ঘৰত থকাৰ দৰে অনুভৱ কৰিব পাৰে। ডিমেনচিয়া ভিলেজ হৈছে এনে এটা অনুষ্ঠান, য'ত দীৰ্ঘকালৰ বাবে আড়ভানছ ডিমেনচিয়া ৰোগীক ঘৰৰ দৰে পৰিৱেশত ৰাখিব পাৰি। য'ত ২৪×৭ ঘণ্টাই প্রশিক্ষণপ্রাপ্ত লোকে তেওঁলোকক চোৱাচিতা কৰে। ডিমেনচিয়া ৰোগত“ভোগা ৰোগীজনৰ স্মৃতিশক্তি, বোধ, জ্ঞান, ভাব প্ৰকাশৰ আহিলা সকলো লোপ পায়। তেওঁলোকৰ ভৱিষ্যৎ কি হ'ব? অতীতত কি আছিল— সকলো পাহৰে। কেবল বর্তমানক লৈ জীয়াই থাকে। আনকি নিজকে অসুস্থ বুলিও নাভাবে।তেওঁলোকে কিছুমান এনেকুৱা কথা কয়, এনে লাগে যেন তেওঁলোকে সাংকেতিক ভাষাতহে কথা কৈছে। কোনোরে কয় মই বজাৰলৈ এৰোপ্লেনত গ'লোঁ। তাৰ অৰ্থ হ'ল বজাৰখন বহুত দূৰত। মই মোৰ মাক লগ পালোঁ’— অর্থ হ'ল, কোনোবাই তেওঁক মাকৰ দৰে মৰম কৰিলে। আটাইতকৈ অসুবিধাজনক কথা হ'ল— যেতিয়া ৰোগীৰ ব্যৱহাৰৰ পৰিৱৰ্তন হয়। ঘৰৰ পৰা ওলাই যায়, খোৱা থাল দলিয়াই দিয়ে। কোনো কাৰণ নোহোৱাকৈ কান্দে।
১৯০৬ চনলৈকে ডিমেনচিয়া যে এটা ৰোগ, তাক জনা হোৱা নাছিল। স্মৃতিশক্তি লোপ বয়সত হোৱা স্বাভাৱিক পৰিৱৰ্তন বুলিয়ে ভবা হৈছিল। কেতিয়াবা ইয়াক মানসিক ৰোগ বুলিও চিকিৎসা কৰা হৈছিল। Alois Alzheimer নামৰ এজন জার্মান চিকিৎসকে প্ৰথমবাৰ এগৰাকী মানসিক ৰোগ বুলি ভবা ৰোগীৰ মৃত্যুৰ পাছত মস্তিষ্ক পৰীক্ষা কৰি মস্তিষ্কত কিছুমান অস্বাভাবিক প্ৰ'টিন জমা হোৱা দেখিলে। যাক বর্তমান এমাইলড প্লাক বুলি কোৱা হয়। ইয়ে ৰোগৰ কাৰণ বুলি ৩৭ সংখ্যক South-West German Psychiatrists Meeting ত প্ৰকাশ কৰে। কিন্তু ১৯৯৩ চনলৈকে তেওঁৰ আৱিষ্কাৰক কোনেও গুৰুত্ব দিয়া নাছিল। কিন্তু যেতিয়া সেই একেই ৰোগীৰ মস্তিষ্কৰ পুনঃ পৰীক্ষাই প্ৰমাণ কৰিলে যে এলজেইমাৰ ডিমেনচিয়া মস্তিষ্কৰ এক ৰোগ, তাত কোনো সন্দেহ নাই, সমগ্ৰ বিশ্বতেই তেতিয়াৰ পৰাই পট পৰিৱৰ্তন হ'ল। অৱশ্যে, কোনো চিকিৎসা ব্যৱস্থা নথকাত এনে ৰোগীসকলক পশ্চিমীয়া দেশবোৰত বিশেষ অনুষ্ঠানত ভৰ্তি কৰাইছিল। যিসকলৰ স্মৃতিশক্তি লোপ হোৱাৰ উপৰি ব্যৱহাৰৰ পৰিৱৰ্তন হৈছিল, তেওঁলোকক শিকলিৰে বান্ধি ৰাখিছিল। মুক্ত বিচৰণত বাধা প্ৰদান কৰিছিল। এনে পদ্ধতিক যেতিয়া সকলোৱে ধিক্কাৰ দিলে, তেতিয়া শিকলি খোলা হ'ল; কিন্তু তেওঁলোকক দৰৱ দি অনবৰতে শুৱাই ৰখা হ'ল। লাহে লাহে এনে ব্যৱস্থাৰো সংশোধন হ'ল।
