Team Humanity

Call Directions Contact the practice

Team Humanity Spreading Voluntary Blood Donation and all Social Activity.

25/07/2026

কালিলৈ আমাৰ এই বৰ্ষৰ দ্বিতীয় বান সাহাৰ্য্য অনুষ্ঠান শিৱসাগৰ জিলাৰ শিমলুগুৰি অঞ্চলৰ একাংশ বানাক্ৰান্ত ৰাইজৰ লগত কিছু বস্ত্ৰ আৰু পানী আদি ৰাইজক দিয়াৰ চেষ্টা কৰিম।

টিম হিউমেনিটিৰ জ্যেষ্ঠ সদস্য,নিয়মীয়া ৰক্তদাতা দিপজ্যোতি দত্তৰ অকাল বিয়োগত আমি টিম হিউমেনিটি পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্...
11/07/2026

টিম হিউমেনিটিৰ জ্যেষ্ঠ সদস্য,নিয়মীয়া ৰক্তদাতা দিপজ্যোতি দত্তৰ অকাল বিয়োগত আমি টিম হিউমেনিটি পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। লগতে , পৰিয়াল বৰ্গলৈ এই দুখৰ মুহূৰ্তত গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।।

28/06/2026

টিম হিউমেনিটি ৰ সক্ৰিয় তথা জেষ্ঠ্য সদস্য নলবাৰীৰ তাপস ভাগৱতীৰ পিতৃয়ে ক্ষন্তেক সময়ৰ পূৰ্বে ইহলীলা সম্বৰণ কৰে
বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ

 #বিশ্ব_ৰক্তদাতা_দিৱসত_সন্মানিত_নৃপেন_বাৰুৱাটি  #আজি বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু ৰক্তভৰ...
14/06/2026

#বিশ্ব_ৰক্তদাতা_দিৱসত_সন্মানিত_নৃপেন_বাৰুৱাটি

#আজি বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু ৰক্তভৰালৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত টিম হিউমেনিটি কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি নৃপেন বাৰুৱাটিক যোৰহাট জিলাৰ শ্ৰেষ্ঠ ৰক্তদাতা হিচাপে সন্মানিত কৰে।

#এই গৌৰৱময় সন্মান তেওঁ গ্ৰহণ কৰে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী Pabitra Margherita ৰ শুভহস্তে। এই স্বীকৃতিয়ে মানৱতাৰ সেৱাৰ ক্ষেত্ৰত নৃপেন বাৰুৱাটীয়ে আগবঢ়াই অহা নিষ্ঠা, ত্যাগ আৰু সামাজিক দায়বদ্ধতাক নতুনকৈ প্ৰতিফলিত কৰিলে।

#নিয়মিতভাৱে ৰক্তদান কৰি অসংখ্য ৰোগীৰ জীৱনত আশাৰ পোহৰ জ্বলাই অহা নৃপেন বাৰুৱাটি কেৱল এজন ৰক্তদাতা নহয়, তেওঁ সমাজৰ বাবে এজন প্ৰকৃত অনুপ্ৰেৰণাৰ উৎস। তেওঁৰ এই সাফল্যই অধিকসংখ্যক যুৱক-যুৱতীক স্বেচ্ছাই ৰক্তদানৰ দৰে মহৎ কাৰ্যত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা যায়।

#মানৱতাৰ সেৱাক জীৱনৰ এক মহান আদৰ্শ হিচাপে গ্ৰহণ কৰি অহা নৃপেন বাৰুৱাটিলৈ আন্তৰিক অভিনন্দন আৰু অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁৰ এই গৌৰৱময় সন্মানে সমাজসেৱাৰ পথত আগবাঢ়ি যোৱাৰ বাবে অধিক প্ৰেৰণা, উৎসাহ আৰু শক্তি যোগাওক। ভৱিষ্যতেও তেওঁ এনেদৰেই অসহায়-দুখীয়াৰ কাষত থিয় হৈ মানৱতাৰ সেৱাৰ বন্তি জ্বলাই ৰাখক—এইয়েই আন্তৰিক কামনা।

.

