Aarugya আৰুগ্য

Aarugya আৰুগ্য অসমীয়া বনদৰব আয়ুৰ্বেদিক YouTube channel

আমাৰ অসমৰ হাবি, বন, বাৰী, চোতাল সকলোতে নানা ধৰণৰ দৰকাৰী বনৌষধৰ গছ লতা বহু পৰিমাণে আছে। আমাৰ এই YouTube channel সহজতে পাব পৰা নানা বন দৰবৰ বিষয়ে আলোচনা কৰা হৈছে। পেটৰ ৰোগ, ছালৰ ৰোগ, তেজৰ ৰোগ, বুকুৰ ৰোগ, শ্বাস প্ৰণালীৰ ৰোগ, শিশুৰ ৰোগ, স্ত্ৰী ৰোগ ইত্যাদিৰ কাৰণ, লক্ষণ, বন দৰবৰ ব্যবহাৰ, পথ্য আৰু অপথ্যৰ বিৱৰণ দিয়া হৈছে। লগতে আকস্মিক দুৰ্ঘটনা, ৰোগ প্ৰতিষেধক খাদ্য, সৌন্দৰ্য্য চৰ্চা, আয়ুস বৃদ্ধি, বিষাক্

ত ব্যাধি শীৰ্ষক সংক্ষিপ্ত অধ্যায় সম্মোখত পোৱাকৈ সকলোৰে কামত আহিব পৰাকৈ সন্নিবিষ্ট কৰা হৈছে।

আমি প্ৰায় প্ৰতি দিনেই এটাকৈ ভিদিঅ আপলড কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আহিছোঁ।

আপোনালোকে চেনেলটি subscribe কৰি সহায় সহজোগ কৰি আমাক উৎসাহ দিবলৈ বিনম্ৰ প্ৰাৰ্থনা জনালোঁ।
ধন্যবাদ।

08/06/2023
24/03/2023

Mehao Wildlife Sanctuary: A real ocean of green paradise on earth.

Shortly sally lake

14/09/2022

ভাংৰ উপকাৰিতা জানেনে!!!ধনুষ্টঙ্কাৰ TETANUS ৰোগৰ পৰা আৰোগ্য।

https://www.youtube.com/channel/UC4NBq8vd5qAbl2LoulUJ3BQআমাৰ "আৰুগ্য" চেনেলটিৰ বিভিন্ন ৰোগৰ আয়ুৰ্বেদিক বনদৰব সমূহ আপোনা...
12/07/2021

https://www.youtube.com/channel/UC4NBq8vd5qAbl2LoulUJ3BQ
আমাৰ "আৰুগ্য" চেনেলটিৰ বিভিন্ন ৰোগৰ আয়ুৰ্বেদিক বনদৰব সমূহ আপোনালোকে কেনে পাইছে আমাক কমেন্ট যোগে জনাবলৈ নাপাহৰিব, আৰু লগতে এইদৰে বিভিন্ন ৰোগৰ বনদৰবৰ কথা জানিবলৈ আমাৰ চেনেলটি চাব্চক্ৰাইব কৰিব।
ধন্যবাদ

আমাৰ অসমৰ হাবি, বন, বাৰী, চোতাল সকলোতে নানা ধৰণৰ দৰকাৰী বনৌষধৰ গছ লতা বহু পৰিমাণে আছে। আমাৰ এই YouTube channel সহজতে পাব পৰা ন.....

11/07/2021

টনচিল, TONSILITIS পৰা আৰোগ্য
ৰোগৰ কাৰণ
সাধাৰণতে তেজৰ দোষতেই এই ৰোগ হয়। ঘোঁৰা শখলা ৰোগ হ'লেও টনচিল গ্ৰন্থি দুটা বগা বৰণৰ হয়।
ৰোগৰ লক্ষণ
কোমল তালুৰ প্ৰান্তত দুয়োফালে যি দুটি টনচিল গ্ৰন্থি থাকে সেই দুটাত ঠাণ্ডা লাগিলে ই বৃদ্ধি পায়। কেতিয়াবা পানী লগা হ'লেও এই গ্ৰন্থি বাঢ়ে। প্ৰথম অৱস্থাত জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়। খোৱা বোৱাত অসুবিধা হয়। মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হয়।

পথ্য
দোৰোণ শাক তৰকাৰী কৰি আৰু পাতত দি খাব লাগে। নিমৰ পাত, মৌ, সুমথিৰা টেঙা উপকাৰী। নেমুৰ ৰস সুপথ্য।

অপথ্য
টান বস্তু খাব নালাগে। চাহ, কফি, চেনি, আটা, ময়দা খোৱা নিষেধ। ডিঙিত ঠাণ্ডা নলগাকৈ গৰম কাপোৰেৰে বান্ধি ৰাখিব লাগে।