১৯৯০ চনৰ পৰা এলজেইমাৰ ৰোগৰ গৱেষণা আৰম্ভ হ'ল- যেতিয়া বহুতো বিখ্যাত লোকৰ এই ৰোগ ধৰা পৰিল । ধনী দেশবোৰত আঢ্যৱন্ত লোকে বহুত দান-বৰঙণি এনে গৱেষণাৰ বাবে আগবঢ়ালে। তাৰ ভিত্তিত এলজেইমাৰ ইণ্টাৰনেচনেল ছ'চাইটী প্রতিষ্ঠা হ'ল। তেওঁলোকে এলজেইমাৰশূন্য পৃথিবীৰ সপক্ষে যুক্তি দৰ্শাই প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিলে। যদিও এই ৰোগ প্ৰতিৰোধ কৰিবলৈ বহুত ব্যৱস্থাৰ উদ্ভাৱন হৈছে, এতিয়াও ই এশ শতাংশ সফল হোৱা নাই । অৱশ্যে, এই ৰোগ নির্ণয় পদ্ধতি প্রথমে ইমেজিং পদ্ধতি, তাৰ পাছত Cerebro Spinal Fluid ত পোৱা বায় মাৰ্কাৰৰ সহায়ত কৰিব পৰা হ'ল। এতিয়া তেজৰ নমুনাৰ দ্বাৰাও এই ৰোগ ধৰা পেলাব পৰা হৈছে। প্ৰাথমিক অৱস্থাত ৰোগ ধৰা পৰিলে, গৱেষণাৰ দ্বাৰা বিভিন্ন ঔষধৰ আবিষ্কাৰে সুদূৰ ভৱিষ্যতে ইয়াৰ গতি বোধ বা সম্পূৰ্ণ নির্মূল হয়তো কৰিব পৰা হ'ব। অৱশ্যে এই প্ৰবন্ধৰ বিষয়বস্তু সেইটো নহয় বাবে তাৰ বিশদ আলোচনা কৰা নহয়।
এই ৰোগ হোৱাৰ পৰা ৰোগী গড়ে ৩ৰ পৰা ১১ বছৰ জীয়াই থাকে। আমাৰ দেশত এই লোকসকলক চোৱাচিতাৰ বাবে কেইখনমান ৰাজ্যৰ বাহিৰে কোনো প্রয়োজনীয় অনুষ্ঠান নাই। কেৱল দিনটোৰ বাবে ৰোগীক চোৱাচিতা কৰিবলৈ, পৰিচৰ্যাকাৰীক প্ৰশিক্ষণ দিবলৈ ডিমেনচিয়া ডে' কেয়াৰ চেষ্টাৰ আছে। যিটো ‘এলজেইমাৰ এণ্ড ৰিলেটেড ডিছঅৰ্ডাৰ ছ'চাইটী অফ ইণ্ডিয়া' নামৰ কেন্দ্ৰীয় অনুষ্ঠানৰ দ্বাৰা চালিত। তেনে প্রায় ২৪টা অনুষ্ঠান ভাৰতত আছে। তাৰে এটা অনুষ্ঠান নৰ্থ-ইষ্ট ৰিজনৰ ভিতৰত গুৱাহাটীত আছে— ‘ডিমেনচিয়া ডে' কেয়াৰ চেণ্টাৰ গুৱাহাটী'। ডিমেনচিয়া ৰোগীয়ে সম্পূর্ণভাৱে ঘৰৰ ...