Dr. Kaustav Saharia : OrthoBuzz

Dr. Kaustav Saharia : OrthoBuzz Orthopaedic Surgeon | Trauma, Spine,Knee and Hip Arthroplasty, Sports Injuries| Arthroscopy|

Completing his MBBS degree from the prestigious GAUHATI MEDICAL COLLEGE & HOSPITAL, he also cleared his MS Orthopaedics degree (All Assam rank 3rd) from the same under Srimanta Sankaradeva University of Health Sciences. He has worked as a senior resident in GAUHATI MEDICAL COLLEGE & HOSPITAL after post graduation. He is associated with the “Cure International India” a society for Clubfoot diagnosi

s and treatment and has been certified by same for treatment of Clubfoot cases. Currently he is practising in DEBSONS NURSING HOME, Mangaldoi as an Consultant Orthopaedic Surgeon. He specialises in

*Arthoplasty (Replacement surgery)
*Trauma (Fractures)
*Sports injuries
*Arthritis(joint pain)
*Spondylitis
*Back pain
*Knee pain
*Heel pain
*Clubfoot

22/07/2026

বয়স হ’ল বুলি বহি নাথাকিব! 👵👨‍🦳 Senior Citizens ৰ বাবে ৫টা সহজ Exercise!

বয়স বঢ়াৰ লগে লগে কঁকাল বা আঁঠুৰ বিষে অতিষ্ঠ কৰিছে নেকি? 🦵💥

কেৱল খোজ কঢ়াই যথেষ্ট নহয়! আজিয়েই আমাৰ হাই-টেক ক্লিনিকৰ পৰা শিকি লওক ৫টা অতি সহজ আৰু ফলপ্ৰসূ ব্যায়াম, যিয়ে আপোনাৰ পেছী আৰু হাড় মজবুত কৰি ৰাখিব। 💪✨

​📌 ব্যায়াম কৰাৰ সঠিক নিয়ম আৰু নিয়মীয়া সময়সূচী:
​🗓️ সপ্তাহত কেইদিন কৰিব: সপ্তাহত ৩ পৰা ৪ দিন (মাজতে ১ দিনকৈ বিৰতি ল’ব).
​🔄 দৈনিক কেই ছেট (Sets) কৰিব: ব্যায়াম কৰা দিনকেইটাত প্ৰতিটো ব্যায়ামৰ ৩ টা ছেট (Sets) কৰিব.
​🔢 প্ৰতিটো ছেটত কেইবাৰ (Reps): প্ৰতিটো ছেটত ১০ পৰা ১২ বাৰ উঠা-বহা বা ভৰি ডাঙিব (ধীৰে ধীৰে শক্তি বঢ়াৰ লগে লগে বঢ়াব পাৰে).

​💡 বি.দ্ৰ.: আৰম্ভণিতে ১-২টা ছেটৰ পৰা আৰম্ভ কৰি লাহে লাহে অভ্যাস বঢ়াওক। কোনো ধৰণৰ অস্বস্তি বা তীক্ষ্ণ বিষ হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।
​🏋️‍♂️ এই ৫টা সহজ ব্যায়াম ঘৰতেই কৰক:
​1️⃣ Chair Squats (চকীৰ সহায়ত উঠা-বহা)
2️⃣ Single Leg Balance (এটা ভৰিত ভাৰসাম্য)
3️⃣ Glute Bridge (কঁকালৰ বিষৰ বাবে)
4️⃣ Wall Push-Ups (বেৰত পুছ-আপ)
5️⃣ Shoulder Raise (কান্ধৰ শক্তিবৰ্ধন)

​আপোনাৰ ঘৰৰ মা-দেউতা বা বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ এই ভিডিঅ’টো Share কৰিবলৈ নাপাহৰিব! 💙

17/07/2026

🌟 আপোনাৰ মতামত আমাৰ বাবে অত্যন্ত মূল্যবান! 🌟

যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই পৰামৰ্শ, চিকিৎসা অথবা অস্ত্ৰোপচাৰৰ বাবে মোৰ ওচৰলৈ আহিছে আৰু এক ইতিবাচক অনুভৱ লাভ কৰিছে, তেন্তে অনুগ্ৰহ কৰি মোৰ ফেচবুক প্ৰফেচনেল পেজত (Facebook Professional Page) বা Google Profesional Pageত এটা ৰিভিউ (Review) লিখিবলৈ অলপ সময় উলিয়ালে মই নথৈ আনন্দিত হ'ম।

