30/10/2021
সচৰাচৰ হৈ থকা এবিধ বেমাৰ হ'ল চাইনাছ বা চাইনাচিটিছ।
(A MOST COMMON DISEASE IS SINUS OR SINUSITIS)
চাইনাছ হ'ল আমাৰ শৰীৰৰ গালৰ হাড় আৰু কপালৰ পাছফালে নাকক ঘেৰি থকা সৰু সৰু বায়ুৰে পূৰ্ণ নলী। ইয়াৰ প্ৰধান কাম হৈছে আমাৰ মূৰটোক সমতা(Balance) প্ৰদান কৰা আৰু পাতল কৰি ৰখা।
লগতে ই আমাৰ মাত উন্নত কৰে (Improves our voices)।
কিন্তু, চাইনাছৰ মূখ্য কাম হৈছে, শেঙুন(Mucus) প্ৰস্তুত কৰা, যিয়ে নাকৰ ভিতৰখন ভিজাই ৰাখে। এই শেঙুনৰ আৱৰনটোৱে নাকৰ ভিতৰলৈ প্ৰদুষিত বায়ু, অনুজীৱ আৰু ধূলি-মাকতি সোমোৱাত বাধা প্ৰদান কৰে।
চাইনাছত উৎপন্ন হোৱা শেঙূন সাধাৰণতে সৰু সৰু নলীবোৰেৰে নাকৰ ভিতৰলৈ সোমায়। যেতিয়া চাইনাছিটিছ বেমাৰ হয় তেতিয়া এই নলীবোৰৰ ভিতৰত থকা আৱৰনবোৰ ফুলি উঠে আৰু নলীবোৰ বন্ধ হৈ যায়।
চাইনাছৰ ৰোগ সচৰাচৰ ভাইৰাছৰ সংক্ৰমণৰ পৰা হয়, যিয়ে সদায় উশাহ-নিশাহত বাধা প্ৰদান কৰে।
কেতিয়াবা বেক্টেৰিয়া, এনেকি, খুব কম ক্ষেত্ৰত, ভেকুৰেও সংক্ৰমণ কৰিব পাৰে। আন আন কাৰণ হ'ল, এলাৰ্জি, নাকৰ ভিতৰত হোৱা অৰ্বুদ(Nasal Polyps), এনেকি দাঁতৰ সংক্ৰমণেও চাইনাছিটিছৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
ওপৰত চাইনাছ কি আৰু ইয়াৰ ৰোগ কেনেকৈ হয় বৰ্ণনা কৰা হ'ল। কিন্তু, চাইনাছৰ ৰোগ বা চাইনাছিটিছ হ'লে কি কি সমস্যা বা কষ্ট হয় এতিয়া তাক বৰ্ণনা কৰা হ'ব।
সাধাৰণতে, নতুন চাইনাছৰ ৰোগ ঠাণ্ডা লাগি বা নাকৰ এলাৰ্জিৰ পৰা হয়। নতুনকৈ চাইনাছৰ ৰোগ হ'লে ঘনে ঘনে হাঁচি আহে, চকুৰ পৰা পানী ওলায়, নাক বন্ধ হৈ যায়, নাকৰ ভিতৰত খজুয়ায়, অত্যন্ত মূৰ বিষায়, ৰোগী অস্থিৰ হৈ পৰে। নতুন চাইনাছ ৰোগ কিছুদিন ভোগ কৰাৰ পিছত নিজে নিজেই আৰোগ্য হয়। কিন্তু, ৰোগ আঠ সপ্তাহতকৈ বেছি হ'লে ই পুৰণি ৰূপ (Chronic Sinasitis)ত পৰিণত হয় আৰু তেতিয়া ইয়াক নিৰ্মূল কৰিবলৈ টান হয়।
পুৰণি চাইনাছিটিজত ভোগা ৰোগীৰ প্ৰায়েই অসহনীয় মূৰৰ বিষ হয়। পুৱা গধূলি অত্যন্ত হাঁচি আহে। কেতিয়াবা চকুৰে সৈতে মূৰৰ বিষ হয়। নাক প্ৰায়েই বন্ধ হৈ থাকে, কেতিয়াবা এটা আৰু কেতিয়াবা দুয়োটা নাকৰ বিন্ধায়েই বন্ধ হৈ যায়। ফলত, ৰোগীয়ে মুখেৰে উশাহ লবলগীয়া হয়। তেতিয়া আকৌ ৰোগীয়ে ডিঙিৰ অসুখত ভুগিবলগীয়া হয়।
এলোপেথিক চিকিৎসা পদ্ধতিত, নাক খুলিবলৈ নাকৰ ভিতৰলৈ সোমাই দিয়া এলাৰ্জি প্ৰতিৰোধক (Anti Allergic Spray) ঔষধ দিয়ে। ই সাময়িক সকাহ দিয়ে যদিও পিছলৈ কাম নিদিয়া হয়। আনহাতে, নাকৰ ভিতৰৰ অৰ্বুদ(Polipy) আদি অস্ত্ৰপ্ৰচাৰৰ দ্বাৰা মুকলি কৰি দিলেও দুই তিনি বছৰৰ পিছত পুনৰ হোৱা দেখা যায়।
হোমিওপেথিক চিকিৎসা পদ্ধতিত এই ৰোগৰ অতি উত্তম চিকিৎসা আছে। এই ৰোগ ঔষধৰ দ্বাৰাই অতি সহজে আৰোগ্য কৰিব পাৰি। মাত্ৰ, উপযুক্ত অৰ্হতা থকা আৰু অভিজ্ঞ চিকিৎসকৰ পৰাহে ঔষধ খাব লাগে। কাৰণ, হোমিওপেথিক ঔষধে ৰোগীৰ শাৰীৰিক আৰু মানসিক চৰিত্ৰ আৰু ৰোগৰ লক্ষণ অনুযায়ীহে ক্ৰিয়া কৰে। চাইনাছ ৰোগৰ নাম লিখা বটলৰ পেটেণ্ট ঔষধেৰে ইয়াক নিৰ্মূল কৰিব পৰা নাযায়। কাৰণ, এই বিলাক ঔষধত ৰোগীৰ শাৰীৰিক আৰু মানসিক চৰিত্ৰ মিলোৱা নাথাকে, যিহেতু প্ৰত্যেক মানুহৰে শাৰীৰিক আৰু মানসিক চৰিত্ৰ বেলেগ বেলেগ হয়।
মই মোৰ ক্লিনিকত এই ৰোগৰ চিকিৎসা অতি সহজতে আৰু সঠিকভাৱে ঔষধ নিৰ্ণয় আৰু প্ৰয়োগ কৰি বহুতো ৰোগীক আৰোগ্য কৰিছোঁ।
ডাঃ দীপাংকৰ নাথ,
এম,ডি (এইছ), বি,ডি,ডি
নাথ হোমিও ক্লিনিক,
শইকীয়াচুবুৰী তেজপুৰ অসম।
ফোন ০৩৭১২২৩৬৬৭৮
(Please share this)