মানুহৰ ওপৰতে নিৰ্ভৰশীল। এই ৰোগীৰ পৰিচৰ্যা কৰোঁতে পৰিয়ালৰ সদস্যসকলেও শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱেও ভাগি পৰে। আমাৰ স্বাস্থ্যখণ্ডই এনে ৰোগৰ বোজা এই দুৰ্ভগীয়া পৰিয়ালবোৰে কিমান সহিব লগা হৈছে, তাক লৈ চিন্তিত নহয় অথবা গুৰুত্ব দিয়া দেখা নাই। সেই কাৰণে যেতিয়া এজন লোকে ৬০ৰ ডেওনা পাৰ হয়, তেতিয়া ভয় কৰে তেওঁলোকৰ ডিমেনচিয়া হ'ব নেকি? তেওঁলোকে ব্যক্তি স্বাধীনতা হেৰুৱাব নেকি? আনকি আনৰ লগত এই বিষয়ে কথা পাতিবলৈকো ভয় কৰে। প্ৰাথমিক স্তৰত তেওঁলোকৰ (যে স্মৃতিশক্তি হেৰুৱাইছে, তাক আনে দেখুৱাই দিলে সদায় অস্বীকাৰ কৰে। ইয়াৰ কাৰণ নিজকে হেৰুওৱাৰ ভয়। 'ছেফ'র সংজ্ঞা হৈছে, 'দ্য ছেল্ল্ফ ইজ এ ক্রিয়েচন, দ্য প্রিঞ্চিপল ৱৰ্ক অৱ লাইফ, দ্য ক্রাফ্টিং হুইচ মেক্ছ এভ্ৰিৱান এন আৰ্টিষ্টছ।' বিবেকা ছলচি, যাৰ মাকৰ এলজেইমাৰ ডিমেনচিয়া হৈছিল, তেওঁৰ মতে, “ছি বাজ, হাছেল বিইং ইডে'। এলজেইমাৰ ৰোগৰ গৱেষণা আশাব্যঞ্জক। কিছুমান ঔষধৰ পৰীক্ষা ফাইনেল স্তৰত আছে। আৰু কিছুমান ঔষধ এফডিএ (ফুড এণ্ড ড্রাগ এড্মিনিট্ৰেচন) ব্যৱহাৰৰ বাবে অনুমোদনো জনাইছে। কিন্তু আমি এই সময়ত এনে লোকক এক সুস্থ পৰিবেশ দিব পাৰিব লাগিব, য'ত তেওঁলোকে স্বাধীনভাৱে আনন্দৰে জীৱন কটাব পাৰে। কিছুমান চিন্তাশীল ব্যক্তিয়ে ২০০৯ চনত ‘ডিমেনচিয়া ভিলেজ' প্রতিষ্ঠাৰ কথা চিন্তা কৰিলে নেডাৰলেণ্ডত। ডাচ্চ চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হ'ল এনে এখন ভিলেজ, যাক 'Hogeweyk' বুলি জনা যায়। যিটোৱে সমগ্ৰ -বিশ্বকে আজি আকৰ্ষিত কৰিছে। ইয়াত নাৰ্ছিং হ'মৰ ধাৰণা গুচাই এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে, য'ত এজন ৰোগীয়ে ঘৰুৱা পৰিৱেশত থাকিব পাৰে। কোনোজনে যদি আধুনিক জীবন- যাপন ভাল পাইছিল তেওঁৰ বাবে তেনে সুবিধা, কোনোজনে গাঁৱলীয়া জীৱন ভাল পায়— তেওঁৰ বাবে তেনে পৰিৱেশ গঢ়ি তোলা হৈছে। তাত আছে ছুপাৰ মাৰ্কেট, ৰেস্তোৰাঁ, থিয়েটাৰ হল, ধর্মীয় অনুষ্ঠান, ডাকঘৰ আদি। ইয়াৰ আৱাসীসকলে স্বাধীনভাৱে সুৰক্ষিত পৰিবেশত সামাজিক জীৱন- যাপন কৰিব পাৰে। তেওঁলোকক চোৱাচিতা কৰিবলৈ যথেষ্টসংখ্যক প্রশিক্ষণপ্রাপ্ত কর্মীও আছে। এই ভিলেজৰ প্ৰতিষ্ঠাতা Jennette Spiering, যি এই ভিলেজ প্রতিষ্ঠা কৰাৰ আগতে নাৰ্ছিং হ'মত কাম কৰিছিল। তেওঁ আৰু তেওঁৰ সহযোগীয়ে ৪ একৰ মাটিত সৰু সৰু ২৩টা ঘৰ বনালে। এইবোৰ তৈয়াৰ কৰিবলৈ খৰচ হৈছিল প্ৰায় ১৬.