আপোনাৰ আন্তৰিক মতামতে মোক আৰু মোৰ সমগ্ৰ টিমটোক সৰ্বোত্তম সেৱা আগবঢ়াই যাবলৈ অনুপ্ৰাণিত কৰাৰ লগতে অন্যান্য ৰোগীসকলকো সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব।

📝 আপোনাৰ ৰিভিউ ইয়াত দিয়ক:

🔗 Dr. Kaustav Saharia - Consultant Orthopaedic Surgeon & Complex trauma specialist(AO TRAUMA FELLOW)| 24*7 Emergency Services | https://share.google/MuJwYir3PV6fq8G2S

আপোনাৰ বিশ্বাস, সমৰ্থন আৰু আশীৰ্বাদৰ বাবে অশেষ ধন্যবাদ। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ! 🙏

এয়া হৈছে সেইবোৰ মুহূৰ্ত, যিয়ে আমাক আমাৰ এই বৃত্তিটোক বাছি লোৱাৰ সাৰ্থকতা সোঁৱৰাই দিয়ে।আজি প্ৰায় ২.৫ (আঢ়ৈ) মাহ পূৰ্বে মই ...
17/07/2026

এয়া হৈছে সেইবোৰ মুহূৰ্ত, যিয়ে আমাক আমাৰ এই বৃত্তিটোক বাছি লোৱাৰ সাৰ্থকতা সোঁৱৰাই দিয়ে।

আজি প্ৰায় ২.৫ (আঢ়ৈ) মাহ পূৰ্বে মই ‘টোটেল নী ৰিপ্লেচমেণ্ট’ (Total Knee Replacement) কৰা এগৰাকী ৰোগীয়ে তেওঁৰ পৰিয়ালৰ সৈতে মোক সাক্ষাৎ কৰিবলৈ আহে। তেওঁলোকে কৃতজ্ঞতাৰ চিনস্বৰূপ এটি মৰমৰ উপহাৰ আৰু এখন মৰমৰ গামোচা লৈ আহিছিল। বিগত কেইবা বছৰো ধৰি তেওঁ আঁঠুৰ অসহ্য বিষৰ সৈতে যুঁজি আছিল। আজি তেওঁক হাঁহিমুখে, আত্মবিশ্বাসেৰে আৰু সুস্থভাৱে খোজ কাঢ়ি অহা দেখাটো মোৰ বাবে যিকোনো উপহাৰতকৈ বহুত বেছি প্ৰেৰণাদায়ক আৰু পুৰস্কাৰস্বৰূপ আছিল।

অসমীয়াৰ স্বাভিমান আমাৰ এই গামোচাখন কেৱল কাপোৰৰ এটুকুৰা টুকুৰাই নহয়—ইয়াত সোমাই থাকে অপৰিসীম মৰম, শ্ৰদ্ধা আৰু আশীৰ্বাদ। সমগ্ৰ চিকিৎসাৰ যাত্ৰাটোত এই পৰিয়ালটোৱে মোৰ ওপৰত যি বিশ্বাস আৰু আস্থা ৰাখিলে, তাৰ বাবে মই তেওঁলোকৰ প্ৰতি গভীৰভাৱে কৃতজ্ঞ।
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ যেন আগন্তুক দিনবোৰত বিষমুক্তভাৱে খোজ কাঢ়ি এক সক্ৰিয় আৰু সুস্থ জীৱন অতিবাহিত কৰিব পাৰে।


15/07/2026

ৰাতিপুৱা ভৰি মাটিত থওঁতেই বিষায়নে? সাৱধান! 👣

আপোনাৰ ভৰিৰ তলুৱাৰ বিষৰ আচল কাৰণ আপুনি জানেনে? বহু সময়ত আমি ইয়াক সামান্য ক্লান্তি বুলি আওকাণ কৰো, কিন্তু ই আচলতে হ’ব পাৰে Plantar Fasciitis।

​এই ভিডিঅ'টোত আপুনি জানিবলৈ পাব:
​ভৰিৰ তলুৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টিছু 'Plantar Fascia'-ই কেনেকৈ কাম কৰে।
​ইয়াত কিয় inflammation বা প্ৰদাহৰ সৃষ্টি হয়।
​ৰাতিপুৱাৰ প্ৰথম খোজ কেইটাত কিয় বেছি বিষ হয়।
​ইয়াৰ সহজ সমাধান: Stretching, সঠিক জোতাৰ ব্যৱহাৰ আৰু উন্নত চিকিৎসা পদ্ধতি।

​হাড় আৰু জোৰা (Bone & Joint)ৰ স্বাস্থ্য সম্পৰ্কীয় এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য সদায় পাই থাকিবলৈ পেজটো Follow/Subscribe কৰিবলৈ নাপাহৰিব।