Team Humanity

14/06/2026

🩸 বিশ্ব ৰক্তদাতা দিৱস – ১৪ জুন 🩸

মানৱতাৰ আটাইতকৈ ডাঙৰ উপহাৰ হ’ল জীৱন, আৰু সেই জীৱন বচোৱাৰ এক সহজ কিন্তু মহান উপায় হ’ল ৰক্তদান। ১৪ জুন, বিশ্ব ৰক্তদাতা দিৱসৰ এই পৱিত্ৰ দিনটোত আমি সকলো স্বেচ্ছাসেৱী ৰক্তদাতাক সন্মান জনাওঁ আৰু নতুনকৈ আগবাঢ়ি অহা হৃদয়সমূহক উৎসাহিত কৰোঁ।

ৰক্তদান জীবনদান,
জীৱনৰ ডাঙৰ উপহাৰ।
এটোপাল ৰক্তৰ বাবেই বাচে,
কাৰোবাৰ মৰমৰ সংসাৰ॥

ৰক্ত কেতিয়াও তৈয়াৰ কৰিব নোৱাৰি—ই কেৱল মানুহে মানুহক দিব পাৰে। সেয়েহে আপোনাৰ এই দান কাৰোবাৰ বাবে শেষ আশা হৈ উঠিব পাৰে।

জীৱন বচোৱাৰ পথত,
আপোনাৰ এক সৰু দান।
হাঁহি ঘূৰাই আনে পুনৰ,
আৰ্তজনৰ প্ৰাণ॥

আহক, আমি সকলে মিলি প্ৰতিজ্ঞা লওঁ—

👉 নিয়মীয়াকৈ ৰক্তদান কৰিম
👉 আনকো উৎসাহিত কৰিম

🩸 “Give Blood, Give Hope – Together We Save Lives” 🩸

#
Team Humanity

সকলো স্বেচ্ছাসেৱী ৰক্তদাতালৈ শুভেচ্ছা জনালোঁ।
14/06/2026

সকলো স্বেচ্ছাসেৱী ৰক্তদাতালৈ শুভেচ্ছা জনালোঁ।

14/05/2026

গত ৯মে ২০২৬ তাৰিখে টীম হিউমেনিটিৰ তিনিচুকীয়া জিলাৰ জেষ্ঠসদস্য তথা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া অংকুৰ গগৈৰ পিতৃ পৰলোকগামী হয়।আমি টীম হিউমেনিটিৰ পৰিয়ালৰ তৰফৰ পৰা মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনালোঁ।

20/04/2026
04/10/2025

*লেখা বিচাৰি আহ্বান*

টিম হিউমেনিটিৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত তেজপুৰ অধিৱেশনৰ বাবে বাৰ্ষিক মুখপত্ৰ **“ #তেজ”**ৰ বাবে লেখা বিচাৰি আহ্বান জনালোঁ।

লেখাসমূহ ৰক্ত/ৰক্তদান, স্বাস্থ্য, বা সামাজিক দায়বদ্ধতা বিষয়ৰ ওপৰত হোৱাটো আৱশ্যক। টিম হিউমেনিটিৰ সকলো সদস্য আৰু শুভাকাঙ্ক্ষীসকলক তেওঁলোকৰ মূল্যবান লিখনি পঠিয়াবৰ বাবে সাদৰ অনুৰোধ জনালোঁ।

আপোনালোকৰ লেখা তলত দিয়া Gmail ID বা WhatsApp নম্বৰলৈ পঠিয়াব পাৰে —

📧 [email protected]
📱 7399983404 (Jishu Hazarika)

অথবা

📧 [email protected]
📱 8404040829 (Bibhamoni Das)

সকলোকে অংশগ্ৰহণৰ বাবে আন্তৰিক আহ্বান!
— টিম হিউমেনিটি, শোণিতপুৰ শাখা

Address

Jorhat _Assam_
Jorhat
785001

Telephone

+919435692893

Website

Alerts

Be the first to know and let us send you an email when Team Humanity posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Team Humanity:

Shortcuts

Share

Category