৭ পাউণ্ড, তাৰে বেছিভাগ দিছিল ডাচ্চ চৰকাৰে। ইয়াত থকা ডিমেনচিয়া ৰোগীয়ে ঘৰত যেনেকৈ ৰন্ধা-বঢ়া কৰিছিল, কাপোৰ ধুইছিল-তেনে কৰাৰ সুবিধা আছে। অৱশ্যে, তেওঁলোকক পর্যবেক্ষণ কৰিবলৈ লোক অনবৰতে থাকে। তেওঁলোক ওচৰৰ ঘৰলৈ ফুৰিবলৈ যায়, বজাৰ কৰে, পার্কলৈ যায়, ব্যায়াম কৰে। দেখা গৈছে এনে পৰিৱেশত তেওঁলোকৰ স্বাস্থ্যৰ উন্নতিৰ লগতে দৰৱৰ আবশ্যকতা কমি আহিছে। Hogeweyk Villages. আদর্শ হিচাপে লৈ পশ্চিমীয়া দেশত যেনে- ফ্রান্স, কানাডাতো এনে ভিলেজ আৰম্ভ হৈছে। বহুতে হয়তো ভাবিব পাৰে এনে স্বাধীনতা দিলে ৰোগী সুৰক্ষিত হ'বনে? হাত-ভৰি ভঙাৰো সম্ভাৱনা বেছি হ'ব। কিছুমান ৰোগীৰ ক্ষেত্ৰত ছেঞ্চৰ ব্যৱহাৰ কৰা হয়, যাতে পৰিলে তৎক্ষণাৎ প্রাথমিক চিকিৎসা দিব পাৰে। তাৰ উপৰি আগতে কোৱা হৈছে, ৰোগীসকলৰ কর্মকাণ্ডক স্বাস্থ্যকর্মীয়ে পৰ্যবেক্ষণ কৰি থাকে। একোটা ঘৰত দুই-তিনিজন তেনে কর্মী থাকে। এওঁলোকে ৰোগীক সকলো কামত সহায় কৰে। ঘৰৰ কাষতে বাগিচা পাতে। ওচৰতে মেডিকেল ষ্টাফ থাকে। তেওঁলোকে হাউছক 'লত যায় আৰু চিকিৎসা দিয়ে। দৰকাৰ অনুযায়ী চিকিৎসালয়লৈ পঠিয়ায়।
ইমানখিনি সুবিধা দিবলৈ যথেষ্ট পা-পইচাৰ - প্রয়োজন। Hogeweyk Village প্রথম পৰ্যায়ত নিৰ্মাণৰ কাৰণে ডাচ্চ চৰকাৰে সিংহভাগ ধন দিয়ে। বাকীখিনি দান-বৰঙণিৰ পৰা পাইছিল। দৈনন্দিন চলি থাকিবলৈ আৱাসীসকলৰ পৰিয়ালৰ পৰা ধন লোৱা হয়। Hogeweyk ত খৰচ প্ৰতিজন ৰোগীৰ গড়ে মাহে ৮,০০০ ডলাৰ। কিন্তু ডাচ্চ চৰকাৰে ছাবচিডি দিয়ে আৰু পৰিয়ালৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰি খৰচ হয় ৩,৬০০ ডলাৰ। ডিমেনচিয়া ইণ্ডিয়াই 2020ত প্ৰকাশ কৰা মতে, ভাৰতত এজন ৰোগীৰ লগত খৰচ ৰোগীজনৰ ৰোগ কিমান স্তৰত আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। চহৰত ইয়াৰ খৰচ ৪৫,৬০০ টকাৰ পৰা ২,০২,৪৫০ টকা আৰু গাঁৱত ২০,৩০০ৰ পৰা ৬৬,০২৫ টকা বছৰি খৰচ হয়।