​💬 আপোনাৰ কিবা প্ৰশ্ন থাকিলে তলত কমেন্ট কৰি সুধিব পাৰে।

​ HealthAwareness Orthopedics

অতীতৰ সোণালী পৃষ্ঠাৰ পৰা... এটা সঁচা মৰমৰ সোঁৱৰণি! 🌸✨​কিছুমান মুহূৰ্তই সোঁৱৰণি হৈও বুকুত সদায় সজীৱ হৈ থাকে। তেনেকুৱাই এ...
14/07/2026

অতীতৰ সোণালী পৃষ্ঠাৰ পৰা... এটা সঁচা মৰমৰ সোঁৱৰণি! 🌸✨

​কিছুমান মুহূৰ্তই সোঁৱৰণি হৈও বুকুত সদায় সজীৱ হৈ থাকে। তেনেকুৱাই এক বিশেষ দিন আছিল বিগত ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰী।

​কাৰ্বি আংলঙৰ মাঞ্জা (Manja)— য’ত মই মোৰ MBBS ৰ ৰুৰেল পোষ্টিং কৰিছিলোঁ, তাৰে এগৰাকী মৰমৰ ৰোগীয়ে হাড় ভঙাৰ চিকিৎসাৰ বাবে ইমান দূৰ বাটকুৰি বাই মোক বিচাৰি মঙলদৈলৈ গুচি আৰ্হিছিল।
​চিকিৎসাৰ অন্তত তেওঁলোকে যেতিয়া চেনেহৰ **‘গামোচা’**খনেৰে মোক আদৰণি জনালে, মোৰ চকুহাল আৱেগত সেমেকি উঠিছিল।

এগৰাকী চিকিৎসকৰ বাবে নিজৰ পুৰণি কৰ্মক্ষেত্ৰৰ মানুহৰ পৰা পোৱা এই মৰম, বিশ্বাস আৰু আশীৰ্বাদতকৈ ডাঙৰ উপহাৰ বা পুৰস্কাৰ আন একো হ’ব নোৱাৰে। ❤️🙏

​ৰোগীসকলৰ এই অটল আস্থা আৰু ভালোপোৱাই মোক নিজৰ দায়িত্ব আৰু নিষ্ঠাৰে পালন কৰিবলৈ দিনে-নিশাই অনুপ্ৰাণিত কৰে। জীৱনৰ এই পৱিত্ৰ সেৱাৰ যাত্ৰাত মই সঁচাকৈয়ে ধন্য আৰু কৃতজ্ঞ! 😇🩺
​.

13/07/2026

চিজাৰিয়ানৰ পাছত কঁকালৰ বিষ? জানক আচল সত্যটো! 🛑

​বহুত মহিলাই ভাবে যে চিজাৰিয়ানৰ (C-Section) সময়ত দিয়া স্পাইনেল এনাচথেচিয়াৰ (Spinal Anaesthesia) বেজীটোৰ বাবেই পাছলৈ কঁকালৰ তীব্ৰ বিষ হয়। কিন্তু এই ধাৰণাটো কিমান দূৰ সঁচা?

​এই ভিডিঅ'টোত আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে এই বহুল প্ৰচলিত অন্ধবিশ্বাসটো ভাঙি দিছোঁ। প্ৰসৱৰ পাছত হোৱা কঁকালৰ বিষৰ প্ৰকৃত কাৰণবোৰ কি কি (যেনে— ভুল বহা ধৰণ, ওজন বৃদ্ধি বা স্তনপান কৰোৱা অৱস্থা) আৰু ইয়াক কেনেকৈ ঠিক কৰিব পাৰি, সেই সকলোবোৰ ইয়াত সহজকৈ বুজাই দিয়া হৈছে।

​👉 ভিডিঅ’টো শেষলৈকে চাওক আৰু আপোনাৰ চিনাকি প্ৰতিগৰাকী মাতৃৰ সৈতে শ্বেয়াৰ কৰক!

​📞 Contact for Consultation:
​🏥 Dr. Kaustav Saharia (Consultant Orthopaedic Surgeon)
📞 Phone: +91-9954168933

​ WomenHealthTips AssameseHealthTips DrKaustavSaharia HealthMythBusters AssamHealth GuwahatiOrthopaedic MotherhoodReality

10/07/2026

আঁঠুৱে ক’ব বতৰৰ আগজাননী? 🤯 The "Weather Predictor" Knee!

