05/11/2025
Pharyngitis
বৰ্তমান সময়ৰ সঘনাই হোৱা বেমাৰটোৱেই হৈছে ফেৰিংজাইটিছ (Pharyngitis) বা ডিঙিৰ বিষ। এইটো সাধাৰণতে ডিঙিৰ পিছ অংশত হোৱা এক প্ৰদাহ বা সংক্রমণ, যিয়ে খোৱা-বোৱাত কষ্ট দিয়ে। ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে এই সমস্যা হ'ব পাৰে। শীতকালত এই সমস্যা সচৰাচৰ হোৱা দেখা যায়।
ফেৰিংজাইটিছৰ প্ৰধান লক্ষণসমূহ হৈছে--
ডিঙিৰ ভিতৰ ভাগ ফুলি উঠা।
খাদ্য বস্তু গিলোঁতে বিষ অনুভৱ হোৱা।
মূৰৰ বিষ, কঁপনি উঠা, বা জ্বৰ হোৱা।
মুখৰ পৰা দুৰ্গন্ধৰ লগতে শুকান কাহ হোৱা।
ডিঙিত কিবা লাগি ধৰাৰ দৰে অনুভৱ হোৱা।
শ্বাস-প্ৰশ্বাসত সামান্য অসুবিধা।
এলেহুৱা আৰু দুৰ্বলতা ভাৱ।
প্ৰাথমিক চিকিৎসা হিছাপে কুহুমীয়া নিমখ পানীৰে কুল-কুলি কৰিব পাৰে। ই ডিঙিৰ বিষ আৰু প্ৰদাহ কমোৱাত সহায় কৰে। প্ৰচুৰ পানী খাওক,পানীয়ে শৰীৰটোক হাইড্ৰেট কৰি ৰাখি ডিঙিৰ শুষ্কতা কমাব। পনীয়া আহাৰ গ্ৰহণ কৰিব লাগে।
পৰ্যাপ্ত জিৰণি লওক, কিয়নো শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ জিৰণি অতি জৰুৰী।
গৰম কাপোৰ ব্যৱহাৰ কৰি ঠাণ্ডাৰ পৰা বাচি থকাতো অত্যন্ত প্ৰয়োজন।
ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখি খোৱাৰ আগতে হাত ধুই ল'ব লাগে। ৰোগীয়ে ব্যৱহাৰ কৰা টুথব্ৰাছ, পাত্ৰ আদি বেলেগকৈ ৰাখিব লাগে।
ঠাণ্ডা পানী আৰু ফ্ৰীজৰ বস্তু নাখাব, এইবোৰে ডিঙিৰ সমস্যা বঢ়াব পাৰে।
ধূমপান বা মদ্যপান নকৰিব,এইবোৰে ডিঙিৰ আৱৰণক অধিক ক্ষতি কৰে।
সংক্ৰমিত ব্যক্তিৰ ওচৰত বেছি সময় নাথাকিব, ফেৰিংজাইটিছ সংক্ৰামক হ'ব পাৰে।
হোমিও'পেথিক মেডিচিন ব্যবহাৰ কৰি
ফেৰিংজাইটিছ (Pharyngitis) ৰোগ সম্পূৰ্ণৰুপে আৰোগ্য কৰিব পাৰিব।ফেৰিংজাইটিছৰ বাবে কেইটামান সাধাৰণতে ব্যৱহাৰ কৰা হোমিঅ'পেথিক ঔষধ আলোচনা কৰা হৈছে.....
Belladonna: যদি হঠাতে ডিঙিত বিষ হয়, ডিঙি ৰঙা পৰি ফুলি উঠে, আৰু জ্বৰ থাকে, তেন্তে এই ঔষধটো অত্যন্ত উপযোগী ।
Hepar Sulph: ডিঙিত কিবা এটা ফুটা যেন অনুভৱ হ'লে বা কাঁইট লগা যেন বিষ হ'লে এই ঔষধ ব্যৱহাৰ কৰা হয়। ঠাণ্ডা পানী বা বতাহৰ সংস্পৰ্শলৈ আহিলে বিষ বাঢ়ে, গৰম খালে আৰাম লাগে।
Mercurius Solubilis: ডিঙি ফুলা, টনছিলত ঘা হোৱা, আৰু মুখৰ পৰা বেয়া গোন্ধ ওলালে এই ঔষধ দিয়া হয়। ৰাতি বা বতৰ সলনি হ'লে লক্ষণবোৰ বাঢ়ে।
Phytolacca: ডিঙিৰ পিছফালৰ অংশ গাঢ় ৰঙা বা নীলা পৰিলে, গিলিবলৈ কষ্ট হ'লে আৰু কাণলৈ বিষ বিয়পিলে এই ঔষধ ব্যৱহাৰ কৰা হয়।
Lachesis: ডিঙিৰ বিষ বাওঁ ফালৰ পৰা আৰম্ভ হৈ সোঁ ফাললৈ বিয়পিলে বা তৰল পদাৰ্থ গিলাত বেছি কষ্ট হ'লে এই ঔষধটো উপযোগী।
Bryonia: শুকান কাহৰ সৈতে ডিঙিৰ বিষ হ'লে এই ঔষধটো ব্যৱহাৰ কৰা হয়।
এটি অনুৰুধ🙏
হোমিঅ'পেথিক চিকিৎসা লক্ষণভিত্তিক হয়, গতিকে ৰোগীৰ সকলো লক্ষণৰ ওপৰত নিৰ্ভৰ কৰিহে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ লোৱা উচিত। নিজে নিজে ঔষধ নাখাই কোনো হোমিঅ'পেথিক চিকিৎসকৰ সৈতে যোগাযোগ কৰক।