শেষত এনে ডিমেনচিয়া ভিলেজৰ পৰা হ'ব পৰা উপকাৰৰ কথা উল্লেখ কৰা হ'ল :
(১) ৰোগীৰ স্বাধীনতা অক্ষুণ্ণ থাকে।
(২) ৰোগীৰ মানসিক সংঘাত আৰু উত্তেজনা শাম কাটে।
(৩) ৰোগী সুৰক্ষিত আৰু অনুকূল পৰিবেশত বাস কৰে।
(৪) ডিমেনচিয়া ৰোগৰ গৱেষণাত সহায় হ'ব।
(৫) নাৰ্ছিং হ'মত এনে ৰোগী ৰাখিলে তেওঁলোকৰ অকলশৰীয়া বোধ, অৱসাদ আৰু বিষণ্ণতা বাঢ়ে, যি অনীহা বঢ়ায় আৰু ৰোগ দ্রুতগতিত বাঢ়ে।
আমাৰ দেশত ডিমেনচিয়া ৰোগ আৰু চিকিৎসাৰ ব্যৱধান শতকৰা ১০, অর্থাৎ-১০০জনৰ ১০ জনৰ ৰোগ নির্ণয় নহয় বা হ'লেও এক অৱহেলিত জীবন-যাপন কৰে। বৰ্তমান ভাৰতত ৫ নিযুত ডিমেনচিয়া ৰোগী আছে আৰু অহা দুবছৰত ইয়াৰ সংখ্যা ৬ নিযুততকৈ বেছি হ'ব। এই ৰোগ আমাৰ দেশৰ স্বাস্থ্যখণ্ডৰ বাবে প্ৰত্যাহ্বান। আমি এই লোকসকলৰ কাৰণে সুস্থ জীৱন-যাপনৰ বাবে প্ৰতিখন ৰাজ্যতে একোখন ডিমেনচিয়া ভিলেজ আৰম্ভ কৰাৰ কথা ভাবিবৰ হ'ল।
আমাৰ দেশত বেংগালুৰুত “ নিকিশা ডিমেনচিয়া ভিলেজ' নামৰ একমাত্ৰ অনুষ্ঠান ২০১৮ চনত আৰম্ভ হয়। যিখন এছিয়াৰ ভিতৰতে প্রথমখন 'ডিমেনচিয়া ভিলেজ'।ইয়াত ডিমেনচিয়া ৰোগীক ৰখা হয়। তেওঁলোকক চাবলৈ প্ৰশিক্ষণপ্রাপ্ত লোক থাকে।
Subramanya S নিকিশা ডিমেনচিয়া ভিলেজৰ সঞ্চালক। তেওঁৰ মতে, একোজন আৱাসীৰ মাহিলি খৰচ ৬০,০০০ টকা। ভিলেজখন প্রতিষ্ঠা কৰিবলৈ 'দ্য ৰুৰেল ইলেক্ট্রিফিকেচন কৰ্প'ৰেচন'-এ ২০ কোটি টকা সাহায্য দিছিল।
আমি ARDSI, গুৱাহাটী শাখা এই সপোন বাস্তৱত পৰিণত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। পৰ্যাপ্ত অনুদান আৰু সহায় সহযোগিতাৰে আমি অসমৰ প্ৰথমখন ডিমেনচিয়া ভিলেজ নিৰ্মাণ কৰিব পাৰিম।
আমি MyGov Assam, CMO Assam, Himanta Biswa Sarma অসম চৰকাৰক এই পদক্ষেপক সমৰ্থন কৰিবলৈ আহ্বান জনাইছো—সঠিক সমৰ্থনত আমি ৰাজ্যখনত ডিমেনচিয়াৰ যত্নৰ বাবে এখন আদৰ্শ গাঁও সৃষ্টি কৰিব পাৰিম।
আপোনালোক সকলোৰে সহায়-সহযোগিতাই আমাক এই দৃষ্টিভংগীক বাস্তৱায়িত কৰাত সফল কৰি তুলিব।