Can your knee actually forecast the rain? 🌧️ বৰষুণ অহাৰ ঠিক আগতেই আঁঠুৰ বিষ উঠাটো কোনো কল্পনা নহয়, ইয়াৰ পিছত আছে Pressure Physics!

​যেতিয়া বাহিৰৰ Atmospheric Pressure টো কমি যায়, আমাৰ joint-ৰ ভিতৰৰ pressure-ৰ পাৰ্থক্যৰ বাবে বিষ অনুভৱ হ’ব পাৰে, বিশেষকৈ যদি আগৰে পৰা অলপ wear and tear থাকে।
​ভিডিঅ'টো শেষলৈকে চাওক আৰু কথাটো বুজি পাওক! 💯

​👉 Don't forget to Like, Share, and Follow MedInsight Studio for more bone & joint awareness!

​ MedicalAwareness

🩺 কৃতজ্ঞতা আৰু বিশ্বাসৰ এক অনন্য যাত্ৰা 🙏​বিগত সপ্তাহত দেৰগাঁৱৰ(Dergaon)পৰা এজন বিশেষ ৰোগী মোৰ ওচৰলৈ আহিছিল তেওঁৰ বাওঁ ভ...
07/07/2026

🩺 কৃতজ্ঞতা আৰু বিশ্বাসৰ এক অনন্য যাত্ৰা 🙏

​বিগত সপ্তাহত দেৰগাঁৱৰ(Dergaon)পৰা এজন বিশেষ ৰোগী মোৰ ওচৰলৈ আহিছিল তেওঁৰ বাওঁ ভৰিৰ এটা অস্ত্ৰোপচাৰৰ (Operation) বাবে।

একেটা সমস্যাৰ বাবেই তেওঁ ইতিপূৰ্বে ২০২১ আৰু ২০২৩ চনত পাটনাত দুবাৰকৈ অস্ত্ৰোপচাৰ কৰাইছিল।
​ইমান দূৰণিৰ পৰা আহি তেওঁ মোৰ ওপৰত যি অপৰিসীম বিশ্বাস আৰু আস্থা প্ৰদৰ্শন কৰিলে, তাৰ বাবে মই তেওঁৰ ওচৰত আন্তৰিকভাৱে কৃতজ্ঞ।

চিকিৎসাৰ অন্তত কালি তেওঁ সম্পূৰ্ণ সুস্থ আৰু সুখী মনেৰে হস্পিটালৰ পৰা ডিচচাৰ্জ হৈ ঘৰলৈ উভতি গৈছে। এজন চিকিৎসক হিচাপে ইয়াৰকৈ ডাঙৰ প্ৰাপ্তি বা আনন্দ মোৰ বাবে একো হ’ব নোৱাৰে।

​ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ যেন সদায় কুশলে থাকে আৰু তেওঁৰ আগন্তুক জীৱনটো সুখ আৰু সুস্বাস্থ্যৰে ভৰি পৰে। ভগৱানে তেওঁক আশীৰ্বাদ কৰক। 🌸✨
​ HealingTouch Thankful

07/07/2026

কিলাকুটিৰ বিষ? Tennis Elbow হ’ব পাৰে! 🎾💥

কিলাকুটিৰ বাহিৰৰ ফালে বিষ হৈছে নেকি? কায়িক পৰিশ্ৰম, লেপটপত কাম কৰা, বা সঘনাই স্ক্ৰু-ড্ৰাইভৰ ব্যৱহাৰ কৰাৰ বাবে ক’লাকুটিৰ ট্ৰেণ্ডনত অত্যাধিক চাপ পৰি 'Tennis Elbow' বা Lateral Epicondylitis হ’ব পাৰে।

​ঘৰতে আপোনাৰ এই সমস্যা আছে নেকি জানিবলৈ চাওক এইটো Cozen's Test! প্ৰাথমিক অৱস্থাত ইয়াৰ প্ৰতিকাৰ কেনেকৈ কৰিব জানিবলৈ সম্পূৰ্ণ ভিডিঅ’টো চাওক। 🩺✨

​ HealthAwareness

Address

Debsons Nursing Home
Mangaldai
784125

Opening Hours

Monday 10am - 9pm
Tuesday 10am - 9pm
Wednesday 10am - 9pm
Thursday 10am - 9pm
Friday 10am - 9pm
Saturday 10am - 9pm
Sunday 12am - 5pm

Telephone

+919954168933

Alerts

Be the first to know and let us send you an email when Dr. Kaustav Saharia : OrthoBuzz posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Kaustav Saharia : OrthoBuzz:

Shortcuts

Share