26/09/2026
*গৌৰৱৰ মুহূৰ্ত 🙏*
আমাৰ বাবে অত্যন্ত আনন্দৰ খবৰ যে,
*নৰ্থ ইষ্ট যোগা মেডিটেশ্যন চেন্টাৰৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট যোগ প্ৰশিক্ষক চৈয়দ ইনামুল হুছেইন* দেৱক *দিছপুৰ প্ৰেছ ক্লাবে "যোগ সাধনা উৎকৰ্ষ বঁটা ২০২৬"* ৰ বাবে নিৰ্বাচিত কৰিছে।
যোগৰ ক্ষেত্ৰত তেখেতৰ বছৰ বছৰ ধৰি কৰা নিৰলস সাধনা, সমাজৰ প্ৰতি আগবঢ়োৱা সেৱা আৰু হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক সুস্থ জীৱনৰ পথ দেখুওৱাৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হ'ব।
*বঁটা প্ৰদান অনুষ্ঠান: ৩০ ছেপ্টেম্বৰ, ২০২৬
স্থান: দিছপুৰ প্ৰেছ ক্লাব, গুৱাহাটী*
আমি দিছপুৰ প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ আশীৰ্বাদ আৰু মৰম এনেদৰেই থাকক।