ডিমেনচিয়াৰ সজাগতাৰ বাবে আমি সমগ্ৰ অসমত এটা সমীক্ষা কৰি আছো। এই সমীক্ষা 40 বছৰ উৰ্দ্ধৰ লোকৰ বাবে প্ৰস্তুত  কৰা হৈছে। তলত ...
02/04/2025

ডিমেনচিয়াৰ সজাগতাৰ বাবে আমি সমগ্ৰ অসমত এটা সমীক্ষা কৰি আছো। এই সমীক্ষা 40 বছৰ উৰ্দ্ধৰ লোকৰ বাবে প্ৰস্তুত কৰা হৈছে।
তলত দিয়া লিংক টোত গৈ আপোনাৰ বা আপোনাৰ পৰিয়ালৰ লোকে তথ্য সমূহ পূৰণ কৰিব পাৰিব আৰু আপোনাৰ চিনাকি ব্যক্তিলৈও লিংকটো Share কৰিব পাৰে।
https://docs.google.com/.../1FAIpQLSdTzafyhh6.../viewform...








National Health Mission,Assam

বয়স হৈ অহাৰ লগে লগে আমি কিছুমান কথা পাহৰিব ধৰো আৰু এইটো এটা প্ৰাকৃতিক নিয়ম, কিন্তু যদি এই পাহৰাৰ প্ৰৱণতা সঘনাই বৃদ্ধি পা...
24/03/2025

বয়স হৈ অহাৰ লগে লগে আমি কিছুমান কথা পাহৰিব ধৰো আৰু এইটো এটা প্ৰাকৃতিক নিয়ম, কিন্তু যদি এই পাহৰাৰ প্ৰৱণতা সঘনাই বৃদ্ধি পাবলৈ ধৰে সেইয়া ডিমেনচিয়া ৰোগৰো লক্ষণ হব পাৰে, সেয়ে এইবোৰ লক্ষণক আমি আওকান কৰিব নালাগে। সোনকালে কোনোবা মানোবিজ্ঞানীৰ লগত যোগাযোগ কৰি এই বিষয়ে অৱগত কৰক।
আমাৰ সমাজত মানোবিজ্ঞানী আৰু মানোৰোগ চিকিৎসকৰ ওচৰত যোৱাটোক স্বাভাৱিক ভাবে লব পৰাৰ সজাগতা আৰু সচেতনতাৰ পৰিবেশ বৰ্ত্তমানলৈকে দেখা পোৱা নাযায়। আৰু এইটোৱেই মূল কাৰণ এই ৰোগ সামূহৰ বিষয়ে অৱগত নোহোৱাৰ।
এই বিষয় সমূহৰ সমাধানৰ বাবে ARDSI গুৱাহাটী শাখাৰ কিছুমান সেয়া আছে যাৰ সহায়ত আপুনি বিনা সংকোচে ফোন যোগে যোগাযোগ কৰি আপোনাৰ সমস্যা সমূহৰ বিষয়ে অৱগত কৰিব পাৰে আৰু প্ৰয়োজনীয় পৰীক্ষা ঘৰতে কৰাব পাৰিব। ইয়াৰ উপৰিও আমাৰ গুৱাহাটীৰ, হাতীগাওঁস্থিত ডিমেনচিয়া ডে কেয়াৰ চেণ্টাৰত আহি সেয়া সমূহ লব পাৰে।
অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰিব ARDSI গুৱাহাটী
ফোন-0361-3561820, 7035907918,7002441481





15/02/2025

Dementia Day Care Center, Guwahati
Contact-7035907918

01/01/2025
01/01/2025

Address

Guwahati
781006

Opening Hours

Monday 10am - 5am
Tuesday 10am - 5am
Wednesday 10am - 5am
Thursday 10am - 5am
Friday 10am - 5am
Saturday 10am - 5am

Alerts

Be the first to know and let us send you an email when Dementia Care Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share