28/01/2026
ভাৰ্টিগোৰ বিষয়ে সংক্ষিপ্ত জ্ঞান
ভাৰ্টিগো হৈছে এনে ৰোগ য'ত আপুনি নিজকে বা আশে-পাশেৰ বস্তুবোৰ লৰচৰ বা ঘূৰি থকাৰ অনুভৱ কৰে, যদিও আপুনি স্থিৰ হৈ আছে। ইয়াৰ মূল কাৰণ হৈছে কাণৰ ভিতৰৰ অংশ (Inner Ear)ৰ সমস্যা, যেনে BPPV, লেবাৰিণ্থাইটিছ, মেনিয়েৰৰ ৰোগ বা স্ট্ৰেছ|
লক্ষণসমূহ: ঘূৰি পৰা অনুভৱ, ভাৰসাম্য হেৰুৱা, বমি বমি ভাৱ।
প্রতিকাৰ: ধীৰে ধীৰে লৰচৰ কৰক, পানী বেছি পান কৰক, ট্ৰিগাৰ এৰাই চলক। অন্ধকাৰ ঠাই পৰিহাৰ কৰক | চিকিৎসাৰ বাবে ENT ডাক্তৰক দেখুৱাক;
ওষধ, VRT ব্যায়াম জৰিয়তে সুস্থ হ’ব পাৰি। যদি মূৰৰ বিষ বা দৃষ্টি সমস্যা হয়, তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'ব|
VNG বা Videonystagmography হৈছে এক উন্নত প্ৰযুক্তি যিয়ে কাণৰ ভিতৰৰ ভেষ্টিবোলাৰ ব্যৱস্থা আৰু চকুৰ অস্বাভাৱিক লৰচৰ ( Nystagmus ) পৰিক্ষা কৰে| ই মুৰ ঘূৰণীৰ সমস্যাৰ সঠিক কাৰণ নিৰ্ণয়ত সহায়ক হয়|