09/07/2021

ৰোগৰ কাৰণ
দাঁতৰ গুৰিবিলাক দুৰ্বল হ'লে, সঘনাই দাঁতৰ গুৰি ফুলা ৰোগ হ'লে, দাঁত পোকে খালে আৰু শৰীৰত কেলচিয়ামৰ অভাৱ হ'লে দাঁতৰ বিষ হয়।
ৰোগৰ লক্ষণ
প্ৰথমে পানী খালে দাঁতৰ গুৰি শিৰ শিৰাই আৰু পিছলৈ দাঁতৰ গুৰি বিষ হয়।

পথ্য
লঘু আহাৰ খাব লাগে। তিতাবেতৰ গাঁজ জুইত সেকি বিষ হোৱা দাঁতেৰে চোবাই বা কামুৰি ধৰিব লাগে। মধুৰী আমৰ পাতৰ ৰস, কেহৰাজ, মহানিমৰ ছাল পুৰি সেই ছাইৰে দাঁত মাজিব লাগে। কেলচিয়াম যুক্ত খাদ্য খোৱা ভাল। তিল চোবাই খাই পানী খাব লাগে।
অপথ্য
টান আৰু মিঠা জাতীয় বস্তু খাব নালাগে।

https://youtu.be/ZCfOTJMxh30
06/07/2021

https://youtu.be/ZCfOTJMxh30

মূৰ কামোৰণী HEADACHE পৰা আৰোগ্যৰোগৰ কাৰণবিভিন্ন ৰোগৰ কাৰণে, খোৱা বোৱা আৰু শৌচ, প্ৰস্ৰাৱ অনিয়মীয়া হ'লে, স্নায়ু দুৰ্ব.....

01/07/2021

ৰোগৰ কাৰণ
বেক্টেৰিয়াই আৰু ভেঁকুৰে আক্ৰমণ কৰিলে, বিষাক্ত বস্তু চকুত পৰিলে, চকুত আঘাত লাগিলে, খাদ্যপ্ৰাণ 'ক' শৰীৰত যথেষ্ট পৰিমাণৰ নাথাকিলে চকুৰ বিভিন্ন ৰোগ হ'ব পাৰে।
ৰোগৰ লক্ষণ
ৰোগ অনুযায়ী চকুৰ ৰোগৰ লক্ষণ ভিন্ন। চকু উঠা (conjunctivitis) ৰোগত চকু জ্বলা পোৰা কৰে, চকু বিষায় আৰু ফুলি উঠে, পানী ওলাই থাকে, পোহৰ সহ্য নহয় আৰু সামান্য জ্বৰ হয়, চকু ৰঙা দেখা যায়। ই সংক্ৰামক ৰোগ। চকুত জাল পৰা ৰোগত(catarect) চকুৰ মণিৰ পাতল ছালখনৰ ওপৰত এখন পাতল আৱৰণ পৰে। ফলত চকুত জালমাৰি ধৰাৰ দৰে লাগে। চকুৰে যিকোনো বস্তু জিলমিলকৈ দেখে, এই আৱৰণ পাছত ডাঠ হ'লে চকুৰে ভালদৰে দেখা পোৱা নাযায়। ইয়াৰ বাহিৰেও চকুৰ পৰা পানী ওলাই থকা দেখা যায়।

পথ্য
সৰু মাছৰ জোল, পকা আম, পকা অমিতা, চজিনা, নৰসিংহৰ পাত, কাঁটাখুটুৰা, ধনীয়া, বন্ধাকবি, পুৰাকল, পাণ, ভীমকল, নহৰু, মৌ, গোলনেমু সুপথ্য। গাজৰ, অপৰাজিতাৰ ফুল আৰু আমলখি উপকাৰী। পৰিষ্কাৰ ঠাণ্ডা পানীৰে চকু খুব ভালদৰে ধুব লাগে।

অপথ্য
বিড়ি, চিগাৰেট, ধপাঁত, মদ, পূৰৈশাক, জ্বলা পোৰা বস্তু, টেঙা ফলমূল, মছলা, ভাং, কানি, বেঙেনা, উৰহী খোৱা বেয়া। টোপনি খতি কৰিব নালাগে। বেছিকৈ লিখা পঢ়া আৰু দূৰ ভ্ৰমণ কৰা বেয়া। সহজে হজম নোহোৱা খাদ্য খাব নালাগে।

https://youtu.be/n12rM0v7h5I
30/06/2021

https://youtu.be/n12rM0v7h5I

সাধাৰণতে দেখা যায় যে, মাক বাপেকৰ বৰণ অনুসৰিয়েই সন্তানৰো তদ্ৰূপ বৰণ হয়। অৰ্থাৎ মাক বাপেক যদি বগা হয়, তেন্তে সন্...

Address

Dibang Forest
Roing
792110

Alerts

Be the first to know and let us send you an email when Aarugya আৰুগ্য posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Aarugya আৰুগ্য:

Shortcuts

Share